উন্মীলন - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

উন্মীলন

উন্মীলন

Share This
টকা নিষিদ্ধকৰণঃ প্ৰথম দৃষ্টিৰ প্ৰেম বনাম বাস্তৱ 

----------------------------------------------------
অজয় লাল দত্ত
-------------------------------------------------------

(১)

আঠ নৱেম্বৰৰ সন্ধিয়া ভাৰতৰ ৫০০ আৰু ১০০০টকীয়া নোটক অচল ঘোষণা কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত বেংকত জমা কৰা বা সলাই লোৱাৰ চৰ্তৰে আৰম্ভ হোৱা বিশাল 'ডিমানিটাইজেচন' ড্ৰাইভক এক মাষ্টাৰষ্ট্ৰোক আখ্যা দিছিলো। এয়া চ'ছিয়েল মেডিয়াত প্ৰকাশ কৰা প্ৰথম দৃষ্টিৰ প্ৰতিক্ৰিয়া আছিল আৰু সেই সাহসী সিদ্ধান্তৰ বাবে সমাজৰ সৰহ সংখ্যক মানুহেই প্ৰধানমন্ত্ৰীক প্ৰশংসাৰে উপচাই দিছিল, আমিও।

সিদিনা টিভিৰ পৰ্দাত লাইভ ঘোষণাৰ পাছত এক মুহূৰ্তও দেৰি নকৰি খোৱা-পাতৰ ভাত আধাতে এৰি ঘৰৰ পৰা ওলাই গৈছিলো। কাৰণ সেই সন্ধিয়াই এটিএমৰ পৰা তিনি হাজাৰ টকা উলিয়াওতে তিনিওখনেই হাজাৰ টকীয়া নোট লাভ কৰিছিলো। তাৰ বাহিৰে হাতত ফুটা-কড়িও জমা টকা নাছিল। এটিএম নিৰ্ভৰ, অনলাইন ট্ৰানজেকচন নিৰ্ভৰ ও কাৰ্ড পেমেণ্টত আগৰণুৱা চাকৰিয়াল মানুহৰ বাবে এয়াই সাধাৰণ অভ্যাস, ঘৰত কেচ পইচা নথকা জীৱনধাৰাৰ ফল। বাতৰিটোৱে মানুহক শ্বক দিয়াৰ কথা ৰাষ্ট্ৰ হৈ নোযোৱাৰ আগতেই ক্ষণিকৰ ভিতৰতে ইটো সিটো কিনি, গাড়ীত তেল ভৰাই মুঠ ১২০০টকা এশ টকীয়াৰ ৰূপত সংগ্ৰহ কৰিবলৈ সক্ষম হ'লো। পোন্ধৰ মিনিটৰ পাছত ঘূৰি আহোতেই দেখিলো, কেৱল এহেজাৰ টকীয়া দিয়া এটিএমটোৰ সমুখতো অনাগত দুদিন এটিএম বন্ধ থকাৰ ঘোষণাৰ ও নিষিদ্ধকৰণৰ বতৰাৰ ফলতে অগণন মানুহৰ লানি! তাৰ পাছৰ দৃশ্যবোৰ এতিয়া আৰু বাখ্যা কৰাৰ প্ৰয়োজন নাই!

চ'ছিয়েল মেডিয়াত লগে লগেই প্ৰশংসাৰ জোৱাৰ, এই উচাহৰ লগে লগেই কৌতুক সহিত কিছু অতিৰঞ্জিত তথ্যৰ প্ৰচাৰ চলিল। প্ৰশংসক সমাজে মোদী চাহেবে নতুন ইতিহাস ৰচনা কৰাৰ পৰা ধৰি ভাৰতীৰ ইতিহাসত প্ৰথমবাৰ, সাহস কৰা প্ৰথম প্ৰধানমন্ত্ৰী, সৰ্বশ্ৰেষ্ঠ, ক'লাধনৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক আদি বিভূষণ দিবলৈ ধৰিলে। ক'লা ধনৰ জৈৱতন্ত্ৰটোৰ প্ৰতি ঘৃণা থকা সমাজৰ বেছি সংখ্যক মানুহেই ক'লা ধনৰ ভাণ্ডাৰ থকা সকলে এতিয়া সেকা পাব বুলি 'সাময়িক সন্তুষ্টি' লভিলে! কিন্তু প্ৰকৃততে এয়া 'দূৰদৃষ্টিৰে' কিমান দূৰ কাৰ্যক্ষম তাক বিচাৰ কৰি চোৱাৰো প্ৰয়োজন নিশ্চয়কৈ আছে!

