অতি প্ৰাসংগিকঃ চাংমা চাৰলৈ চাই - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

অতি প্ৰাসংগিকঃ  চাংমা চাৰলৈ চাই

অতি প্ৰাসংগিকঃ চাংমা চাৰলৈ চাই

Share This

অতি প্ৰাসংগিকঃ 
চাংমা চাৰলৈ চাই

সন্ধিয়াটো অলপ আড্ডা মাৰো বুলি বন্ধুবৰলৈ ফোন কৰিলো৷ তেওঁ আহিল, কয়লাৰ ৰাজধানী স্বৰূপ ধানবাদৰ কাহিনীৰে অনুৰাগ কাশ্যপৰ নতুন চিনেমাখন চাবলৈ লগ ধৰিলে৷ বন্ধুৰ ঘৰ ধানবাদতে, গধুলিৰ দৰ্শনীৰ দাম আঢ়ৈশ টকাৰ ওপৰত, সেয়ে চাবলৈ যোৱাটো বাতিলেই কৰি দিলো৷ দুয়ো গৈ বহিলো এখন খোজকঢ়া পাৰ্কৰ বেন্সত৷

তেখেতে অভিনন্দন জনালে৷ বোলো কিহৰ বাবে হে? নহয় তোমাৰ উত্তৰ পূৱৰ চাংমা চাহাব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত উঠিছে, সেয়ে৷ চাপৰ্ট কৰিছা নহয়? তেখেতৰ প্ৰশ্ন৷ কি উত্তৰ দিও বুজি নাপালো৷
উত্তৰ নিদি এটা প্ৰশ্নকে কৰিলো৷ আপুনি চাংমা চাৰক কি কাৰণে বিখ্যাত বুলি জানে? আপুনিতো চাগৈ তেখেতক উত্তৰ পূৱৰ উগ্ৰপন্থীৰ সমস্যা সমাধানৰ বাবে সংসদৰ বাহিৰত ধৰ্ণা দিয়া দেখিছে! বাংলাদেশীয়ে উত্তৰ পূৱক চানি ধৰাৰ বিষয়ত সদন ত্যাগ কৰা দেখিছে! উত্তৰ পূৱক কাশ্মীৰৰ দৰে বিশেষ মৰ্যদা দিয়াৰ বাবে হোৱা আন্দোলনত গুৰি ধৰা দেখিছে? বান সমস্যাক যুগলৈ নিশ্চিহ্ণ কৰিব পৰাকৈ টাস্ক ফৰ্চ পাতি হাতে কামে লাগি যোৱা দেখি্ছে৷ মেঘালয়ৰ কেঁচামাল চূণশিল, খনিজ সম্পদৰ ওপৰত মেঘালয়ৰ জনজাতীয় ৰাইজৰ অধিকাৰ সাব্যস্তকৰণৰ বাবে এক সুনিৰ্দিষ্ট নতুন নীতিৰ পোষকতা কৰি আত্মজাহৰ প্ৰস্তুতিৰে বাতৰি কাকতৰ শিৰোনামা দখল কৰা দেখিছেই! নদী সংযোগী আঁচনি হ’লে তেজ দিম, পাহাৰ খানি শেষ কৰিলে জান দিম, বৃহৎ নদী-বান্ধেৰে জনজাতীয়-অজনজাতীয় ৰাইজলৈ ভাবুকি আহিলে বান্ধ-ৰোধিবৰ বাবে সকলো শক্তিৰে যুঁজ দিম বুলি হুংকাৰ দি সংসদৰ বাহিৰে-ভিতৰে আকাশ পাতাল কঁপাই থকাটো আপুনি দেখিছেই৷ এনচিপিৰ সকলো সাংসদক লৈ উত্তৰ পূৱৰ বাবে ৰেল কেইখনমানৰ ব্যৱস্থা, দিল্লীত উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীক সুৰক্ষা দিবৰ বাবে নাচোৰবান্দা হৈ শীলা দীক্ষিতৰ সতে চুলিয়া-চুলি হোৱাৰ উপক্ৰম কৰা, কপিল চিবালক আঙুলি টোৱাই নিদিৰ্ষ্ট সময়সীমা বান্ধি দি প্ৰিণ্ট তথা ইলেক্ট্ৰনিক মেডিয়াৰ মঞ্চত উত্তৰ-পূৱৰ সঠিক আৰু সৱল প্ৰতিনিধি ৰূপে থিয় দিয়াটো চাগে আপুনি প্ৰত্যক্ষ কৰিছেই……???

