বিক্ষিপ্ত - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বিক্ষিপ্ত

বিক্ষিপ্ত

Share This
আন্দোলন
----------
আন্দোলন কৰাটো কিনো বেয়া...ইয়াৰ অৰ্থ জনসাধাৰণক বিষয় একোটাক লৈ আন্দোলিত কৰাহে...বিশাল অৰ্থত জনসচেতনাৰ সৃষ্টি কৰাও, যিটো গণতন্ত্ৰৰ বাবে টনিক স্বৰূপহে।

আন্দোলন আৰু প্ৰতিবাদ


আন্দোলন বা প্ৰতিবাদ হোৱা বিষয়টোক সঠিক ৰূপত বুজাই যুক্তিযুক্ততাৰে ৰাইজক পতিয়ন নিয়াই নিজৰ কৰ্মসূচী আগুৱাই নিয়াৰ দ্বায়িত্ব ক্ষমতাত থকা চৰকাৰৰ। এই কামত তেওঁলোকে সফলতা প্ৰদৰ্শন কৰিব পৰাটোহে সফল শাসকৰ পৰিচয় হব।
বৰ্তমান শাসক হোৱা সকলেও বাটে-পথে আন্দোলন কৰিয়েই মানুহৰ মনত পূৰ্বৰ চৰকাৰৰ কৰ্ম আৰু নীতিৰ নেতিবাচক দিশবোৰ আঙুলিয়াই দিয়াত সফল হৈছিল। সেয়ে মানুহে তেওঁলোকক আদৰি লৈছে, মানে জয়যুক্ত কৰিছিল। এতিয়া শাসনচ্যুত বা কেতিয়াও শাসন নোপোৱা আন দল-সংগঠন সমূহে এতিয়া বিপৰীত মেৰুত স্থিতি লবই। এয়া গণতান্ত্ৰিক ৰাজনীতিৰ স্বতসিদ্ধ কথা। সমালোচনা আৰু প্ৰতিবাদ, শান্তিপূৰ্ণ হৈ থকালৈকে নাগৰিকৰ অধিকাৰ। এই কামে শান্তিৰ সীমাৰেখা পাৰ কৰা মানেই শাসকৰ হাতলৈ নিজৰ দুৰ্বলতা উপহাৰ দিয়াৰ নিচিনা, মানে পুলিচ-প্ৰশাসনে কঠোৰ হাতেৰে তাক দমন কৰাৰ বাবে অধিকাৰ লাভ কৰা। আৰু শান্তিপূৰ্ণ প্ৰতিবাদ, আন্দোলন আদিক শান্তিপূৰ্ণ অৱস্থাতে ৰাইজৰ মত বুজি বা আলাপ আলোচনাৰে মৰিষণ কৰাটো শাসক পক্ষৰ দায়িত্ব। ইয়াক প্ৰতিবাদী ব্যৱস্থাপনাৰ কলা-কৌশল বুলিও অভিহিত কৰিব পাৰি। এই ব্যৱস্থাপনা বা মেনেজ কৰাৰ কৌশল হয়তো কূটনৈতিক, ৰাজনৈতিক অথবা অৰ্থনৈতিক (গোপন লেনদেন, প্ৰলোভন...) আদিও হব পাৰে। এনেকুৱাকৈ মেনেজ হোৱা আন্দোলনেই অসমৰ সামগ্ৰিক অনগ্ৰসৰতাৰ কাৰক হিচাবে কাম কৰি আহিছে। গোপনে মেনেজ হোৱাটো এটা সামাজিক বেমাৰ! এই বেমাৰটোৱে অসমৰ বহুতো আন্দোলনক প্ৰলোভনৰ বিজানুৰে আক্ৰান্ত কৰাৰ ইতিহাস আছে। ৰাজহুৱা স্বাৰ্থক ব্যক্তিগত প্ৰলোভনৰ জালত এৰা দিয়াৰ ৰোগটোৰ প্ৰতিকাৰ সমাজেই কৰিব লাগিব।