(২)

জনপ্ৰিয় গণ মাধ্যম সমূহে প্ৰকাশ কৰা খবৰ অনুসৰিয়েই এতিয়া ভাৰতীয় মানুহৰ জন-জীৱনত সাময়িক হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আৰু এই অ-ব্যৱস্থাৰ সৃষ্টিৰ বাবে চৰকাৰৰ ডিমানিটাইজেচনৰ পদক্ষেপক সমালোচনা নকৰাকৈয়ো কিন্তু অধিক কাৰ্যকুশলভাৱে ইয়াক ৰূপ দিয়াৰ পদক্ষেপ লোৱাটো উচিত আছিল বুলি মানুহে অনুভৱ কৰিছে। যেনে, আজি বহুদিনৰ পৰা ৰাইজৰ অলক্ষিতেই পূৰ্বতে এহেজাৰ উলিয়ালে এখন পাঁচশ টকাৰ নোট আৰু পাঁচখন এশটকীয়া নোট এটিএমৰ পৰা ওলাই অহাটো বন্ধ হৈ যোৱাটো, এক গোপন নিৰ্দেশনাৰেই কিছুদিন পূৰ্বে পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন আছিল। যুক্তি এয়ে যে বেংকৰ পৰা উলিওৱা প্ৰতিটো টকাই যিহেতু বগা টকা মানে অৰ্থ ব্যৱস্থাত খাটাত উঠা পইচা। কিন্তু কি যুক্তিত বেছি ভাগ এটিএমেই সিদিনা সন্ধিয়ালৈ কেৱল হাজাৰ-পাঁচশৰ নোট বিলাই আহিছিল?

এতিয়া চ'ছিয়েল মেডিয়াকে ধৰি বিভিন্ন গণমাধ্যমত প্ৰচাৰ হোৱা খবৰ অনুসৰি, কেৱল সাধাৰণ মানুহ, চাকৰিজীৱি, ক্ষুদ্ৰ ব্যৱসায়ী আদিহে এই ডিমানিটাইজেচনৰ প্ৰভাৱত বেছি প্ৰভাৱিত হৈছে। বহুতো চেলিব্ৰেটীয়ে টুইটাৰত কাম কৰা বাইগৰাকী/মানুহজনৰ দুৰ্দশাৰ বিষয়েহে লিখি ট্ৰেণ্ডিং আৰম্ভ কৰিছে। স্থানীয় ঠাইতো দেখা মতে, প্ৰকৃতাৰ্থত ক'লা-বগা ধনেৰে অতি ধনী সকলৰ কোনোৱেই কিন্তু লানি পাতি থকাৰ নজিৰ সৃষ্টি হোৱা নাই, তাৰো কাৰণ নিশ্চয় আছে! নিজৰ বগা টকাকে পুনৰ পৰিচয় পত্ৰ দেখুৱাই সলাই আনিবলৈ শাৰী পাতিছে কেৱল নিম্ন ও নিম্ন মধ্যবিত্ত শ্ৰেণীহে! ২০১৪ চনত ২০০৫চনৰ পূৰ্বৰ টকা সলাই 'হাই-ছিকিউৰিটি নোট' প্ৰচলনৰ বাবে ৰিজাৰ্ভ বেংকে লোৱা পদক্ষেপটোক তেতিয়া বিজেপি দলেই সাধাৰণ জনতা বিৰোধী পদক্ষেপ বুলি অভিহিত কৰিছিল আৰু তদানীন্তন মুখমাত্ৰ মিনাক্ষী লেখীৰ ভিডিঅ'ও এতিয়া চ'ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ইও মোদী চৰকাৰ ইউ-টাৰ্নৰ এক উদাহৰণ বুলিও সমালোচকে আঙুলিয়াই দেখুৱাইছে।

আনকি এতিয়া অতি সংগোপনে, কাকো নজনোৱাকৈ 'বিগ চাৰ্জিকেল ষ্ট্ৰাইক' বুলি দাবী কৰা এই পদক্ষেপৰ কথা ছয় সাত মাহ আগতে গুজৰাটী স্থানীয় কাকতত আৰু এই অক্টোবৰৰ শেষ সপ্তাহতে হিন্দী 'দৈনিক জাগৰণ'ত সবিস্তাৰে প্ৰকাশ হোৱাৰ পেপাৰ কাট সামাজিক গণ সাধ্যমত উপলদ্ধ হৈছে। ফলত, বাতৰি কাকতেও কিছুমান হোলা-ভাই মোলা মানুহক হাৰাশাস্তি কৰি 'ব্যাপক প্ৰভাৱ' পৰা দেখুৱাই কেৱল 'ক'লা ধনৰ বিৰুদ্ধে ৰাজনৈতিক সদিচ্ছা' প্ৰকাশৰ সংবাদ শীৰ্ষ লাভৰহে এয়া মাষ্টাৰষ্ট্ৰোক বুলিও অভিহিত কৰিছে।

(৩)

বিভিন্ন সংবাদ সংস্থাই অৰ্থনৈতিক বিশেষজ্ঞ সকলৰ পৰামৰ্শ গ্ৰহণ কৰি বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ক'লাধন বিশিষ্ট লোকসকলে কি দৰে এতিয়া সুৰুঙা উলিয়াব তাৰো তালিকা ৰাজহুৱা কৰিছে। এই ক্ষেত্ৰত ৱান-ইণ্ডিয়া.কমে ৰঘুৰাম ৰাজনৰ পূৰ্বৰ এক উক্তিৰ উদ্ধৃতি দি 'সিয়ানসকলে ডাঙৰ সমস্যাবোৰক সৰু সৰু কৰি লোৱাৰ দৰেই ক’লা ধনৰ ভাণ্ডাৰকো ভগাই পেলাব আৰু বহুজনে মন্দিৰৰ হুণ্ডীকো ব্যৱহাৰ কৰিব' বুলি এষাৰ বাক্যও প্ৰকাশ কৰিছে। আৰু কাকতলীয় ভাৱে মন্দিৰৰ দান পাত্ৰৰ ধনৰ ক্ষেত্ৰত ৫০০-১০০০ৰ নিষিদ্ধকৰণ প্ৰযোজ্য নহব বুলিও কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। আৰু বহু ব্যৱসায়িক মানুহৰে যাৰ ক'লা ধনৰ পৰিমান বহুত বুলি মানুহে অনুমান কৰে, তেওঁলোকৰ বেছি ভাগৰে এনেকুৱা মন্দিৰ খুলি ৰখাৰ উদাহৰণ অতি সহজলভ্যই! যাৰ বাবে মন্দিৰৰ হুণ্ডিও এতিয়া বগা কৰাৰ মেচিনেই নেকি সেই প্ৰশ্নও আজি উদয় হৈছে।