আৰে উত্তৰ-পূৱ ভাৰতত ইমান সমস্যা আছে বুলি দেখোন মই নাজানোৱে, বন্ধুৱে হামৰাও কাঢ়ি ক’লে৷ ধানবাদ উ্ত্তৰ-পূৱৰ পৰা ভাৰতৰ মূল ভূ-খণ্ডলৈ যোৱাৰ বাটত দুৱাৰডলি বুলিয়েই কব লাগিব, তথাপি তেওঁ নাজানে! অসম-অৰুনাচললৈ তেল কোম্পানীত মাইনিং পঢ়াকালতে ট্ৰেইনিংলৈ যোৱা বন্ধুক সুধিলো, তেন্তে উত্তৰ-পূৱত কি আছে বুলিনো তুমি জানা? ক’লে- টেৰৰিষ্ট হ্যে, অউৰ বহুত চাৰে গ্ৰীনেৰিজ! হয় হয়, লাজতে মূৰ দুপিয়ালো৷
তেন্তে তুমি চাংমা চাৰক কি, ক’ত কিয় বিখ্যাত বুলি জানা? তেওঁ ক’লে- কিয় তেওঁ সংসদৰ অধ্যক্ষ হৈ থাকোতে কাজিয়াবোৰ বৰ ভালকৈ মেনেজ কৰিব পাৰিছিল৷ তেখেতৰ কোৱাৰ ষ্টাইল আদি মীৰা কুমাৰৰ একঘেঁমীয়া “বেইথ যায়িয়ে, “বেইথ যায়িয়ে”তকৈ বহুগুণে এণ্টাৰ-টেইনিং আছিল!
আৰু কি বুলি জানা? উত্তৰ-কিয় তেওঁৰ জীয়েক দেশৰ ভিতৰতে আটাতকৈ কমবয়তে কেন্দ্ৰীয় মন্ত্ৰী হোৱা ছোৱালী নহয় জানো৷ হয় হয়৷ মই হয়-ভৰ দিলো৷ এতিয়া চোৱা বন্ধু, মোৰ দৃষ্টিতো তেখেতৰ পৰিচয় সিমানেই, উত্তৰ-পূৱত ঘৰ, অধ্যক্ষ ৰূপে এণ্টাৰটেইনিং আছিল আৰু জীয়েকক কেন্দ্ৰীয় মন্ত্ৰী বনোৱাৰ দৰদামত সিদ্ধহস্ত এজন সফল পিতৃ৷ মই জনাত মেঘালয়তো পুত্ৰ-ভতিজাইয়ো শাসনৰ ৰস-টুপিয়েই খায় জীয়াই আছে৷
ভাৰতীয় গণতন্ত্ৰত পৰিয়ালক প্ৰতিস্থা কৰাৰ অন্যতম হোতা ৰূপেই তেখেতকো জানো৷ এতিয়া যেতিয়া মাওবাদী হৈ জনজাতীয় মানুহে হাতত বন্দুক তুলি লৈছে, হাজাৰ জনৰ জীৱন-সংসাৰ-পৰিয়াল-গাঁও নিশ্চিহ্ন হৈছে৷ তেতিয়া তেওঁ আজি-কোপতি সাধাৰণ জনজাতীয় লোকৰ জীৱন-অস্তিত্ব ৰক্ষাৰ বাবে সৱল ৰূপত মাত নমতা-কাম নকৰা মানুহজনে, ট্ৰাইবেলৰ ট্ৰাম্প কাৰ্ড লৈ নিৰ্বাচন খেলিবলৈ আহিছে৷ মাটি, খনি, হাবি যেন তেওঁৰহে আছিল, তেওঁ যেন সেই সাধাৰণ খাটি খোৱা জনজাতীয় মানুহৰ প্ৰতিভূ৷ তেওঁৰ দলৰ চৰকাৰে সকলো কোম্পানীক সঁপি দিয়াৰ নীতি তৈয়াৰ কৰি দেশখন ছাৰখাৰ কৰাৰ সময়ত তেওঁৰ ট্ৰাইবেল স্থিতি ক’ত আছিল?

তেখেতে চাগৈ ভাবিছে বৃহৎ মাইনিং কোম্পানীয়ে ট্ৰাইবেলৰ জনকল্যানৰ নামত এনজিঅ’ আদিৰ জৰিয়তে প্ৰগতিৰ আফিং চটিয়াই জনজাতীয় ৰাইজৰ মন-জিকাৰ চেষ্টা কৰাৰ সময়তে, এই ট্ৰাইবেলৰ ট্ৰাম্প কাৰ্ডখন খেলাই যাওক৷ যুগে যুগে জনজাতীয় নেতাৰ ৰাজভোগ কৰাৰ পাছত শেষ খেলৰ বাবে অনুকুল বতৰ পাই চাংমা চাৰ ৰঙতে ৰাঙলী হৈ উঠিছে!

এতিয়া কোৱা বন্ধু, চাংমা চাৰক জনজাতীয় প্ৰতিনিধি ৰূপে কৰা জনজাতীয় ৰাইজৰ কল্যানৰ বাবে এতিয়ালৈকে কৰা কামৰ সফলতাৰ বাবে তেখেতক নিশ্চয়েই আমি সমৰ্থন কিৰব লাগিব৷ উত্তৰ-পূৱ ভাৰতৰ উন্নয়নৰ বাবে তেওঁ ৰাষ্ট্ৰীয় মঞ্চত কৰা সকলো সফল কাৰচাজিৰ বাবে এজন উত্তৰ-পূৱৰ সাংসদ বা মানুহ ৰূপে তেওঁক সমৰ্থন কৰো!

নে তেখেতক সমৰ্থন কৰো মষ্ট এফিচিয়েণ্ট এণ্টাৰ-টেইনাৰ ৰূপে, বা বিদেশী বুলি ঘিনোৱা ছোনিয়াৰ আশীষ লৈ জীয়াৰীৰ কেৰিয়াৰ বনোৱা সফল পিতৃ ৰূপে?

বন্ধু তেতিয়া নিমাত; পিছে আপুনি?

No comments:

Post a Comment

Sponsor

AD BANNER

Pages