এটা গজালৰ সাধু
ধাতু গলা জুইৰ উতাপত
যাৰ জন্ম
বুকুত ৰোপিত হয়
আনক শেলাৰ হেপাঁহ আজন্ম;
কঠিন ধাতুৰে গঢ়া দেহ
হিম চেচাঁ শীতে লৌহ কৰা
বুকু,
হাজাৰ আঘাত সহিব পৰা
সহিষ্ণু হৃদয়…
হাবিৰ সেউজীয়া সি ভাল
নাপায়
ভাল নাপায় গছ
ভাল নাপায় সিহঁতৰ উদং
বুকু৷
শীতৰ ৰাতি জোনে যেতিয়া
গছবোৰৰ সতে চুপতি কৰে
উস্ কি গোপন অভিসাৰ
বুলি সি জ্বলি পুৰি মৰে৷
সি শপত লয় উজাগৰী ৰাতি
এদিন চাবি, তহঁতৰ বুকু
ভেদি বোৱাম
প্ৰেমৰ অশ্ৰুনদী….
ইৰ্ষাৰ বাবেই সহ্য কৰে
হাজাৰ হাতুৰীৰ কোব
ফাটি যোৱা পিঠিতো যেন
আঁকি লয়
হেপাঁহ পুৰোৱাৰ নিৰ্মম
পৰিতৃপ্তি;
অথচ সি নাজানে
ক্ৰুছবিদ্ধ কৰি সিয়েই মহান কৰে যীশুক
কাঠৰ বুকু ভেদিও
জীৱনত শিকাৰ মেজ উপহাৰ
দিয়ে হাজাৰ শিশুক…..
No comments:
Post a Comment