একেদৰেই ভাৰতীয় কোম্পানী আইনৰ সুৰুঙাৰ বিষয়টোও আলোচনালৈ অহা নাই। ৰাতিৰ ভিতৰতে বেনামী কোম্পানীৰ সৃষ্টি, এটা কোম্পানীৰ মালিক আন পাঁচটা কোম্পানী, তাৰ মালিক আন পাঁচটা কোম্পানী সৃষ্টি কৰি হাজাৰ হাজাৰ কোটি টকাৰ ভুৱা লেনদেনেৰ ক’লা টকা বগা কৰাৰ অনেক উদাহৰণ ভাৰতীয় অৰ্থনৈতিক ইতিহাসে দেখিছে। এনে কোনো এটা কোম্পানী ধৰা পৰিলেও আচল মালিকক ধৰিব নোৱাৰাকৈ কোম্পানী আইনে সুৰুঙা উলিয়াই থৈছে। খোদ বিজেপিৰ নেতা তথা মন্ত্ৰী নিতীন গাদকাৰীৰ ড্ৰাইভাৰেই কোম্পানীৰ ডাইৰেক্টৰ হৈ থকা এনে কোম্পানীৰ চেইনৰ কথা টাইমছ নাওকে ধৰি চেনেলে আৱিস্কাৰ কৰিছিল। একে ঠিকনাতে ষোল্লটা মান কোম্পানী, যাৰ ইটো সিটো মালিক ধৰণৰ হোৱাৰ উদাহৰণ উদঘাটন কৰিছিল। ৰবাৰ্ট ভদ্ৰাৰো এনে কোম্পানী আইনৰ সুৰুঙাৰে আকাশলংঘী ধন ঘটাৰ অভিযোগৰ বাতৰিৰ এসময়ত জোৱাৰ আহিছিল। যিবোৰ বাতৰি এতিয়া পাব্লিক মেমৰিজ ইটি ভেৰি চৰ্টক সাৰোগত কৰি হেৰায়েই গৈছে।

একেদৰেই ট্ৰাষ্ট, চেৰিটেবল ট্ৰাষ্ট, অমুক ফাউণ্ডেচন ইত্যাদিৰ জৰিয়তে কোনো এজন মানুহে ফাইভ ষ্টাৰ জীৱন কটালেও নিজৰ খাটাত এটকাও নোহোৱা দৰিদ্ৰ দেখুৱাব পৰাৰ ব্যৱস্থা আছে। বিজয় মালায়াৰ জীৱন অন্বেষণ কৰিলেই তেনে বহু সূত্ৰ ইণ্টাৰনেটতে বিচাৰি পাব, আম্বানীৰ পুতেকে কেইবা কোটি টকীয়া গাড়ী চলাই মুম্বাইত এজনক আঘাতপ্ৰাপ্ত কৰিলে, পাছত ওলাল যে কোনো পৰ্ট ট্ৰাষ্টৰ নামতহে আছিল গাড়ীখন। ৰবাৰ্টি কিয়চাকি নামৰ লেখক গৰাকীয়ে ‘দ্য কনচপিৰেচি অৱ দ্য ৰিচ’ গ্ৰন্থখনত ধনী মানুহৰ এই কূট-কৌশলবোৰ ফঁহিয়াই দেখুৱাইছে, তেওঁৰ পটভূমি আমেৰিকা হ’লেও একেইবোৰ সূত্ৰকেই সাৰোগত কৰি এই দেশতো আচল মালিক উলিয়াব নোৱাৰা ভাৰ্চুৱেল বস্তু ‘কোম্পানী’ একোটাক মালিক বনোৱাৰ ব্যৱস্থা চলিয়েই আছে। কিছুমান কম্পেনী আকৌ কৰৰ স্বৰ্গ বুলি খ্যাত দেশ সমূহত স্থাপন কৰা হয়। ফলত শেষত পইচা জমা হোৱা কোম্পানীটো ভাৰতীয় প্ৰশাসনৰ আওতালৈ নাহেই! হাৱালা নেটৱৰ্ক আৰু বিদেশী টকা বেচা সংস্থাবোৰক কিদৰে লেকাম লগাব সেয়াও ৰাজহুৱা হোৱা নাই। কিছুমান ব্যৱসায়িক সংস্থাৰ ব্যৱসায় চলাবলৈ নগদ জমাধনৰ প্ৰয়োজন থাকেই, যেনে চাহ বাগিচা, তাৰ বাবে চৰকাৰী বিশেষ অনুমতি পোৱাৰ ব্যৱস্থা আছে। সেই ফাৰ্ম তথা কোম্পানীবোৰৰ বাবে এতিয়া কি নিয়ম হব, কেতিয়ালৈ পুৰণি নোট সলাব পাৰিব, বিশেষ ব্যৱস্থা থাকিব নেকি বা সেই সুৰুঙাৰে ধন বগা হব নেকি ইত্যাদিক লৈও কোনো কথা পৰিস্কাৰ হোৱা নাই। অথচ এইবোৰ পদক্ষেপ আচলতে ক’লা ধন তৈয়াৰৰ পৰিবেশ তন্ত্ৰটোক দুৰ্বল কৰি নিঃশেষ কৰিবলৈ একান্তই প্ৰয়োজনীয়।

