বিশ্লেষণ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বিশ্লেষণ

বিশ্লেষণ

Share This
ৰোগ নিৰাময়ৰ বিকল্পবোৰ
...................................
বিজ্ঞানৰ জখলাইদি মানুহ গৈ চন্দ্ৰৰ পৰা মংগল পাও পাও। চিকিতসা শাস্ত্ৰয়ো সেইমতে আগুৱাই গৈয়ে আছে। চিকিতসা কেৱল এতিয়া শাস্ত্ৰ হৈ থকা নাই, ই কেতিয়াবাই বিজ্ঞানৰ পৰা প্ৰযুক্তি, জৈৱ-প্ৰযুক্তিবিদ্যাৰ পৰা বায়'মেডিকেল ইনষ্ট্ৰুমেণ্টেচেন আদিক সাৰথি কৰি এতিয়া 'বহুবিভাগীয় সমন্বয়ৰ নিৰাময়' ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। কিন্তু চিকিতসা ব্যয়ৰ বাহুল্যতাই সাধাৰণ মানুহৰ সাধ্যৰ পৰিসীমাও পাৰ কৰি যোৱাত সৰ্ব-সাধাৰণ সমাজে আধুনিক চিকিতসাৰ সকলো সুফল পাব পৰা নাই। এই আধুনিক ৰোগ নিৰাময়ৰ বৈপ্লৱিক ব্যৱস্থাক সুলভ কৰি তোলাৰ বাবে কল্যাণকামী ৰাষ্ট্ৰৰ যি দায়িত্ব তাতো হোহোকা-পিছলাৰ নীতিয়ে ভাৰতীয় মানুহক অন্য এক দোমোজাতে স্থবিৰ কৰি ৰাখিছে। চাৰ্টিফিকেট থাকিও বিজ্ঞান মনস্কতাৰে শিক্ষিত নোহোৱাৰ উপৰিও সমাজৰ বেছিভাগ লোকেই (প্ৰাপ্তবয়স্ক) এতিয়াও অশিক্ষিত আৰু দৰিদ্ৰতাৰ গ্ৰাসতে আছে। সেয়ে বিকল্প দুখ-জৰা-ব্যাধি নিৰাময়ৰ বজাৰখন আমাৰ দেশত অতি চমকপ্ৰদ আৰু লোভনীয় ৰূপতে আছে আৰু তাৰ ব্যৱসায়ীক লাভালাভ লোৱাৰ বাবে বহুতেই সংগঠিত ৰূপত উঠি পৰি লাগিছে।

গৱেষণাৰ অন্তত সফল ক্লিনিকেল ট্ৰায়েলৰ পাছত উপযুক্ত বুলি প্ৰমাণিত হোৱাৰ পাছত আৰু দেশত দৰৱ নিৰ্মাণ বা মুকলি বজাৰলৈ অনাৰ বাবে থকা চৰকাৰী নীতি-নিৰ্দেশনাৰ পাছতো প্ৰচলিত এলপেথি দৰৱৰ ওপৰত ভাৰতীয় মানুহৰ বিশ্বাস উপায় নোহোৱাতহে! ইয়াৰ এটা জনপ্ৰিয় অপপ্ৰচাৰ 'চাইড এফক্ট'! অতি দাম, ডাক্তৰৰ অসুলভতা, ডাক্তৰী ব্যৱস্থাটোত অবিশ্বাসৰ আঁহ আদিৰ ফলতে বিকল্প নিৰাময়ৰ এই অপ্ৰমাণিত বজাৰখন লহপহকৈ বাঢ়িছে। এই ক্ষেত্ৰত 'মই নিজেই প্ৰমাণ পাইছো' বুলি কৰা মানুহৰ দৃঢ় মুখৰোচক প্ৰচাৰৰে প্ৰভাৱ বেছি!

একেদৰেই কিন্তু হাতত পৰিধান কৰা আঙুঠি এটাৰ পৰা বিকিৰিত ৰশ্মিয়ে যেনেকৈ মানুহ এজনৰ জীৱনত প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত কৰাৰ কোনো প্ৰমাণ দিব নোৱাৰে, তেনেকৈ ক'লা ৰঙৰ মাছ এটা আনি ভকত খুৱালেও কল্যান হোৱাৰ কোনো প্ৰমাণসিদ্ধ কথা নাই! কিন্তু দুয়ো ক্ষেত্ৰতে মই নিজেই প্ৰমাণ পাই থৈছো বুলি কোৱা মানুহৰ অভাৱ নাই!

