লঘু লঘুকৈ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

লঘু লঘুকৈ

লঘু লঘুকৈ

Share This
গম্ভীৰ বিষয়... লঘু আপডেট

(১)
ল'ৰাৰ লগত ছোৱালী চাবলৈ গৈ মাছে মঙহে খাই আহি পাছত ল'ৰাজনৰ পৰিয়ালে ছোৱালী ৰিজেক্ট কৰা শুনিলে বহুত বেয়া লাগে, মাজে মধ্যে মনতো পৰি থাকে....
একেদৰেই ছোৱালী পটিল বুলি মেছত মদে-মাংসই কাৰোবাৰ পৰা পাৰ্টি খোৱাৰ পাছত যেতিয়া পাছত বেলেগৰ লগত পটি যোৱা শুনো একেই বেদনা অনুভৱ কৰো।
সমান সমান বেদনা, সমবেদনা চাগৈ!

(২)
কাজিৰঙাত বেদখল কৰা বুলি উচ্ছেদ হোৱা মানুহবোৰ যৰ পৰা আহিছিল হেনো তালৈকে উভতি যাব লাগে বা উভতাই পঠাব লাগে!
ষাঠি এষষ্ঠি চনৰ পৰা পট্টা লৈ ৰাজহ গাঁৱত বাস কৰা পৰিয়ালৰ সন্তান তালৈ স্বৰ্গৰ পৰা আহিছিল, সেয়ে স্বৰ্গলৈকে পঠাই দিলে হেনো দেই....ৰাজনৈতিক ইচ্ছাক সন্মান কৰি চন্তৰী সকলে!
ওপৰৱালাৰ ইচ্ছা, চন্তৰীয়ে কি ডাল কৰিবহে?

(৩)
এগৰাকী মহন্ত আৰু এগৰাকী গোস্বামীৰ নামত সুৰা বিপনী দেখি প্ৰথমেই মনলৈ আহিল গানটো
'মদৰ বেপাৰত মহন্ত-গোস্বামী নাই অ' আল্লা
বেপাৰত হীন-পৰ নাই '!
(বেলেগ এদিন দুয়োখন দোকানৰ ফটোও দিম বাৰু আপলোড কৰি :P )
বি.দ্ৰ. মাছ ধৰা/বেচা মানুহ, গাহৰি পোহা/কটা মানুহ আদিক হীন চকুৰে চোৱা সমাজখনৰ প্ৰতি কটাক্ষ কৰিহে আপডেটটো দেই...আজিকালি স্পষ্টীকৰণ নিদিলে আকৌ ৰাজনীতি সাঙুৰি দিব নহয় ;)





(৪)
দিনৰ দুটাৰ পৰা দহটালৈ সুৰাৰ বিপনী খুলিব, বাৰো খুলিব, ডিস্কোও...
সেইটো সময়তে পুলিচেও ৰাষ্টাত জাল পাতিব সুৰাপায়ী ধৰিবলৈ...
ইফালে সুৰাৰ দোকান দিয়া সকলৰ ওপৰতো বহুত বাঢ়িল কৰ...
সাধাৰণ সুৰাপ্ৰেমী আৰু সুৰা-বেপাৰী ক'ত মৰ, মৰ :P

(৫)

এলাহ কাক কয়?
সপ্তাহন্তৰ ছুটি বুলি শ্ৰীমতীয়ে পানী অকন খোৱাৰ পাৰ্মিছন দিলেও
গাড়ীখন লৈ ওলাই গৈ এই সন্ধিয়াৰ সমলকন আনিবলৈকো মন নোযোৱাটোকে চাগৈ আচল 'এলাহ' বুলি কয়!

(৬)
#কথোপকথন
মাকে বিৰক্তিৰে কৈছে-একে জেগাতে বহি নাথাক্ যে, ইমান উতপাত কৰি থাক্ কেলেই?
কনমানিৰ লগে লগে উত্তৰঃ ল'ৰা-ছোৱালীবোৰ এনেকুৱাই আৰু :)
মই বোলো, হেৰা পালানে উত্তৰটো হাতে হাতে
 


(৭) 
ল'ৰাক এতিয়া ড্ৰয়িং ৰুমত বহি 'ভাল অভ্যাস' গঢ়িবলৈ উপদেশ দিবলৈ লাজেই লগা হৈছেগৈ!
টিভিত সংজ্ঞাতো সঘনে যি বুলিহে দি থাকে হৌ....
 (মানে কণ্ডম পিন্ধাটো ভাল অভ্যাস দে!)  
:
(৮)