পূৰ্বতে প্ৰাক্ স্বাধীনতা কালতে ১৯৪৬চনত এবাৰ এইদৰে ডাঙৰ নোট নিষিদ্ধ কৰা, তাৰ পাছত সত্তৰৰ দশকত এবাৰ পুনৰ এনে পদক্ষেপ লোৱা হৈছিল। সেই পদক্ষেপৰ সময়ত লোকসভাত তদানীন্তন বিত্তমন্ত্ৰীয়ে এই পদক্ষেপে ক'লা ধনৰ পৰিবেশতন্ত্ৰটোত বিশেষ প্ৰভাৱ নেপেলায় বুলিও সদনক স্পষ্ট কৰি দিছিল। ই বৰ্ধিত নকল টকাৰ নেটৱৰ্কৰ পৰা অৰ্থব্যৱস্থাটোক সকাহ দিব। এই কথা মোদী চৰকাৰৰ পদক্ষেপৰ ক্ষেত্ৰটো প্ৰযোজ্য আৰু এই পদক্ষেপ লোৱাৰ বাবে ধন্যবাদৰ পাত্ৰ। কিন্তু সেই হাই-ছিকিউৰিটি নোটৰ প্ৰচলন কৰি নকল টকাৰ প্ৰভাৱৰ পৰা দেশক মুক্ত কৰাৰ ৰঘুৰাম ৰাজনে লোৱা পদক্ষেপটো কিন্তু তেতিয়াৰ বিৰোধী বিজেপি দলেই বিৰুদ্ধাচৰণ কৰিছিলনো কিয়? তেওঁলোকৰ তেতিয়াৰ যুক্তিটো শুদ্ধই আছিল যে, ই কেৱল সাধাৰণ শ্ৰেণীৰ মানুহকহে ত্ৰস্ত কৰিব, আৰু সেয়াই আজিৰ পৰিস্থিতিটো বাস্তৱিকতে প্ৰতিপন্ন হৈছে।

(৪)

অৰ্থক্ৰান্তি নামৰ সংস্থা চলোৱা এগৰাকী ব্যক্তিয়ে ডাঙৰ টকা অচল কৰি ক'লা টকাৰ বজাৰ বন্ধ কৰাৰ বাবে বহু বছৰ ধৰি প্ৰচাৰ কৰি আহিছিল। তেখেতে ২০১৪চনত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী মোদীদেৱকো সাক্ষাত কৰি সৱিস্তাৰে এই প্ৰকল্পটোৰ বৰ্ণনা দিছিল। তাৰোপৰি বাবা ৰামদেৱেও ক'লা ধনৰ বিষয়ে যুঁজ চলাই থকাৰ দিনত এই কথা বাৰে বাৰে সদৰী কৰিছিল। ৰামদেৱৰ প্ৰস্তাৱটোত আৰু কিছু বাস্তৱিক কথা আছিল যে ইনকাম চৰ্ছতে প্ৰত্যক্ষ কৰ হিচাবে টেক্স দিয়া সকলহে ভাৰতীয় টেক্সেচনৰ হাতোৰাৰ আচল ভিতৰত, অপ্ৰত্যক্ষ কৰৰ ক্ষেত্ৰখনত কৰ তন্ত্ৰটোৰ সুৰুঙা বহুত। সেয়ে শ্ৰমজীৱি তথা চাকৰিয়াল শ্ৰেণীৰ পৰাও এই উতসতে কটাটো উঠাই দি মানুহৰ হাতলৈ বগা-ধন বেছিকৈ অহাৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনাইছিল। তাৰ দ্বাৰা মাৰ্কেটলৈ বগা ধন বেছিকৈ আহিলেহেতেন, তাৰে মানুহৰ জীৱনৰ মান উন্নীতকৰণ কৰাটো সম্ভৱ হ'লহেতেন, কাৰণ ই ক্ৰয় ক্ষমতা বৃদ্ধি কৰিলেহেতেন। তেওঁৰ প্ৰস্তাৱটোৰ সৈতে এই কথাটোতহে জোৰ বেছি আছিল যে, ইয়াৰ দ্বাৰা ভাৰতীয় অৰ্থনীতিক কেচলেচ ইকনমিৰ ফালে লৈ যাব লাগে আৰু বজাৰত প্ৰতিটো ট্ৰানজেকচনৰ বাবে সকলোৰে পৰা এক শতাংশমান কৰ সংগ্ৰহ কৰিব লাগে। এই আইডিয়াৰে এতিয়া প্ৰত্যক্ষ কৰৰ বাহিৰত থকা সকলৰ পৰাও এই কম হাৰৰ কৰ লৈ হেনো বৰ্তমানৰ কৰতকৈ বেছি ৰাজহ সংগ্ৰহ কৰিব গ'লহেতেন!