তাৰ বিপৰীতে ৰোগৰ নিৰাময়ৰ সৈতে খাদ্যৰ পথ্য আৰু অপথ্যৰ ভূমিকা খুৱেই গুৰুত্বপূৰ্ণ! এই ক্ষেত্ৰত অসমীয়া মানুহৰ মাজত জনপ্ৰিয় ডঃ গুণাৰাম খনিকৰৰ 'সহজলভ্য বনদৰৱৰ গুণ' আৰু অন্যান্যজনৰ পথ্য বিষয়ক গ্ৰন্থ পঢ়ি জ্ঞান লাভ কৰা বা ব্যৱহাৰিক ৰূপায়ণ কৰাটো ভাল। তাৰ বাহিৰেও ডাক্তৰৰ পৰামৰ্শৰ ভিত্তিত খাব-লগা বা খাব নলগা খাদ্যৰ তালিকাও বনাই লব পাৰে। আজিকালি ডায়েট্ৰিচিয়ানৰ দৰে সেই বিষয়তে বিজ্ঞান সন্মত প্ৰফেচনেল পঢ়া-শুনা কৰা সকলৰ পৰা লোৱা পৰামৰ্শও প্ৰকৃততে বেছি ভৰসাযোগ্য! আজিকালি ডাঙৰ হাস্পতালত ৰোগীক এনে বিশেষজ্ঞৰ পৰামৰ্শৰে খাদ্য দিয়া হয়, চিভিল হাস্পতালবোৰতো অসমত এনে পথ্য বিশেষজ্ঞৰ নিযুক্তি শলাগিবলগীয়া কথাই।

সেইদৰেই প্ৰচলিত লোকবিশ্বাস, জনশ্ৰুতি আদিয়েও কিছুমান প্ৰামাণিক দৰৱ মানুহৰ মাজত যুগে যুগে চলি আহিছে। যিবোৰক অসমত গাঁৱলীয়া দৰৱ বুলিও কয়, বহুতো এনে বংশগত ভাৱে দৰৱজনা লোকো সমাজত আছে। যিবোৰ দৰৱৰ ব্যৱহাৰেৰে উপকৃত হোৱাৰ খবৰ মুখে মুখে কিন্তু তাৰ বৈজ্ঞানিক বিশ্লেষণ বা গৱেষণা হয়তো হোৱা নাই। গ্ৰামাঞ্চলত এতিয়াও বহুতো ৰোগত এনে গাঁৱলীয়া দৰৱতেই ভৰসা কৰা লোকো আছে আৰু সুফল পোৱা লোকো! বহুতে আকৌ ডাক্তৰক দেখুৱাই ভাল নোহোৱাৰ পাছতো গাঁৱলীয়া কৰি ভাল হোৱাৰ দুৰ্বোধ্য দাবীও কৰে। এনে কিছুমান প্ৰচলিত গ্ৰাম্য চিকিতসাকে সংগঠিত ভাৱে এতিয়া বাণিজ্যৰ ৰূপত গঢ়ি তুলিবলৈ প্ৰয়াস কৰা দেখা গৈছে।

যিখন সমাজত এতিয়াও বেমাৰ আজাৰ-অপায় অমংগল হ'লে জৰা-ফুকা, তাবিজ-মাদলীৰ পৰা নখ-বাচনি মৰালৈকে চলি আছে, এইবোৰ কৰিও ধৰ্মই সংজ্ঞা দিয়া ওপৰৱালাৰ চৰণতে শৰণ লোৱাৰ পৰম্পৰাই এই সমাজ গঢ়িছে। গতিকে এই দিশবোৰো আওকান নকৰি 'স্বাস্থ্য সজাগতা' আৰু 'বিজ্ঞান মনস্কতা' গঢ়াৰ বিশাল আয়োজনৰ প্ৰয়োজন আছে। দৰিদ্ৰতাৰ আওতাৰ পৰা নোলোৱাকৈ আৰু যুক্তিবাদী মন গঢ়ি তোলাকৈ শিক্ষিত নোহোৱাকৈ সমাজখনৰ গৰিষ্ঠ সংখ্যকেই এনে বিকল্প নিৰাময় ব্যৱস্থাৰ পৰা নিজৰ ভৰসা কমাই আনিব বুলি কল্পনা কৰাটো আচলতে বাতুলামিৰ প্ৰয়াসহে হব।

