খবৰ, চিন্তা আৰু বিশ্লেষণঃ
(১) ভৰত নৰহক মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা নিযুক্তিঃ
দুকুৰি বছৰ এটা অঞ্চলৰ পৰা বিধায়ক হৈ মন্ত্ৰীত্বৰ সোৱাদ লোৱা এজন মানুহ ৷ কিন্তু সেই দুকুৰি বছৰতো নিজৰ সমষ্টিত নহ’ল উন্নয়ন৷ নকৰিলে বাট-ঘাটৰ উন্নতি, নকৰিলে আৰ্থ-সামাজিক প্ৰগতি, নহ’ল বানৰ গ্ৰাসৰ পৰা মুক্তি, নবহলি কোনো কল কাৰখানা ৷ প্ৰচণ্ড ক্ষোভত জ্বলি থাকিল ঢকুৱাখনা, ধেমাজি, লখিমপুৰৰ ৰাইজ ৷
জনজাতীয় ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰতো সেই অঞ্চলৰ পৰা একমাত্ৰ মন্ত্ৰী হিচাবে অঞ্চলবাসীক কৰিলে হতাশ ৷ অ-জনজাতীয় ৰাইজৰ স্বাৰ্থক মোহাৰি পেলালে ভৰিৰে ৷ তেখেতৰ আঙুলিৰ ঠালত চলা কুটিল ৰাজনীতিত উজনিৰ এই অংশৰ মানুহৰ মাজত জনগোষ্ঠীয় বিবাদে পালে চূড়ান্ত ৰূপ ৷
ধেমাজিৰ স্বাধীনতা দিৱসৰ বোমা বিস্ফোৰণৰ ঘটনাৰ লগতো জড়িত থকাৰ উঠিছিল অভিযোগ ৷ তেওঁ গ’লে ধেমাজিৰ সকলো দোকান পোহাৰ এফালৰ পৰা নিমিষতে বন্ধ কৰি দিয়াৰ দৰে ঘৃণা প্ৰকাশৰ ঘটনাৰ আমি নিজেই সাক্ষী ৷
বান নিয়ন্ত্ৰণ মন্ত্ৰী হৈ লুটাৰ বাহিৰে নিজৰ বান-বিধ্বস্ত অঞ্চলক নিদিলে কোনো বানৰ পৰা ৰেহাই পোৱাৰ বাট ৷ তোষামোদকাৰীৰ দলবোৰক ঠিকা-ঠুকলি দি পুহি ৰখাৰ বাহিৰে তেখেতৰ কৃতিত্ব বিচাৰ কৰাটো আমাৰ বাবে কঠিন ৷
যদিও তেওঁ ধন-বল, বাহু-বল, জন-বলত বলীয়ান আছিল, মেনেজ-মাষ্টাৰ আছিল, তথাপি ৰাইজৰ ক্ষোভৰ অগনিৰ আগত এইবাৰ তিস্তিব নোৱাৰিলে ৷ তেওঁক ৰাইজে গণতান্ত্ৰিক ভাৱেই গাদীৰ পৰা আঁতৰাই পঠালে৷ তেখেতেক চৰকাৰী খৰছত বা ৰাইজৰ ধনেৰে পুহি ৰাখিবলৈ অস্বীকাৰ কৰিলে, অন্ততঃ পাঁচ বছৰৰ বাবে৷
কিন্ত এইয়া কি, ইমান দিন আত্ম-গোপন কৰি থকাৰ দৰে থকা নৰহক আজি আনি কেবিনেট মন্ত্ৰীৰ পদ-মৰ্যদা প্ৰদান কৰা হ’ল৷ তাকো গণতান্ত্ৰিক ৰাইজৰ জনমত বুঢ়া আঙুলি দেখুৱাই, পিছ দুৱাৰেদি ৷ এনে এজন মানুহক, যাক মানুহে পদচ্যুত কৰিছিল, তেখেতৰ কু-শাসন, কু-কৰ্মৰ বাবে, সেই জনকে কেবিনেট মন্ত্ৰী পাতি খৰছ দি- সুৰক্ষা দি পুহি ৰাখিবলৈ ৰাইজ মান্তি হবনে?
মুখ্যমন্ত্ৰীয়েই হওক বা আন শাসকীয় ক্ষমতা কেন্দ্ৰই হওক, গণতান্ত্ৰিক ভাৱে বহিস্কৃত এনে ৰাজনৈতিক নেতাক পিছদুৱাৰেদি "ৰজা" পতাৰ এনে প্ৰচেষ্টা বন্ধ কৰিব লাগে৷ সচেতন ৰাইজেও দৃষ্টান্তমূলক নিৰ্দেশৰ বাবে ৰাজহুৱা স্বাৰ্থ-জড়িত আবেদন যোগে উচ্চ ন্যায়ালয়ত এনে সিদ্ধান্ত গণতান্ত্ৰিক জনমতৰ বা ৰায়ৰ পৰিপন্থী বুলি প্ৰত্যাহ্বান জনাব লাগে ৷
জনতাৰ হাতত উপেক্ষিত/ বহিস্কৃত এনে ৰাজনৈতিক কৰ্মীক বিধান পৰিষদ, নিগম নিকায়ৰ চেয়াৰমেন, ৰাজ্য-সভা আদি লাভজনক পদবী লাভ কৰাৰ পৰা বাৰণ কৰিব লাগে ৷ ৰাইজে বহিস্কাৰ কৰা লোকক ৰাইজৰ ধনেৰে এইদৰে পুহিবলৈ অনৈতিক ৰাজনৈতিক সিদ্ধান্ত লব পৰা এনে ক্ষমতা জনতাৰ স্বাৰ্থত কৰ্তন হব লাগে ৷ এনে অনৈতিক নিযুক্তিয়ে দিয়ে কিছুমান বেয়া আদৰ্শ বা উদাহৰণতকৈ আন একোৱেই ৰাইজক গদিব নোৱাৰে সেয়া নিশ্চিত ৷ সেয়ে এই বিষয়ত প্ৰৱল জনমত-তথা-ন্যায়ালয়ৰ কাষ চাপি এক দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰাৰ প্ৰয়োজন হৈ পৰিছে ৷ যিটো ভাৰতীয় গণতন্ত্ৰক সঠিক ৰূপত ধৰি ৰখাৰ বাবেও অন্যতম এক প্ৰয়োজনীয় খোজ বুলি গণ্য হব পাৰে ৷
No comments:
Post a Comment