যি কি নহওক, কেচলেচ ইকনমিৰ কথাই হওক বা প্লাষ্টিক মানিৰ ধাৰণাৰ বাবেই হওক মানুহক বেংকিং ব্যৱস্থাটোৰ সৈতে জড়িত কৰাটো এটা গুৰুত্বপূৰ্ণ কাম আছিল। জন-ধন আঁচনিৰ জৰিয়তে এই দিশত জোৱাৰ সৃষ্টি কৰাটো আছিল এক ইতিবাচক পদক্ষেপ। শেহতীয়া তথ্য মতে দেশৰ ৩৩-৩৮শতাংশ মানুহহে বেংকিংৰ আওতালৈ আহিছে। উত্তৰ-পূৱত বিশেষকৈ পাঁচখনকৈ পাহাৰীয়া ৰাজ্যত বেংকৰ উপস্থিতি অতি কম। যিটো গুজৰাট বা মহাৰাষ্ট্ৰত কপাৰেটিভি বেংক সমূহৰ উপস্থিতিয়ে সংখ্যাত শক্তিশালী কৰিছে। উত্তৰ-পূৱৰ বন নিৰ্ভৰ জনজাতি সকলৰ বাহিৰেও পৰিসংখ্যাৰ দেখুওৱা মতে দুখনমান পাহাৰীয়া জিলাত বোলে মাত্ৰ দুটানে তিনিটাহে বেংকৰ ব্ৰাঞ্চ আছে। মহানগৰীতে ৰাইজৰ ধন বিচাৰি, ধন সলোৱাৰ বাবে হোৱা দুৰৱস্থাৰ বিপৰীতে কাঠ-বাঁহ-শিল-কয়লা বিক্ৰী কৰা ভিতৰুৱা ঠাইৰ লোকসকলৰ কি কি অসুবিধা হৈছে তাৰো প্ৰশ্ন উত্থাপিত হৈছে।

হাস্পতালত থকা ৰোগী সকলৰ আত্মীয় সকল এতিয়া ত্ৰস্ত হোৱাৰ বাতৰি আহিছে। চৰকাৰী হাস্পতালত যদিও পুৰণি নোটকে লোৱাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে, কিন্তু প্ৰাইভেট হাস্পতালে চেকো নলয়, কাৰ্ড চুৱেপিং মেচিনো নাই, ডাঙৰ নোটো নোলোৱাৰ পৰিস্থিতিত অসুবিধাৰ সৃষ্টি হৈছে, ৰাইজো চৰকাৰী হস্তক্ষেপৰ আশাতে বন্দী হৈ ৰৈছে! ভ্ৰমণলৈ যোৱা লোকসকলো এটিএমত লানি, দুহেজাৰ টকাৰ সীমা আৰু গৃহ ব্ৰান্সৰ বাহিৰে বেলেগত ক'তো মাল্টিচিটি চেক ভঙোৱাও বন্ধ কৰাত বিপদত পৰিছে। গৃহ ব্ৰান্সতো কেৱল দহ হাজাৰ টকালৈকে সপ্তাহত দুবাৰ ভাঙিবলৈ দিছে বুলিও জানিব পৰা গৈছে। অৱসৰপ্ৰাপ্ত ব্যক্তি সকলে পেঞ্চন তথা অৱসৰকালীন ধন আনিবলৈকো বেলেগ শাৰীৰ ব্যৱস্থা নথকাকত মানসিকভাৱে পীড়িত হব লগা হৈছে। দৰমহাৰ টকাৰে ঘৰ নিৰ্মাণ কৰি থকা সকলেও এতিয়া পইচা নোহোৱাত কৰ্মৰত শ্ৰমিক সকলক মজুৰি দিব পৰা নাই। চাহ বাগিচা সমূহতো মজুৰিৰ বাবে এদিনত দহ হাজাৰ টকাহে বাগিচা কৰ্তৃপক্ষক দিয়াক লৈ হাঁহাকাৰ হোৱাৰ কথাও বাতৰি কাকতে প্ৰকাশ কৰিছে। কৰ্মক্ষম, নিম্ন ও নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোক সকলে অত্যাৱশ্যকীয় ধন কেইটিৰ বাবে দীঘল দীঘল শাৰী পাতিছে, এটিএম এটাৰ পাছত এটালৈ ঢপলিয়াই ফুৰিছে। পৰীক্ষা দিবলৈ যোৱাৰ বাবেও প্ৰাৰ্থীও অস্থিৰতাত, বিয়া-সবাহ থকা সকলৰ কথাই নাই! কিন্তু সাধাৰণ ভাৰতীয় জনতাৰ বাবে শাৰী পতাটো কোনো ডাঙৰ কথা নহয়, জিঅ' চিমৰ বাবে , গেছৰ চিলিণ্ডাৰৰ বাবে, কেএফচিত শাৰী পাতে, চিনেমা হলত পাতে, এইবাৰ এই মহান পদক্ষেপটো শাৰী পাতি দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উদ্ধাৰত অকন সহায় কৰিলেই যেনিবা বুলি এই অসুবিধাৰ ক্ষণতো চ’ছিয়েল মেডিয়াত পেংলাই কৰাটো কিন্তু অতি দৃষ্টিকটু হৈছে।

(৫)

