বিক্ষিপ্ত - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বিক্ষিপ্ত

বিক্ষিপ্ত

Share This

অসমৰ বান, চিৰিয়ানৰ প্ৰাণ ইত্যাদি....

---------------
গৌৰৱ তুলনাৰ পৰে উপজে কথাষাৰ সৰোগত কৰকেই বা আইনষ্টাইনৰ ৰিলেটিভিৰ কথাই ধৰক, কিন্তু মানুহে পৰিস্থিতি একোটা হৃদয়ংগম কৰিবলৈ যাওতে সচেতন বা অৱচেতন ভাৱেই আনৰ সৈতে তুলনা কৰিবলৈ নেৰে। গৌৰৱৰ প্ৰসংগত শৰ্মাৰ পুতেকৰ ৰিজাল্টৰ বাবে চুবুৰীৰ নৱ-প্ৰজন্মৰ কৰ্ণপটহত পিতৃ-মাতৃৰ মৌখিক অত্যাচাৰৰ তালিকাখনো ধৰিব পাৰে। একেই ধৰণে সমস্যাৰ ক্ষেত্ৰতো একেই বিড়ম্বনা!
ভাৰতীয় ষ্টেণ্ড-আপ কমেডিৰ অন্যতম জনপ্ৰিয় উদীয়মান শিল্পী ডেনিয়েল ফাৰ্ণাণ্ডেজৰ কথাৰেই, আজি আমি আমাৰ দেশত নেট-স্পিড আজি কম, থ্ৰী-জিৰ সলনি টু-জি চিগনেল মোবাইলত দেখা পোৱাটোকেই ডাঙৰ সমস্যা বুলি ভাবিবলৈ লৈছো! কিন্তু সেই সকলৰ কথাও এবাৰ ভাৱকচোন, চিৰিয়াৰ দৰে একেখন পৃথিৱীৰে গৃহযুদ্ধ/পৰে হস্তক্ষেপ কৰা যুদ্ধত ঘৰ-বাৰী হেৰুৱা লোক সকললৈ। ডেনিয়েলে কোৱাৰ দৰেই they are not leaving their country, there fleeing from their country. দুয়োটাৰ মাজত বিশাল পাৰ্থক্য আছে। প্ৰথমটোত নিৰ্দিষ্ট সময়ৰ বাবে ঘৰ এৰিহে যোৱাটো বুজায়, কিন্তু দ্বিতীয় বিধৰ অৰ্থ, তেওঁলোকে ঘৰবাৰী, জন্মভূমি এৰি পলাই গৈছে, যত উভতি অহাটো বাদেই, কলৈ যাব তাৰো স্থিৰতা নাই! কোনোবা দেশে শৰৰ্ণাথী হিচাবে গ্ৰহণ কৰিবনে নে পলৰীয়া পথতেই সকলো হেৰুৱায়ো বুকুত বান্ধি নিয়া কনমানি অথবা সাৰথিকো হেৰুৱাই নিথৰুৱা হব তাৰো ঠিকনা নাই!
ডেনিয়েলে বিশ্বৰ দৰবাৰত মানৱতা অথবা মানৱ অধিকাৰৰ তথাকথিত ধ্বজ উৰুৱাই গৌৰৱৰ বুকু ফিণ্ডাই থকা বিশ্বৰ শক্তিমান দেশ সমূহেও মানৱ অধিকাৰৰ গণ হত্যাৰ এই ক্ষণতো যেন একোৱেই হোৱা নাই, সিফালে মুখ ঘূৰাই পিজা-বাৰ্গাৰত টপিঙত কি দিলে জুতি উঠিব তাত মনোনিৱেশ কৰাই শ্ৰেয় হব ধৰণৰ মনোভাৱৰ প্ৰদৰ্শনকে উপহাস কৰিছে! কোনোবা এখন দেশে অহা ৫ বছৰত ২০হাজাৰ শৰণাৰ্থী মানে এই বছৰ কেৱল পাঁচ হাজাৰ মানুহক শৰণাৰ্থী হিচাবে লোৱাৰ বাবে সিদ্ধান্ত লোৱাৰ ঘটনাকো হাস্যৰসেৰে বিবেকৰ তুলাচনীত তুলিছে! একেই ধৰণৰ কথাই অসমৰ ক্ষেত্ৰতো জানো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ঘটি থকা নাই?
