অসমীয়া চফট ৰকঃ
ভালপোৱাৰ কত বসন্ত
পাৰ হৈ গ’ল
তোৰ দুহাতৰ জেতুকাৰে
জীৱন ৰাঙলী হ’ল
কত হাঁহি কত কান্দোন
নিয়তিৰো কত নাচোন
পাৰ কৰিলো
দুহাতে দুহাত ধৰি
হেপাঁহৰে তোৰে আখল
উচৱৰ দৰেই যে উখল মাখল
মোৰ চকুপানীৰ সাগৰ মচিও
উৰুৱাৱ সুখৰে আচল
এন্ধাৰ ৰাতিৰ বুকুত জ্বলে
মৰমৰ উমাল চাকি
একেই পথৰ পথিক আমি
এই বাট কিমান বাকী?
তোৰে সজাল উৰণীতে
থমকে বিষাদৰ দিন
ধুমুহায়ো আহি হাৰেই মানে
ৰ’দালি নহয়চোন লীন
কিনো লাগে জীৱনতে
যদি দুহাতে দুহাত ধৰা
ৰামধেনুৰ সাতো ৰঙে
সদায়েই (আমাৰ) আকাশ ভৰা....
ভালপোৱাৰ কত বসন্ত
পাৰ হৈ গ’ল
তোৰ দুহাতৰ জেতুকাৰে
জীৱন ৰাঙলী হ’ল...
(জন্মদিনৰ উপহাৰ ৰূপে Monali C. Dutta শ্ৰীমতীৰ হাতত)
ভালপোৱাৰ কত বসন্ত
পাৰ হৈ গ’ল
তোৰ দুহাতৰ জেতুকাৰে
জীৱন ৰাঙলী হ’ল
কত হাঁহি কত কান্দোন
নিয়তিৰো কত নাচোন
পাৰ কৰিলো
দুহাতে দুহাত ধৰি
হেপাঁহৰে তোৰে আখল
উচৱৰ দৰেই যে উখল মাখল
মোৰ চকুপানীৰ সাগৰ মচিও
উৰুৱাৱ সুখৰে আচল
এন্ধাৰ ৰাতিৰ বুকুত জ্বলে
মৰমৰ উমাল চাকি
একেই পথৰ পথিক আমি
এই বাট কিমান বাকী?
তোৰে সজাল উৰণীতে
থমকে বিষাদৰ দিন
ধুমুহায়ো আহি হাৰেই মানে
ৰ’দালি নহয়চোন লীন
কিনো লাগে জীৱনতে
যদি দুহাতে দুহাত ধৰা
ৰামধেনুৰ সাতো ৰঙে
সদায়েই (আমাৰ) আকাশ ভৰা....
ভালপোৱাৰ কত বসন্ত
পাৰ হৈ গ’ল
তোৰ দুহাতৰ জেতুকাৰে
জীৱন ৰাঙলী হ’ল...
(জন্মদিনৰ উপহাৰ ৰূপে Monali C. Dutta শ্ৰীমতীৰ হাতত)
No comments:
Post a Comment