চৰকাৰী কৰ্মচাৰীৰ ঘোঁচৰ টকা, ব্যৱসায়ী বা কোম্পানীয়ে হিচাপৰ বহীত লিপিবদ্ধ নকৰি প্ৰয়োজনীয় কৰ আদায় নিদিয়া ধনবোৰেই হৈছে ক’লা টকা। ক’লা টকা বগা কেনেকৈ কৰিব, তাৰ বাবে পথ নিৰ্দেশনা দিবলৈ আমাৰ সমাজত চাৰ্টাড একাউণ্টটেণ্ট সমূহ আছে। নিৰ্দিষ্ট ফীজৰ বিনিময়ত পথ দেখুৱাই আৰু কৰ ৰেহাই পোৱাৰ ব্যৱস্থা কৰাটোৱেই তেওঁলোকৰ পেশা, তাত বেয়া পাব লগা একো নাই। তেওঁলোকে ভাৰতীয় কৰ-ব্যৱস্থাই দিয়া অনুসৰিয়েই বিধান দিয়ে, উকীল সকলৰ দৰেই। সমাজৰ বেছি ভাগ মানুহৰেই ইনকাম টেক্সৰ নিয়মীয়া ৰিটাৰ্ণ ফাইল কৰিবলগীয়াকৈ উপাৰ্জন নাই। যদিও প্ৰতিজনেই কৰাটো প্ৰয়োজন, কিন্তু টেক্সেবল ইনকাম নথকা সকলৰ বাবে এতিয়াও বাস্তৱতঃ পেনকাৰ্ড ভাৰতত পৰিচয় পত্ৰহে।

আন্না হাজাৰেৰে আন্দোলনৰ সময়ৰ পৰাই ব্লেকমানি আৰু দুৰ্নীতিৰ বিৰুদ্ধে দেশত জনজাগৰণ হৈছিল। তেতিয়াৰ পৰাই ভাৰতৰ টেক্স ফাইলত ঘোষণা নকৰা আৰু বেনামী সম্পত্তিক লৈ ধনীক শ্ৰেণী উদ্বিগ্ন হৈছিল। সেই সময়তে খুৱ ছুইছ বেংকৰ নামে আৰু উৰি ফুৰা তালিকাই চ'ছিয়েল মেডিয়াত ভীৰ কৰিছিল। মন কৰিব লগীয়া কথা যে সদায়েই এনে তালিকাত প্ৰপাগাণ্ডা চলোৱাবোৰে নিজৰ বিৰোধীদল সমূহ নেতা আৰু তেওঁলোকৰ সৈতে সনা-পোটোকা থকা ব্যৱসায়ী সকলৰ নামহে সন্নিবিষ্ট কৰিছিল! (নিজৰ সকলৰ নহয়) পাছলৈ এনেকুৱা এটা অৱস্থা হ'ল যে ইজনে সিজনক আইনা দেখুৱাবলৈ ধৰাৰ পাছত ভাৰতীয় মানুহে ক'লা ধন আৰু দুৰ্নীতিময় ব্যৱস্থাটোৰ পোষ্যপুত্ৰ হিচাবে সেই শ্ৰেণীটোকে সামাজিক স্বীকৃতি প্ৰদান কৰিলে!


জনমানসত প্ৰচলিত বিশ্বস অনুসৰি, এই শ্ৰেণীটোৱে বেছিভাগ ধন ছুইছ বেংকত জমা কৰে। সেই সময়তে বহুতো ছুইজাৰলেণ্ডকে ধৰি বিভিন্ন টেক্স হেভেনত হেড অফিচ থকা মাল্টিনেচনেল বেংকে ভাৰতীয় ক'লাধন কুৱেৰৰ ঘৰৰ সমুখতে মানে বহুতো ভাৰতীয় চহৰত শাখা স্থাপন কৰে আৰু ইয়াৰ দ্বাৰাও বহুত ধন বিদেশী বেংকৰ খাটালৈ ওলাই যায়। সেইটো বিষয়ত কোনো এটা ৰাজনৈতিক দলেই কিন্তু হুলস্থুল নকৰিলে। ক’লা ধন সাধাৰণতে সোণ কিনিও বহুতে বগা কৰে আৰু মহাৰাষ্ট্ৰ, গুজৰাটৰ পৰা দক্ষিণ ভাৰতৰ সমাজ জীৱনত তথা বিবাহত কেজিৰ হিচাবত ‘পুষ্টেনি সোন’ থকাৰ ইতিহাস থকাৰ বাবে সেই সোনৰ ওপৰত এতিয়াও চৰকাৰী হিচাবৰ হাতোৰাই স্পৰ্শ কৰিব পৰা নাই। ২০১৪চনত ৰিজাৰ্ভ বেংকে ২০০৫চনৰ পূৰ্বৰ নোট অচল হব বুলি কৰা ঘোষণাই নগদ ধন মজুত কৰা সকলক এক ইংগিত দিছিলেই আৰু প্ৰায়বোৰেই পাৰ্কিং কৰিব নোৱাৰা ভেঁকুৰ ধৰা ধন সেইবাৰেই সলাই ৰাখিলেই!