গোৰগাঁৱা, বেংগেলুৰু আদিত এনিশাৰ বৰষুণে সৃষ্টি কৰা ফ্লাশ্ব ফ্লাডেই কওকবা বৰষুণৰ পানীৰে উপচা এদিনীয়া দুৰৱস্থাক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ৰৌ-তে ঢৌ তোলা পৰিলক্ষিত হৈছে। হৰপ্পাৰ দৰে চেনিটেৰী আৰু ড্ৰেইনেজৰ বিশাল বুৰঞ্জীৰ হিন্দু সভ্যতাৰ উত্তৰসুৰী বুলি দাবী কৰা বিশাল ভাৰতীয় সমাজে যে আধুনিক মহানগৰৰ পয়প্ৰণালী ব্যৱস্থাকে সুস্থিৰ কৰি গঢ়ি তুলিব পৰা নাই সেইটো প্ৰতীয়মান হৈছেই। ইমান দিনে এই ক্ষেত্ৰত সফলতা নলভা বাবেই গুৱাহাটীও বাৰে বাৰে একেই ধৰণৰ সমস্যাত জৰ্জৰিত হৈ আছেই। স্বচ্ছ ভাৰতৰ বাবে এই পুৰণি গৌৰৱ পয়-প্ৰণালী পদ্ধতিৰ আধুনিক আৰু কাৰ্যক্ষম ব্যৱস্থা কৰি লব নোৱাৰাটো সঁচাকৈয়ে ভাৰতীয় আধুনিক সভ্যতাৰ বাবে, বিজ্ঞানৰ বাবে, ব্যৱস্থাপনা বিকাশ কৰা ক্ষেত্ৰ সমূহৰ বাবেই লজ্জাজনক নহয়নে?
যি কি নহওক, নেৰা-নেপেৰা বৰষুণৰ পানীৰে উপচি পৰি ৰাজপথত ১৫কিল'মিটাৰ দীঘল জাম লগা আৰু ১৫ ঘণ্টাতকৈ ওপৰ ঘৰলৈ উভতি যাব নোৱাৰা সমস্যাকেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুৰ্যোগৰ দৰে নেচনেল মেডিয়াই উপস্থাপন কৰি আছে! এই কথাটো এবাৰ ভাবি চাওকচোন, এইসকল মহানগৰবাসীয়ে ভোগা দুৰ্ভোগৰো অন্ত পৰা উচিত বা তাৰ প্ৰতিকাৰ অতি সোনকালেই গঢ়ি তোলা উচিত। কিন্তু তেওঁলোকৰ ক্ষেত্ৰতটো ঘৰমুৱা মানুহৰ ১৫ ঘণ্টীয়া দেৰি হোৱাৰ সমস্যাহে! অসমৰ এতিয়া চাওকচোন ১৫লাখ লোকৰ ঘৰ-বাৰী ডুব গৈ যাবলৈ গৃহহীন হোৱাৰ অৱ্স্থা! কিবা তুলনা হয় নে দুৰ্দশাৰো! কোনোবা শিবিৰত, মাথাউৰিত আশ্ৰিত হব লগা হৈছে ঘৰ এৰা মানুহবোৰে। কেতিয়া পানীয়ে মহটিয়াই নিয়া ঘৰ-ভেটি উদ্ধাৰ হয়, ভেটি থাকেনে নে নদীয়ে নিলেই. আপোন ঘৰখনলৈ কেতিয়ালৈ বা উভতি যাবলৈ পাৰে নে নোৱাৰে তাৰো নিশ্চয়তা নোহোৱা সকলৰ দুৱৰস্থা সেই চিৰিয়ান সকলৰ নিচিনাই হৈ পৰা নাইনে! জন্মভূমিতে শৰণাৰ্থী!
অথচ ৰাষ্ট্ৰীয় মেডিয়াই সকলো বুজিও নেদেখাৰ ভেশচন ধৰিছে! ভাৰত মাতা-কী জয়, অষ্ট লক্ষ্মী বুলি হৃদয় এক বিজ্ঞাপন কৰিবলৈ অহা, মোল্লাৰ দৌৰ মছজিদ টাইপ বাধ্যতামূলক ভ্ৰমণত আহি মা কামাখ্যাত কপাল ৰঙা কৰি যোৱা সেৱকী সকলৰোচোন সাৰি সিকতি নাই! সেই সকলো চাগৈ পিজ্জা বাৰ্গাৰৰ টপিঙ নিৰ্ণয় জাতীয় গৱেষণাতে