বাটে ঘাটে-(৩)
ভগ্ন হৃদয়ৰ কৃতজ্ঞতা
আজি সন্ধিয়ালৈ টাইমচ অৱ ইণ্ডিয়া লিটাৰেৰী কাৰ্নিভেলত ৰাজস্থানৰ জয়পুৰৰ চাবৰী ব্ৰাডাৰ্ছৰৰ সংগীত সন্ধ্যা আছে ৷ অফিচৰ পৰা নাতিদূৰতে ৷ কালিও চালোগৈ সুশীলা ৰমনৰ লাইভ প্ৰগ্ৰাম ৷ আজি আকৌ সন্ধিয়াৰ ডিউটি চাৰিটাৰ পৰা দহ বজালৈ ৷ কিবা এটা কৰি কাৰ্যসূচী চাবলৈ খুবেই মন ৷ এনে হেন সুযোগ দুনাই নাপাম.. এনে হেন অনুভৱ ৷
কালি ৰাতি ঘৰলৈ ঘুৰি আহোতে কিবা এটা যোগাৰ কৰাৰ বাবে তালি-বাজি কৰাৰ তালত মনটো নাচি আছিল ৷ তাকেই কোম্পানীৰ গাড়ী চালকজনক ক’লো- কিবা এটা মেনেজ হোৱা হ’লে?
সিও যোৱা দুদিন অফিচৰ পৰা পোনে পোনে সাহিত্য উৎসৱলৈ পোনোৱা দেখিমোৰ মনটো বুজি গৈছিল৷ অফিচৰ নতুনকৈ অহা সহকৰ্মী জনক এবাৰ কৈ চোৱাৰ টিপছ এটা দিলে ৷ ময়ো ভাবিলো, কথাটো হয়৷ নতুন বন্ধুজনো দেখোন ৰাজস্থানৰে জয়পুৰৰ বুলিয়েই কৈছিল৷ আজি তেওঁ দহ-বজাত আহি মোক আজৰি কৰিবহি লাগে৷ বোলো এবাৰ সুযোগ বুজি টুকুৰিয়াই চাও, দয়া কৰি দুঘণ্টা আগতে আহি যাতে মোক সংগীতৰ মায়াজালখনত এবাৰ সোমোৱাৰ দিহা কৰি দিয়ে ৷
কালি ৰাতিৰ কথা ৷তেওঁ আহি উঠিলহি গাড়ীত, ড্ৰাইভাৰেও ইংগিত দিলে৷ লগৰ এজনলৈ ফোন কৰি জনায়ো দিলো ৷ বোলো আজি যে তুমি নাহিলা বন্ধু তুমি কি হেৰুৱালা তুমি নিজেই নাজানা!এনে লাগিল যেন এই মাত্ৰ সংলাপটো ক্ৰুছবিদ্ধ যীশুৰ মুখৰ পৰা চুৰহে কৰি আনিলো ৷ ফোনৰ সিমূৰত থকা বন্ধুজনে কাওবাও কৰি উঠিল, সঁচাই আহিব নোৱাৰিলো বাবেই সুশীলাৰ লাইভ প্ৰগ্ৰেমটো চাব নোৱাৰিলো ৷ মই সান্ত্বনা দিলো, বোলো মোৰ ফাল্টু ডিজিটেল কেমেৰাটো আৰু মোবাইলটোতে তোমাক অকন সোৱাদ দিবলৈ কেই এম,বি মান ভিডিঅ’ কৰি আনিছো ৷ ফোনটো থৈ বৰ আশাৰে কাষৰ ৰাজস্থানী বন্ধুলৈ চালো ৷ মোলৈ চাই হাঁহিছে ৷ আজিৰ প্ৰগ্ৰাম বঢ়িয়া হৈছিল নেকি সুধিলে, মই উৎসাহ পালো, ফটো তথা ভিডিঅ’ অকন দেখুৱালো ৷
ড্ৰাইভাৰে পুনৰ ইংগিত দিলে- কওক, কওক! মই এইবাৰ তেওঁক ক’লো, কাইলৈটো তোমালোকৰ ৰাজস্থানী সংগীতক ৰাষ্ট্ৰীয় মঞ্চলৈ তুলি ধৰা চাবৰী ব্ৰাডাৰ্চ আহিব ৷ তেওঁ সুধিলে কোন চাবৰী ব্ৰাডাৰ্চ! আৰে বাবা ৰাজস্থানৰ জয়পুৰৰ বিখ্যাত চাবৰী ব্ৰাডাৰ্চ! নাই মই নাজানো, তেওঁৰ নিৰুদ্বেগ উত্তৰ ৷ মই ক’তে মৰো, লাজো লাগিছে খঙো উঠিছে ৷ মই ক’লো- প্ৰথম কথা আপুনি ৰাজস্থানৰ জয়পুৰৰ বুলি কৈছিল দেখুন৷ সেই নচেৰত ফতেহ আলী খানৰ গানে দেশৰ সংগীত জগতত লগৰ তোলা সময়তে দেখুন এই চাবৰী ব্ৰাডাৰ্ছৰ গানেও ৰাষ্ট্ৰীয় মঞ্চত দপদপাই আছিল ৷ তেওঁ এসোপামান চেঁচাপানী ঢালি ক’লে- এইচা নেহী হ্যে, মে ভী গানা চুনটা হো, মগৰ কৌন গায়া, কিউ গায়া, হমে ক্যা লেনা-দেনা!