এতিয়া ফাৰ্ষ্ট পোষ্টৰ মতে তেনেবোৰ ৰাজ্যত এই নোট নিষিদ্ধকৰণৰ ফলত ১০গ্ৰাম সোণৰ দাম ত্ৰিশ হেজাৰৰ পৰা এতিয়া পইত্ৰিশ হেজাৰলৈকে হৈছে আৰু ইও এতিয়া বেকডেটত সোণ বিক্ৰী কৰাৰ ৰিচিপ্ট দি বগা কৰাৰ ধুম উঠিছে বুলি প্ৰকাশ কৰিছে। জুৱেলাৰী সকলে অহা ৩১ডিচেম্বৰৰ ভিতৰত এই ধন সলাই লব নোৱাৰিলেও, বিশেষ কাৰণ দৰ্শাই চাৰ্টাড একাউণ্টটেণ্টৰ পৰামৰ্শৰে এয়া অহা বৰ্ষৰ একত্ৰিশ মাৰ্চ পৰ্যন্ত সলাব পাৰিব বুলিও নটিফিকেশন ওলোৱা বুলিও প্ৰকাশ কৰিছে। ক’লা ধন বগা কৰাৰ আন এটা সৰল উপায় হৈছে মাটি বাৰী, ফ্লেট আদি কিনা। মহানগৰীত মাটি কিনিলেও চৰকাৰী মূল্যৰ হিচাবত কঠাই তিনি লাখ মান টকাৰ ভেলুৱেচন দেখুৱালেই হয়, কিন্তু প্ৰকৃত দাম হয় ত্ৰিশ লাখৰ ওপৰৰ। সৰু ঠাইৰ মানুহে জিলা সদৰৰ নগৰ এলেকাৰ ভিতৰতে পথাৰৰ মাটি ক্ৰয় কৰে, যাৰ চৰকাৰী মূল্য অতি কম আৰু প্ৰকৃত বজাৰ মূল্য এতিয়া ৬লাখ টকা প্ৰতি কঠা কতোৱেই নহয়! গতিকে এবিঘা খেতিৰ মাটি কিনি ৩০লাখ টকা ব্লেক মানি পাৰ্কিং কৰিব পাৰে। য’ত চৰকাৰী মূল্য বিঘা ১লাখ টকা হব, আৰু যোৱা চেপ্তেম্বৰলৈকে চলি থকা ইনকাম ডিকলেৰেচন স্কীমৰ জৰিয়তে সেই প্ৰপাৰ্টি চৰকাৰী ৰেট মতে ঘোষণা কৰি খুব বেছি ৪৫শতাংশ মানে ৪৫হাজাৰ টকা কৰ ও জৰিমনা দি তাক ন্যায়সংগত সম্পত্তিলৈ ৰূপান্তৰিত কৰি ললেই। মানে যিটো সময়ত আই.ডি.এছ যোগে ৩০লাখ টকা ঘোষণা কৰিলে প্ৰায় চাৰে বাৰ লাখ টকাৰ কৰ ও জৰিমনা দিব লাগিছিল, তাক মাটি ক্ৰয়ৰ পথেদি কৰি কেৱল ৪৫হাজাৰতে বগা কৰি পেলোৱাৰ এটা বিশাল আয়োজন ইতিমধ্যেই দেশখনে সফলতাৰে পাৰ কৰিলে। এই প্ৰক্ৰিয়াৰে প্ৰায় ৬৫০০০কোটি ক’লা ধন বগা কৰাৰ কৰ ও জৰিমনাৰ ৰাজহ ইতিমধ্যে চৰকাৰে সংগ্ৰহ কৰা বুলি ইতিমধ্যে ৰাজহুৱা হৈছিল। গতিকে প্ৰকৃতপক্ষে সেই সুযোগতে কিমানে কিমান টকা ভূ-সম্পত্তি বা স্থাৱৰ সম্পত্তিলৈ ৰূপান্তৰিত কৰিলে সেয়া কেৱল অনুমান যোগ্যহে!

জেএনইউৰ এগৰাকী অধ্যাপকৰ এটি প্ৰৱন্ধত প্ৰকাশ পোৱা মতে দেশৰ ক’লা ধনৰ কেৱল এক শতাংশহে নগদ ধনৰ ৰূপত থাকে। বাকী অংশ বিদেশৰ বেংকত, সোণ-ৰূপৰ ৰূপত অথবা ৰিয়েল ইষ্টেট প্ৰপাৰ্টিৰ ৰূপতহে থাকে। এই কথা সমৰ্থন কৰি বহুকেইজন অৰ্থনৈতিক বিশ্লেষকেও পুৰণি টকাৰ নিষিদ্ধকৰণে প্ৰকৃতপক্ষে যে ক’লা ধনৰ পৰিবেশ তন্ত্ৰক বিশেষ প্ৰভাৱ পেলাব নোৱাৰে তাত সহমত প্ৰকাশ কৰিছে। কিন্তু নকল টকাৰ প্ৰচলনৰ পৰা অৰ্থনীতিক নিকা কৰাৰ বাবে ই সময়োচিত পদক্ষেপ সেয়া কিন্তু সকলোৱে প্ৰশংসা কৰিছে।