কনমানিক মাকে অভ্যাস কৰাইছে। মোৰ আগত ডেমো দিছে দেই!
তোমাৰ নাম কি?
কনমানিঃ নমস্কাৰ, মোৰ নাম অম....
বাহ্! মই খুশ...ৱাহ ৱাহ...হাততালি..., এইবাৰ আকৌ মাকৰ মাত
তোমাৰ দেউতাৰ নাম কি?
কনমানিঃ নমস্কাৰ, মোৰ দেউতাৰ নাম অ....
তোমাৰ মাৰ নাম কি?
কনমানিঃ নমস্কাৰ, মোৰ মাৰ নাম ম....
ৰব নোৱাৰিলো আৰু হাঁহি হাঁহি........ক'লো-
হৌৰা, মানুহ তুলিছানে ভাটৌ?
নমস্কাৰৰ দ'জটো অলপ বেছি হোৱা নাইনে?

(৯)
প্ৰতিক্ৰিয়াঃ
পাকিস্তানে নিজৰ টেৰিটৰিত মানৱ অধিকাৰৰ উলংঘন ঘটনাক চকু মেলি চোৱা উচিত।
ভক্তঃ ৱাহ্ ৱাহ্ ৱাহ্
ভাৰতেও নিজৰ নিজৰ টেৰিটৰিত মানৱ অধিকাৰৰ উলংঘন ঘটনাক চকু মেলি চোৱা উচিত।
ভক্তঃ চাল্লা লিবাৰেল..

(১০)
এনেই আৰু #বাটৰকচু
দেখিয়েই ভাল লাগে দিয়কচোন। কাজিৰঙাত বাতৰি কাকতৰ মালিকবোৰৰ ৰিজৰ্ট! এই ধৰক আমাৰ অসমৰ মালিক 'জি এল ৰিজৰ্ট' আৰু দৈনিক জনমভূমি গ্ৰুপৰ 'আয়োৰা'...
(পাঁচ বছৰমান আগতে ডাঙৰ সাংবাদিকে কাজিৰঙাত নিজা ফাৰ্ম হাউচৰ বাবে মাটিৰ "ব্যৱস্থা" কৰি লোৱা বুলি ফেচবুকত দিওতে মেডিয়া হাউচটোৰ সহকৰ্মী সকলে কিন্তু মোক ইয়াতে গুৰুলাগুৰুল দিছিল দেই :P
এতিয়া পিছে লাজ কৰিবলৈ কিটো আছে, সেইটো ষ্টেটাচ নহয়েই, ষ্টেটাচ চিম্বলহে!)

(১১)
বিষয়ঃ উৰিত আক্ৰমণ
--------------------------
ভাৰতৰ মাটিত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদ শেষ কৰিবলৈ বেলেগ কিবা উপায় চিন্তা কৰাৰ সময় আহিল।
আমাৰ মাটিত আহি আক্ৰমণ কৰাৰ পাছত বোমা কেইটাৰ বাকলিত 'মেইড ইন পাকিস্তান' লিখা আছিল বুলি বকলা বিচাৰি ফুৰিলে আৰু নহব! এয়া পাকিস্তানৰে কাম, আমি প্ৰমাণ দিম ধৰণৰ চিন্তাও প্ৰায় অসাৰেই হৈছেগৈ। এনেকুৱা আকৌ কৰিলে ক্ৰিকেট নেখেলো কিন্তু, বাঘা বৰ্ডাৰত দিৱালীৰ মিঠাই নিদিম কিন্তু ধৰণৰ চুপতি শেষ কৰিবৰো হ'ল।

(১২)

আজিকালি হেনো..

'আপোনাৰ ইনবক্সেই আপোনাৰ পৰিচয়'!

(১৩)

#বাটৰকচু

অসমীয়া ভাষা শিকি লোৱা মুছলিম
আৰু
হিন্দুত্বৰ তাবিজ পিন্ধা বাঙালী.....


এই দুটাৰ মাজত #বাংলাদেশী বিচাৰি অলৌগুটি তলৌগুটি কৰি থাকোতে থলুৱা অসমীয়া মানুহৰ অৱস্থা এতিয়া ৰুটি ভাগ কৰি দিবলৈ বান্দৰৰ ওচৰলৈ যোৱাৰ দৰেই#কাঢ়িল হোৱাতো একদম নিৰ্ঘাতেই!

আপুনি কিবা কব?
(১৪)



শুকুৰবাৰে বজাৰত দুগৰাকী মডাৰ্ণ ডেকাই ৰঙা কুকুৰা বিচাৰি ফুৰিছিল। মডাৰ্ণ বুলি এই কাৰণেই কৈছো, সাজে-পোচাকে, জোতাই-ঘড়ীয়ে, মোবাইলে-গাড়ীৰ চাবিয়ে সকলো আগৰণুৱা অত্যাধুনিক!