মগ্ন! বিহাৰতো ভূটানৰ নদী-বান্ধৰ বাঢ়নী পানী খোলাৰ ভয়ংকৰ ঘটনাৱলীও অসমৰ চেনেলে এতিয়া মানুহে ভয় খাব বুলিয়ে চাগৈ বাৰুকৈ দেখুওৱা নাই! অসমৰ বৰ্তমানৰ নদী-ব্যৱস্থাজনিত অব্যৱস্থাৰ কুফলৰ উপৰিও, অদূৰ ভৱিষ্যতে নদী-বান্ধৰ পানী খোলাৰ ভৱিষ্য শংকাৰ কথাও কিন্ত আজিৰ তাৰিখৰ আঞ্চলিক, ৰাষ্ট্ৰীয় চেনেল পকায়ো আমি আজি আৰু অহাকালিৰ বেমাৰবোৰ কত, তাক উপলদ্ধি কৰিব লাগিব বা সচেতন হৈ থাকিব লাগিব!
প্ৰাকৃতিক কাৰণত শৰণাৰ্থী হোৱা স্ব-জাতি তথা স্ব-দেশৰ নাগৰিক সকলৰ ক্ষতিপূৰণৰ বাবে চীনৰ দৰেই এক সুসন্মত নীতি তৈয়াৰ কৰাৰ প্ৰয়োজন আহিছে। সাহাৰ্য বিতৰণতে দায় সৰাৰ ৰাজনৈতিক সিদ্ধান্তবোৰৰ উৰ্ধত দীৰ্ঘদিন ধৰি প্ৰাকৃতিক কাৰণত পীড়িত, মাথাউৰিয়েই ঘৰ হোৱা সকলৰ বিকল্প বাসভূমিত পুনৰ সংস্থাপনৰ নিশ্চিতিৰ প্ৰসংগও আজিৰ পৰিবেশত আলোচনা হোৱা উচিত। ৰিলিফৰ ধন, বান মানেই কাৰোবাৰ ধনৰ উজান জাতীয় পুৰণি বেমাৰ সমূহৰো প্ৰতিকাৰ এতিয়া ৰাইজেই কৰিব লাগিব। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সম্পদ লক্ষ্মী, সমস্যাবোৰ আপদ, এই ধৰণৰ চিন্তাকো চিৰদিনলৈ প্ৰতিহত কৰিব লাগিব। তাৰ বাবে দল-মত-নিৰ্বিশেষে ৰাইজে অসমৰ ৰাইজৰ স্বাৰ্থ আৰু ভৱিষ্যতক সুৰক্ষিত কৰিবলৈ ঐক্যবদ্ধ হব লাগিব, সহমত ৰাখিব লাগিব, সেই কথাও কিন্তু নিশ্চিত!
----------------------------------------------------------------------------------
পুনশ্চঃ ডেনিয়েল ফাৰ্ণাণ্ডেজহঁতৰ দৰেই কেতিয়াবা মোবাইলতে ভিডিঅ' কৰি যেন হাস্যৰসেৰেই এইবোৰৰ প্ৰতিবাদ জনাম তেনেকুৱা লাগে। যেনে- মাই নেম ইজ অজয় লাল, বাট আই এম নট ফ্ৰম নে-পাল! আই এম ফ্ৰম অাচাম, কাশ্মীৰৱালা ইচ্যু মে দেইলী চিল্লানেৱালা অৰ্ণৱ ভী মেৰে জেইচা 'আচামী' হেই, বিশ্বাস কৰ লৌ ভাই, মা কচম!
কেতিয়াবা এনেলাগে যেন নেচনেল মেডিয়াৰ সম্পাদক কেইজনক টেগ কৰি টুইট কৰি যেন কম, টোল টো দেখিয়ে ভাইজী, গোঁৰগাৱা মেইন এক ভী নহী, হমনে ট' টোল ভী ভৰা হেই, ২০-২৫ট' নিকলা পৰা! আদমী মৰা হে না? না চাহেব, য়ে চব তো গো-মাতা কা বেটা-বেটীহি হেই! গো-মাতাৰ নামেও ৰাষ্ট্ৰীয়তাবাদৰ ভক্ত সকলক অলপ সুৰসুৰাব পাৰেইবা! নে কি কয়!

No comments:

Post a Comment

Sponsor

AD BANNER

Pages