আন্দোলনৰ ইতিবাচক দিশটোত গুৰুত্ব দিব লাগে। কোনো এটা বিষয়ৰ ওপৰত ৰাজহুৱা মাধ্যমত তথ্য আৰু যুক্তিৰে আলাপ-আলোচনা হব লাগে। মানুহে নিজৰ মনৰ ভাৱ, কথাবোৰ প্ৰকাশ কৰিব লাগে। ৰাজহুৱা হিত সাধন হব পৰাকৈ গ্ৰহণযোগ্য কথাৰ বাচ বিচাৰ হব লাগে। যুক্তিৰ অপলাপ অথবা মূল বিষয়ৰ পৰা আঁতৰি ব্যক্তিজনৰ ব্যক্তিগত জীৱনক লৈ আক্ৰমণ আৰম্ভ কৰাটো প্ৰকৃততে যুক্তিহীনতাৰ প্ৰদৰ্শনহে। একেদৰেই অশ্ৰাব্য শব্দৰে কৰা প্ৰতি-আক্ৰমণে শব্দৰ অভাৱহে প্ৰতীয়মান কৰে। ৰুচিশীল আলোচনাৰে আৰু সমজুৱা হিত সাধনৰ বাবে ভিন্ন পথৰ সন্ধানেই এই গণ-আন্দোলনবোৰৰ উদ্দেশ্য হোৱা উচিত। এনে আন্দোলনৰ পৰত হোৱা এনে আলোচনা-লেখা আদিয়ে মানুহৰ মন-মননত নতুন নতুন তথ্যৰ যোগান ধৰি ভিন্ন দিশৰ প্ৰতি গণ-সচেতনাৰ সৃষ্টি কৰা মানে ই দেশৰ গণনন্ত্ৰক ভৱিষ্যতলৈ শক্তিশালী কৰাকৈ টনিকৰ যোগান ধৰা সদৃশ প্ৰক্ৰিয়াহে। সেয়ে আন্দোলনক এক কথাত বেয়া বুলি কব নোৱাৰি, কিন্তু আন্দোলনৰ সৈতে সময় বুজি সংপৃক্ত হৈ পৰা ৰাজনৈতিক চল-চাতুৰি, ন্যস্ত স্বাৰ্থ, ষড়যন্ত্ৰকাৰী সকলে যাতে মূল বিষয়ক হাইজেক কৰিব নোৱাৰে তালৈ ৰাইজে সচেতন দৃষ্টি ৰখা উচিত।
গণতান্ত্ৰিক আন্দোলনৰ প্ৰক্ৰিয়াৰে সংবাদ পত্ৰ তথা ৰাজহুৱা মাধ্যমত ক্ৰমাত শক্তিশালী হৈ উঠা জনমত উলাই কৰাটো আচলতে শাসকৰ দায়িত্বত থকা দলৰ মুৰ্খামীহে। কাৰণ আজিৰ তাৰিখত ক্ৰমবৰ্ধমান জনসচেতনতা আৰু ভোটৰ প্ৰক্ৰিয়াত ৰাইজৰ বৃদ্ধিমান অংশগ্ৰহণৰ পৰিসংখ্যাই তাকেই প্ৰতীয়মান কৰিছে। গণতন্ত্ৰত জনমত সন্মান কৰি চলিবই লাগিব, তাৰে বাবে লাগিব চৰকাৰৰ সহানুভূতিশীল দৃষ্টিৰ। এই দৃষ্টিৰে শাসন চলালেহে, এৰা ধৰাৰ মাজেৰে প্ৰতিবাদীৰ দাবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে চৰকাৰী হেয় নহয়, চৰকাৰৰ সন্মানহে বৃদ্ধি হয়। গণমতক সন্মান কৰি ক্ষীপ্ৰতাৰে সেই দাবী সমূহ পূৰণ কৰিলে চৰকাৰ অধিক জনপ্ৰিয়হে হব। এই কথাও শাসকীয় দলে অনুভৱ কৰিব পাৰিব লাগিব। ৰাজনীতিৰ পথাৰত বহুস্তৰীয় ষড়যন্ত্ৰ, ক্ষমতাৰ খকৰ খেল, লংকালৈ গলে ৰাৱনৰ অহংভাৱৰ সৃষ্টি আদি ভিন্ন কাৰকলৈও শাসকে মন কৰিব লাগিব।
দীৰ্ঘ সময়ৰেখাত প্ৰভাৱ বিস্তাৰ কৰিব পৰা ৰাজহুৱা হিত সাধনকাৰী মাইলৰ খুঁটি সমূহৰ অবিহনে কোনো এটা শাসন কালেই সফল বুলি কব নোৱাৰি। একেদৰেই মানুহৰ ক্ষোভ, দুখ-দুৰ্দশা, দাবীক কিমান সহানুভূতিশীল ভাৱে সন্মান সহকাৰে শাসকে বিবেচনালৈ আনিছে, সেয়াও সফলতাৰ মাপকাঠিত উঠিব। আৰু এইবোৰ কথাই আন্দোলনৰ ক্ষণত ৰাইজ, শাসক, বিৰোধী সকলোৱেই উপলদ্ধি কৰিব লাগিব। তেহে অসম আৰু ভাৰতবৰ্ষক অধিক উন্নততৰ আৰু শক্তিশালী কৰি গঢ়ি তুলিব পৰা যাব।

No comments:

Post a Comment

Sponsor

AD BANNER

Pages