মই ব্ৰইলাৰ কটাই আছিলো, তেওঁলোকৰ ৰেহ-ৰূপ চাই চাই। এজনে খাঙটোলৈ আঙুলিয়াই কৈছে- এইটো পিউৰ ৰঙা নহয়চোন! মাজে মাজে বেলেগ ৰঙো আছেচোন! পূজাত লাগেটো, দেউৱে ৰঙা কুকুৰা বুলিহে কৈছে!


সিজনে আইডিয়া দিছে- 'বজাৰত একদম পাৰ্ফেক্ট ৰঙা নাই যেতিয়া দেউকে এবাৰ ফোন কৰি কনফাৰ্ম কৰি নলৱ কিয়?'

সিজনে, হব নে নহব, বেলেগ কেইটা খাঙতো খাটি লাল পাখিৰ থলুৱা মুৰ্গী পায় নেকি কিংকৰ্তব্যবিমোৰ হৈ দুচকুৰে পিটপিটাই আছে!

মোৰো বাটৰ কচু গাত ঘঁহি লবলৈ মন গলেই নহয়, 'এই ভাইটি, ৯০পাৰ্চেণ্ট ৰঙাইচোন, শনি পূজাৰ বাবেহে লাগে, ৯০পাৰ্চেণ্ট কাম সিজিলেওচোন কিনো বেয়াহে! এডজাষ্ট হৈ যাব দিয়া....'। ল'ৰাটোৱে যেন ভাৱনাৰ পাৰহে পালে, এহ হব দে! বুলি জীয়া কুকুৰাটো পটককৈ কিনি লৈ আঁতৰি গ'ল।

মই কুকুৰা বেপাৰী ভাইটিজনক ক'লো- 'বোলো ভাইটি এটা কথাকোৱাচোন, কাৰোবাৰ জীৱনত কি ঘটিব নঘটিব, তাৰ ওপৰত কুকুৰাৰ পাখিৰ ৰঙৰ প্ৰভাৱ সম্পৰ্কে কৰবাত কিবা গৱেষণা হৈছে নেকি বাৰু?'

ব্ৰইলাৰ কাটি থকা ভাইটিজনে কি বুজি পালে নাজানো, মোলৈ চাই ক'লে-
'দাদা, পাখিটোনো কি কথা, দেউৰ বাবেও মঙহৰ জুতিকনহে মেইন!'

হমম, মনতে পাগুলিলো... হয়টোন, 'How does পাখি কালাৰ of a chicken matter the most?"

(১৫)
গোস্বামী বোলাজন বোলে বম খেতিয়কো
চহাই ফুৰাত বৰ ভাল বোলে, ৰাপো...
পিছে গোঁসাই মানুহে এইদৰে বৰকৈ
চহাই ফুৰাতো হেনো ভাল নেদেখি!

(১৬)
এজন বন্ধুৱে ফোনত বছক কোৱা শুনিলো,
'কালি ৰাতি যিহে হাড়ভঙা পৰিশ্ৰম হ'ল ছাৰ, এতিয়া গোটেইখন বিষ! অফিচ যোৱা নহব'!
অলপ পাছত দেখুন বন্ধুবৰ দাঁতৰ ডাক্তৰৰ চেম্বাৰৰ পৰাহে ওলাই আহিছে! মোৰ মুখত প্ৰশ্নবোধকটো দেখিয়েই মাত লগালে-'অথনি কোৱা নাছিলো জানো, হাড়ভঙা পৰিশ্ৰম হোৱা বুলি! ধাবাত গৈ কালি ৰাতি খুৱ তন্দুৰী চিকেন চোবালো আক্! এতিয়া দাঁতৰ বিষ!'
মই বোলে হয় হয়, কিতো মিছাতো!
মানে অশ্বত্থামা হতইতো ...কিন্তু ইতি গজহে!

(১৭)

প্ৰসাদৰ মিঠা পায়স খালেও ছুগাৰ নাবাঢ়ে...
কাৰণ... ভক্তিটো থাকে ইনছুলিনৰ শক্তি!

(১৮)
গুজৱঃ
কালি মোদী চাহাবে জিঅ'ৰ বিজ্ঞাপনত ভুমুকি মৰা দেখি এজনৰ স্পষ্টীকৰণ....
জিঅ' কোম্পানীটো মোদী চাহাবৰ বুলি ভুলটো নাভাবিব,
আচলতে ই প্ৰমাণ কৰিছে যে
মোদী কোম্পানীটো জিঅ' কোম্পানীৰ মালিকৰহে!

