কবিতাঃ
চৰাই
নাহো বুলিয়ে নাহিলি,
যদিও মই জানো
মোৰ চোতালত খুদ-কন খায়
মহলা মৰাৰ সময় তোৰ নাই৷
তথাপিও আশা কৰিছিলো তই আহিবি,
দি যাবি ডেউকা মেলি
আকাশ বিচৰাৰ কেচেলুৱা পাঠ৷
কিদৰে পাহাৰ বগাই
জগাই আহ্ পাহাৰী কণ্যাৰ জাক,
ভৈয়ামৰ চহৰ, চহৰৰ চিনেমা, আলি গলিৰ বিপ্লৱৰ
কথাৰে সিহঁতক কৰ আপোন-পাহৰা;
তোৰ ঠোঁটত নিয়া প্লাষ্টিকৰ ফুল দেখি
সিহঁতে খিলখিল হাঁহিৰে যে সোধে
এইয়াই কি প্ৰগতি, এইয়াই কি প্ৰযুক্তি;
তই কি উত্তৰ দিয় হয়নে?
অচিৰেই প্ৰগতিয়ে খহাব পাহাৰ
শেষ কৰিব হাবি,
আজলী-হাৰলি বন-কুঁৱৰী
তহঁত কলৈ যাবি?
কথা শুনি বন-কুঁৱৰীৰ মনত
ভয় লাগে, জুঁই লাগে
তাৰেই ৰঙা ৰঙা পোহৰত
হাবি জিলিকে, পাহাৰ জিলিকে
তই তাতেই ব্যস্ত চাগে?
শুনিছো সেই জুইত তই জাপ দিয়াৰ কথা
দূৰ কৰিম বুলি হাজাৰ জনৰ বেথা,
কথা দিছ হেনো বন-কুৱৰীক, অপেক্ষাৰ ৰাতি হব শেষ
সলনি হব শাসক, সলনি হব ভেশ, সলনি হব দেশ
ফিনিক্স পখীৰ গানত পুৱাব
কহুৱা কোমল পুৱা…
No comments:
Post a Comment