এই পদক্ষেপটো ৰাজনৈতিক ভাৱে মাষ্টাৰষ্ট্ৰোকেই, তাত কোনো বিতৰ্কৰ স্থানেই নাই! কাৰণ দেশৰ প্ৰায় নব্বৈ শতাংশ লোক এই ঘোষণাৰ দ্বাৰা আনন্দিত হৈছে। হয়তো এয়া ক্ষণিকৰ উত্তেজনা হব পাৰে, কিন্তু ক’লা ধনৰ কুৱেৰ সকল আচম্বিত শলঠেকত পৰিল বুলি অহা প্ৰথম ভাৱনাই ৰাইজক আহ্লান্বিত কৰিছে। ইমান দিনে ক্ষোভত জ্বলি থাকিও একো মোৰ নোপোৱা জনতাৰ বাবে চৰকাৰখনে প্ৰকৃতাৰ্থত কিবা এটা কৰিছে, আৰু ই পূৰ্বৰ তিনিবাৰৰ দৰে নহয়, পাঁচশ, এহেজাৰটকীয়া নোটৰ দ্বাৰা সকলো স্তৰৰ লোকক ই স্পৰ্শ কৰিছে। গতিকে এটা বাৰ্তা গৈছে, সকলো স্তৰলৈ, মোদীজীয়ে কিবা এটা কৰিছে, আৰু ভাল কৰিছে। নিঃসন্দেহে ই শাসকীয় দলটোৰ প্ৰতি ভাল ভাৱ মানুহৰ মনত বৃদ্ধি পাব আৰু অনাগত পাঁচখন ৰাজ্যৰ নিৰ্বাচনতো ইয়াৰ ইতিবাচক প্ৰভাৱ ও ফলাফল পৰা দেখিবলৈ পোৱা যাব। উত্তৰ-প্ৰদেশ, পাঞ্জাৱ, গোৱাৰ দৰে টকা ও নিচাৰ জাল থকা প্ৰদেশৰ ৰাজনীতিত ভোট কিনাৰ খেলতো যে কিছু দল আৰ্থিক সংকটত পৰিব সেয়া খাটাং হৈ পৰিছে। কিছুমান দলৰ নেতাৰ প্ৰতিক্ৰিয়াতেই যেন সেই প্ৰকাশ কৰিব নোৱাৰা সঁচা কথাৰ প্ৰতিফলন দেখা গৈছে।

মুঠতে সৰ্বস্তৰক স্পৰ্শ কৰি যোৱা এই পদক্ষেপৰ দীৰ্ঘম্যাদি প্ৰভাৱ থাকিব। আন্তঃৰাষ্ট্ৰীয় বজাৰেও ভাৰতীয় টকাৰ স্থিৰতাক লৈ সন্দিহান হোৱাৰ কথায়ো তাৰেই ইংগিত দিছে। এই প্ৰক্ৰিয়াত যাতে ৰাইজৰ অসুবিধা নহয় তাৰ বাবেও কিন্তু সাধাৰণ শ্ৰেণীৰ ব্যৱসায়ী আদিয়েই এইকেইদিন মানুহক বাকীলৈ বস্তুদি বা ক’লা ধন নাই যেতিয়া আমি ভয় কৰিব লগীয়া কি আছে, সলাই লম বুলি পুৰণি নোট গ্ৰহণ কৰি প্ৰক্ৰিয়াটোত সহযোগ কৰাটো সঁচাই প্ৰশংসনীয়। আনফালে ৰঘুৰাম ৰাজনে দেশীয় পুঁজিপতি সকলে কোটি কোটি টকাৰ ঋণ লৈ অনাদায় কৰি ৰখাৰ তালিকা ৰাজহুৱা কৰি যোৱাৰ পাছতো সেইবোৰ ধন আদায় কৰিবলৈ চৰকাৰ এতিয়াও সক্ষম হোৱা নাই। সেই প্ৰেক্ষাপটত ৰাজহুৱা বেংক খণ্ডক চালুকীয়া অৱস্থাত ৰাখিবলৈকে কেইবালাখ কোটিৰ মূলধন বেংকখণ্ডত ভৰোৱাৰ প্ৰয়োজনে দেখা দিছে। কেন্দ্ৰীয় চৰকাৰে খোদ ৭০হাজাৰ কোটি মান মূলধন দিছে। আৰু এই চেগতে নগদ ধন হিচাবে প্ৰচলিত ক’লা-বগা দুয়োবিধ ধনেই বেংক খাটালৈ আহিব আৰু ই বেংকিং খণ্ডকো সাময়িক ভাৱে সকাহ নিশ্চয়কৈ দিব। সৰ্বতোপৰি, ব্যৱস্থাগত পৰিশোধনৰ যিকোনো প্ৰস্তাৱকে দেশৰ সকলো ৰাইজেই আদৰণি জনাব লাগিব আৰু তাৰ ইতিবাচক-নেতিবাচক দিশবোৰ, পটভূমি আৰু ভৱিষ্যতত পৰিব পৰা ভিন্ন প্ৰভাৱৰ কথাও সমানে আলোচিত হব লাগিব। এই প্ৰক্ৰিয়াৰে নাগৰিক সমাজত ক্ৰমান্বয়ে সচেতনতা বৃদ্ধি কৰিব পাৰিলে ই হব বিশাল গণতান্ত্ৰিক দেশখনৰ বাবেই অন্য এক সৱলকামী খোজ।

1 comment:

  1. 1xbet korean sports betting review | Is it legal for bet365? - Online
    The minimum 1xbet thailand bet amount you can bet on is one unit, meaning you'll pay 0.2% commission on all bets that your account has. As an example,

    ReplyDelete

Sponsor

AD BANNER

Pages