(১৯)

So many downloaded films in Hard disks,
So little time.........,
ইমানবোৰ চিনেমা, পিছে সময়?
এই লাইন তিনিটা লিখিয়েই প্ৰসংগতে মনত পৰিল,
বহুদিন আগতে নিজকে কাচানভা বুলি ভবা এজনে টি-চাৰ্টত তলৰ বাক্যশাৰী লিখি বুকু পিন্ধাই ফুৰিছিল,
So many Girls
So little time.....

যেন দেশত মৰম বিলোৱাৰ তেওঁৱেই স্বয়ম্ভু গুৰু দায়িত্বত আছিল।
সকলোকে দিবা কিঞ্চিত কিঞ্চিত টাইপ!
তাকে কৰিবলৈ সময় নাপায়, বেচেৰাই এসোপা ক্ষোভহে যেন বুকুত বিজ্ঞাপন আঁৰি প্ৰচাৰ কৰিছিল....!

(২০)
বন্ধুক পথৰ সিপাৰৰ কেম্পাছটোলৈ আঙুলিয়াই সুধিলো, শ্মশান নেকি?
-নহয়, departure terminal হে!
সি অলপ দূৰৈৰ কেম্পাছ এটালৈকো আঙুলিয়াই দেখুৱালে, সৌটো arrival terminal! অৱশ্যে তাতে Maintenance bay বোৰো আছে! কৈয়েই সি গাড়ীখন উৰাই দিলে, দেখিলো সিটো কেম্পাছত লিখা আছিল- চৰকাৰী হাস্পতাল!

(২১)

ঐতিহ্য মণ্ডিত সত্ৰ সমূহৰ হাজাৰ হাজাৰ বিঘা মাটি বেদখল হওতে হাজাৰ হাজাৰ ভক্ত, শিষ্য সকল কলৈ গৈছিল নো? এদিনতে বেদখলবোৰ হৈছিলনে? তেতিয়া সমবেত হৈ প্ৰতিৰোধ কৰিব নোৱাৰিলে কিয়নো, এতিয়া বৰপেটা সত্ৰত একগোট হৈ নাৰীৰ প্ৰৱেশৰ প্ৰসংগটো প্ৰতিৰোধ কৰাদি?

(২২)

Countrymen নে কন্ট্ৰিমেন?
মানে দেশখন ৰাইজে কন্ট্ৰি কৰিহে চলাই আছে যে! (i.e. direct & indirect tax)
অসমৰবোৰটো পাক্কা কন্ট্ৰিমেনেই৷ দেখা নাই কন্ট্ৰি কন্ট্ৰি কৰি "একটা পূৰা সঙচকিতি গঢ়ি দিছে"৷ এইটোকে কহে চান্দা সঙচকিতি! এইটোতে বেপাৰী চমাজটোৰ গেহেৰা কন্ট্ৰিবিউচন আছে৷ এইটো চংস্কৃতিৰ পূজাৰীচবৰ চেহেৰা দেখিলেই চিনা গৈছিল৷ বগা-চোলা ক’লা পেণ্ট৷ তাকে এৰিকিনে এতিয়া ৱ ভী গেৰুৱা পহনি লৈছে! এতিয়া একৰকম কনফিউজনেই হৈ গৈছে কী কোনটো চান্দা কনটো পূজাৰ কাৰণে দিছো৷
এতিয়া ৰাজাও হৈছে, ফিৰভী পূৰণা চাভাৱটো পাহৰা নাই৷ বান হৈছে, কহিছে দিল্লীচে টাকা নলাগে, ইয়াতে কন্ট্ৰি কৰিয়ে চালাই দিব!

(২৩)
যিদৰে,
হাঁহিটো ধুনীয়া হ’লেই নহব
দাঁতকেইটিও চাফা হব লাগিব!
একেদৰেই,
দুৰ্যোগ ব্যৱস্থাপনা শিতানত পুঁজি
এভেলভেল বুলিলেই নহব,
বানাক্ৰান্তক সকাহ দি সন্তোষৰ হাঁহি নবৌৰ চেনেলৰ টিভিৰ পৰ্দাত জিলিকাবও পাৰিব লাগিব!

(২৪)
অসমৰ গৰুৰ গোৱৰবোৰ ৰাষ্ট্ৰীয় সম্পদ হয় নাই জানো?
মানে বানত অসমৰ গো-মাতৃ সকল বিপন্ন হোৱাৰ পাছতো ৰাষ্ট্ৰীয় স্তৰৰ পুত্ৰ সমাজে একো উদ্বিগ্নতা প্ৰকাশ নকৰা দেখিহে কথাটো মনলৈ আহিছে!

:P



No comments:

Post a Comment

Sponsor

AD BANNER

Pages