বোলো বোপাই ৰাজস্থানী, তহঁতৰ খাতা, লেনা-দেনাৰ হিচাব! তাৰ মাজত এইটো আকৌ কি লেনা-দেনা বুলি সুধিছ! ভাবি মোৰেই মুখৰ ৰং সলনি হবলৈ ধৰিলে, তথাপি মই ক’লো- আমাৰ তাত পিছে এনেকুৱা নহয় দেই, আমাৰ ভূপেন হাজৰিকাই হওক, জুবিন গাৰ্গেই হওক, অংগৰাগ মহন্তই হওক, কোনে ক’ত কি সফলতা পাইছে অন্ততঃ বাতৰি কাকতত হ’লেও ওলায়৷ আমিও কি কি নতুন গান আহিছে সকলো খবৰ পাও ৷ অন্ততঃ অসমীয়া সংগীতক ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰা সকলক লৈ আমাৰ অসমীয়া মানুহৰ গৌৰৱৰ অন্ত নাই ৷
লাহে লাহে হিয়াখন মৰহি আহিল ৷ ড্ৰাইভাৰ মনোজেও সহানুভূতিৰে দৃষ্টিৰে মোলৈ চালে ৷ তথাপি মই ধৈৰ্য নেহেৰুৱালো, তেওঁক কিছু ক’লো, তোমালোকৰ ৰাজস্থানৰ, তাতে তুমিতো জয়পুৰৰ বুলিয়েই কৈছা (প্ৰকৃততে জয়পুৰৰ পৰা কেইশ মাইল দূৰৰ চাগৈ ভগৱানেহে জানে!!!!), তাতেই তুমি চাব্ৰী ব্ৰাডাৰ্চৰ গান শুনা নাই ৷ অথচ ভাৰতৰ মূল ভ-খণ্ডৰ মূল মূল ভাৰতীয় বুলি নিজকে ভবা সকলে জংগল বুলি ভবা অসমৰ, তাতোকৈ ডাঙৰ কথা ধেমাজিত ৷ মোৰ জন্ম ঠাইখনতো অসমৰে আন প্ৰান্তৰ মানুহৰ দৃষ্টিত কলীয়াপানী-দুৰ্গম বা অনৱৰতে পানীৰ তলত থকা! তথাপি তাতো সেই নব্বৈৰ দশকতে আমি ৰাতি ৰাতি পঢ়োতে কাঠৰ বাকচত দাদাই বনোৱা এক্সপেৰিমেণ্টেল টেপৰেকৰ্ডাৰত চৈয়দ চাব্ৰী আৰু ফৰীদ চাব্ৰীৰ গান শুনো ৷ আমাৰ ঘৰৰ শেৱালি ফুলো তোমাৰ চাব্ৰী ব্ৰাদাৰ্চৰ মাতৰ কঁপনিতে সৰে! ধৈইত ইয়াক কৈ কি লাভ বুলি ভাবিলো হঠাত........সেয়ে সকলো কব নোৱাৰিলো ৷ সংগীত-প্ৰেমী হিয়াখন সেমেকি উঠিল৷
সেয়ে ৰাইজৰ দৃষ্টিত কলীয়াপানীতো মানে পানীৰ মাজতো ধেমাজিতো সেই যুগতে ৰাজস্থানৰ শুকান মিউজিকৰ কেচেটো কঢ়িয়াই নি আমাৰ মন জীপাল কৰাৰ বাবে, কেচেট নি ৰখা ধেমাজি কেশৱ ইলেক্ট্ৰনিকচ(এতিয়া বন্ধ হৈ গ’ল), তামুলী ইলেক্ট্ৰনিকচলৈ মনটোৱে বাৰে বাৰে কৃতজ্ঞতা জনাইছো ৷ লগতে সংগীত উদ্যোগৰ লগত জড়িত ব্যৱসায়ী তথা তেওঁলোকৰ সেই যুগৰ মানুহ নিৰ্ভৰ কাৰ্যকৰী নেটৱৰ্কটোক চালাম কৰিবই লাগিব ৷
এতিয়া চাগৈ ৰাতিলৈ ইউ টিউবতে চাব্ৰী ভাতৃদ্বয়ৰ কঁপা কঁপা মাতৰ গীত-সংগীত উপভোগ কৰিব লাগিব ৷ উপায় নাই... অফিচলৈ যাওঁ...আজি আৰু চাব্ৰী ব্ৰাডাৰ্চৰ লাইভ প্ৰগ্ৰামটো চাবলৈ নাপাওঁ!
www.lalink-redindian.blogspot.com
No comments:
Post a Comment