একেদৰেই বিকল্প নিৰাময় ব্যৱস্থাৰ বাবে বহুতেই ভাৰতীয় প্ৰাচীন ব্যৱস্থা আৰ্য়ুবেদিকৰো সহায় লয়। কিন্তু এই ক্ষেত্ৰত এটি বিশাল সুৰুঙাই গোটেই বিজ্ঞান ভিত্তিত গঢ়ি তোলা ভাৰতীয় আয়ুৰ্বৈদিক চিকিতসাক ভ্ৰুকুটি কৰাহে পৰিলক্ষিত হৈছে। আমিও আয়ুৰ্বেদিক দৰৱ সেৱন কৰো, কিন্তু আমাৰ বন্ধুবৰ Brinchi Boruah ৰ দৰে আয়ুৰ্বেদিক মেডিচিনত MD পাছ কৰাজনৰ লিখিত পৰামৰ্শতহে। যিদৰে বিকল্প নিৰাময় ব্যৱস্থাৰ নামত আযুৰ্বেদিক চিকিতসক সকলক বায়পাছ কৰি স্বয়ম্ভু ডাক্তৰৰ কাঠফুলা গজিছে সেয়া কিন্তু সঁচাকৈ চিন্তনীয়। আয়ুৰ্বেদিকহে চাইড এফেক্ট নাই বুলিয়েই দিহা দিয়া আৰু এনে প্ৰডাক্টৰ চেইন গঢ়া দেশী-বিদেশী কোম্পানীবোৰক লৈ কিন্তু ৰাইজে সতৰ্ক হবলৈ হ'ল। কালি এগৰাকীৰ ঘৰত গো-মূত্ৰৰ তিনিশটকীয়া বটলকে ধৰি একে বেণ্ডৰ এনে চাইড এফেক্ট নোহোৱা বুলি দাবী কৰা দেশীয় দৰৱৰ বটল দেখিলো! যিবোৰ সেৱনৰ বাবে বিশেষজ্ঞ ডাক্তৰৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই বুলি প্ৰচাৰ হৈ আছে, লগতে বিক্ৰীও!

আজিৰ তাৰিখত যিদৰে প্ৰতিষ্ঠিত এলপেথিক চিকিতসা সেৱাত আন-এথিকেল প্ৰেক্টিচৰ ধুম উঠিছে বা তাৰ অভিযোগ উঠিছে, তাৰ বিপৰীতে কিন্তু এনে লেকাম নোহোৱা বিকল্প নিৰাময়ৰ ঘোঁৰায়ো জনস্বাস্থ্যৰ লগতে সমাজৰ ভিতৰি কি কি ক্ষতি কৰিছে তাৰ মূল্যায়ন হোৱা নাই। স্বাস্থ্য সজাগতাৰ নামত টিভিৰ পৰ্দাত বিশেষজ্ঞ ওলোৱা, তেওঁকেই স্কুল কলেজ, ঠায়ে ঠায়ে কৰ্মশালা পতাতকৈ প্ৰতিষ্ঠিত, প্ৰফেচনেল সুচিকিতসকক নিহে ৰাইজৰ মাজত স্বাস্থ্য সজাগতাৰ বাবে ৰাইজে উদ্যোগ লওক। টিভিৰ পৰ্দাত চিঙৰা আৰু সেউজীয়া চাটনি খাই দুখ-জৰা-ব্যাধি নিৰাময় হোৱাৰ পৰামৰ্শ দিয়া সকলৰ পৰিবৰ্তে সংবাদ মাধ্যমেই প্ৰমাণিত বিজ্ঞান ভিত্তিক চিকিতসা পদ্ধতিৰ বিষয়ত ৰাইজক জাগ্ৰত কৰাত সেৱা আগবঢ়াওক। সমাজৰ সকলো স্তৰৰ লোকে এই বিষয়ত হাতে হাত ধৰিলে নিশ্চয়কৈ স্বাস্থ্য সচেতন আৰু বিজ্ঞানভিত্তিক চিকিতসাত ভৰসা বৃদ্ধি হোৱা্ৰা সমাজ নিৰ্মাণ হোৱাত সহায়ক হব।

No comments:

Post a Comment

Sponsor

AD BANNER

Pages