ড্ৰাফট লেখা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

ড্ৰাফট লেখা

ড্ৰাফট লেখা

Share This
(প্ৰসংগঃ নদীবান্ধ, সংস্কৃতি ৰক্ষা আৰু সাংস্কৃতিক কৰ্মী)
হনি সিঙ আৰু মানস ৰবীনৰ গীতৰ কথাৰে

পাঞ্জাৱৰ এটি অখ্যাত পৰিয়ালৰ পৰা নিজৰ সংগীত প্ৰতিভাৰ বলত ভাৰতৰ বিশাল জনসংখ্যাৰ মাজত পৰিচিত নাম হৈ পৰা হনি সিঙক লৈ বিতৰ্কৰ অন্ত নাই। বিগত বৰ্ষত হনি সিঙৰ কেইবাটাও গীতৰ ভিডিঅ'ই যেন নতুন প্ৰজন্মৰ মাজলৈ ধুমুহাহে আনিলে। মোবাইল, ইউ.টিউব, লেপটপৰ বাহিৰেও এফ.এম ৰেডিঅ'ৰ কথা বাদেই নৱবৰ্ষৰ অনুষ্ঠান, জন্মদিনৰ পাৰ্টি আদিতো ডিজেৰ চাহিদাৰ তালিকাত হনি সিঙৰ গানে তালফাল লগাই দিছিল। কেইবাখনো ছবিয়ে হনি সিঙক আনকি পৰ্দা শুৱনি কৰাৰ লগতে নতুন প্ৰজন্মৰ জনপ্ৰিয় তাৰকাজনক চিনেমাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল। হনি সিঙৰ গীতৰ চন্দোময়তাৰ আকৰ্ষণৰ সমানেই সমালোচনাৰ জোৱাৰ উঠিছিল গীতৰ কথা সমূহক লৈ। বিতৰ্কিত গীতৰ কথাৰ বাবে অপসংস্কৃতি তথা অশ্লীলতা প্ৰচাৰ কৰাৰ অভিযোগৰ বাবে হনি সিঙক আনকি বহু প্ৰতিষ্ঠান বা ঠাইত লাইভ শ্ব কৰাত বাধা দিয়া হৈছিল। অসমলৈকো এওঁক মাতি অনাৰ বাবে হৈ-ছৈ হৈছিল আৰু সামাজিক তথা স্থানীয় সংগঠনে বিষয়টোত প্ৰতিবাদী স্থিতি গ্ৰহণ কৰিছিল। এনে বিতৰ্কৰ মছলা আৰু গীতৰ তালৰ জনপ্ৰিয় মূৰ্ছনাৰ বাবে আমাৰ সমুখতো হনি সিঙ হৈ পৰিছিল আকৰ্ষণৰ বস্তু। ফলত তেওঁৰ বিষয়ে জানিবলৈ বুজিবলৈ ইণ্টাৰনেটত উপলদ্ধ লিখিত সমলৰ লগতে টিভিৰ সাক্ষাতকাৰবোৰ মন দি চাইছিলো। পিছে এইবোৰ সমলৰ মাজত হনি সিঙৰ আন এখন ছবিয়ে দেখিবলৈ পাইছিলো, যিখনৰ সংবাদপত্ৰৰ বিতৰ্কৰ বৰবৰ হৰফৰ মাজত ফুটি উঠা ছবিখনৰ সৈতে একে নাছিল।

হনি সিঙে এটা সাক্ষাকাৰত তেওঁ কিয় বিতৰ্কিত গীতৰ বাবেহে জনা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰটোলৈ মন কৰক। তেওঁ কৈছিল যে, তেওঁ গীত লিখা কামটো এতিয়া নতুনকৈ কৰা নাই। বহু বছৰৰ পৰাই তেওঁ

No comments:

Post a Comment

Sponsor

AD BANNER

Pages