কলীয়াৰ উজ্বল আকাশ
(১)
কলীয়া মোৰ সৰুকালৰে বন্ধু, কানসমনীয়া ৷ গাৰ ৰঙটোৰ বাবেই তাৰ এই নাম! সিহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা পাঁচ ছয়ঘৰ মান সিফালেই আছিল৷ কালক্ৰমত নগৰ সমিতিৰ ভিতৰলৈ সিহঁতৰ ঘৰৰ ফালটো সোমাই পৰিল ৷ সেয়ে বাঢ়ি অহা নগৰখনত নতুনকৈ ঢকুৱাখানা, মাছখোৱা আদি ঠাইৰ পৰা মানুহবোৰে চাকৰিসূত্ৰে থাকিবলৈ মাটি কিনিবলৈ আৰম্ভ কৰিলে ৷ সিহঁতৰ ঘৰৰ মাটি টুকুৰো দেউতাকে বিক্ৰী কৰি দিলে ৷ বোলে এইফালে বৰ বৰ মানুহৰ দালান উঠিব, আমি সৰু মানুহবোৰে দালানৰ ছাঁত থকাৰ সকাম নাই ৷ পথাৰৰ ফালে সিহঁত উঠি গ’লগৈ ৷
মূল ভেঁটী অলপ ক্ৰমবৰ্ধমান দামত বিক্ৰী কৰি পথাৰৰ মাটিলৈ উঠি যোৱাটো মাত্ৰ কলীয়াহঁতৰেই কাহিনী নহয় ৷ আৰ্থিক ভাৱে দুৰ্বল অথচ পুৰণি স্থানীয় মানুহবোৰে প্ৰতিখন নগৰ চহৰতে ন-ধনীবোৰৰ হাতত নিজৰ ভূ-সম্পত্তি ভেঁটী এনেকৈ বেছি থৈ আঁতৰলৈ বা পথাৰলৈ গুচি যায়গৈ ৷ এইটো এটা সহজাত প্ৰক্ৰিয়া বুলিয়েই কব পাৰি ৷ গুৱাহাটীতো বহুতো সমতলত বাস কৰা কাৰ্বি মানুহে সমতলৰ মাটিত দাম পাই পুনৰ পাহাৰত ঘৰ বনাইছেগৈ ৷
নাৰেংগীৰ ফালে এনে দৃশ্য অতি সুলভ, নাৰেংগী কিয় গুৱাহাটীৰ পৰা ওলাই খানাপাৰাৰ পাহাৰচোৱা পাৰহৈ পোৱা ঠাইবোৰ প্ৰায় ক্ষেত্ৰী পৰ্যন্ত ৰাস্তাৰ কাষৰ মাটি-সম্পত্তি "নতুনকৈ অহা" বা "বেপাৰী বা বিনিয়োগকাৰী"ৰ হাতলৈ একে পদ্ধতিৰেই গৈ আছে ৷ এই ক্ষেত্ৰত দালাল ৰূপে স্থানীয় যুৱক সকলেই কাম কৰি, কুটুম্বৰ সোণ বিকি দৰিদ্ৰ কৰাত সহায় কৰি আহিছে ৷ গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত জনজাতীয় যুৱক সকলৰ এনে কেইটিমান সহজ ধন আহৰণৰ তাড়ণাক অনা-অসমীয়া তথা নতুন ধনী অসমীয়াই পূৰ্ণ দুৰ্ব্যৱহাৰ কৰিছে ৷ কলীয়াহঁতৰ ঘৰৰ ভেটি বিক্ৰী কৰা সময়তো তেনে এজন স্থানীয় ল’ৰা পাটৰদাই দালালৰ কাম কৰিছিল, ইয়াত বিক্ৰী কৰি পথাৰৰ ফালে ধেৰ কিনাই দিম মাটি ধৰণৰ কথাৰে আভুৱা ভৰা দেধাৰ "পাটৰ"দা এতিয়া চৌদিশে ঘূৰি ফুৰিছে৷
কলীয়াহঁত উঠি যোৱাৰ ঠিক কেইমাহমান আগতে তাৰ মাকৰ বিয়োগ হৈছিল৷ কলীয়াৰ দেউতাক লতকন কাঠ মিস্ত্ৰীৰ পুতেক চিবেন৷ তেওঁ নিজেও দেউতাকৰ পৰা কাঠমিস্ত্ৰীৰ কামটো শিকি লৈছিল, তথাপি বৰ পৈণত মিস্ত্ৰী নাছিল ৷ তেতিয়া মানে ১৯৮৯মানত ঘৰৰ সজা বা ইণ্টেৰিঅ’ৰ বনোৱা ধৰণৰ কামবোৰ উদ্যোগৰ ৰূপ লোৱা নাছিল৷ তেতিয়া কাঠৰ চকী, টুল, পীৰা বা দৰজা, টিনপাত লগোৱা কেঞ্চি লগোৱাটোৱেই ডাঙৰ কাঠৰ কাম আছিল ৷ সেয়ে পাতলীয়া কাম, পাতলীয়া অৰ্থনীতিৰ মাজত ঘৰখন চলিবলগা হৈছিল ৷ পথাৰৰ খেতিৰে ঘৰখনৰ ভাতৰ যোগাৰ হৈছিল ৷
হঠাত কলীয়াৰ মাক কিবা অচিন বেমাৰত ঢুকাই থাকিল ৷ কলীয়াৰ তলত পেন্দুকণা দুটা, এটা ভায়েক আৰু এজনী ভনীয়েক৷ মাকৰ বিয়োগত ঘৰখনৰ অৱস্থা শোচনীয় হৈ পৰিব খুজিলে, তেতিয়া অৱশ্যে কাষতে থকা মিস্ত্ৰী বুঢ়ী আইতা (নামটো পাহৰিলো) বিয়া পাতি বাৰীতে বেলেগ হৈ খোৱা চিবেনৰ ঘৰলৈ পুনৰ কাষচাপি আহি, পোনাকণ কেইটাক সামৰি ল’লেহি ৷ তেতিয়া ভিডিঅ’ৰ দিন৷ মানুহৰ ঘৰত বিয়া সবাহ হ’লে ভিডিঅ’ আনে৷ ঠেলাত উঠি এৰাতিৰ বাবে কালাৰ টিভি আহে, বেটেৰী আহে ৷ মানুহৰ মনবোৰ বেটেৰী থকালৈকে ৰাতি ৰঙীণ কৰি পুনৰ ঠেলাত উঠি যায়গৈ ৷ মাক ঢুকুৱাৰ খবৰে তেতিয়া কলীয়াক বৰকৈ খুচ কৰি তুলিলে, সি খবৰ লবলৈ যোৱা আমিবোৰক ক’লে-"মা মৰিলে ভালেই হ’ল, ঘৰতে ভিডিঅ’ চাবলৈ পাম!"
সেই সৰুতে মাতৃহীনা হোৱা অবুজ কলীয়াটোৰ মুখৰ কথা কেইষাৰ আজিও মনলৈ ভাঁহি আহি থাকে... বাস্তৱ কি, তাক নুবুজা ল’ৰাটোক ভায়েক-ভনীয়েক হালৰ সৈতে এৰি যাব লগা হ’ল মাকে...এয়াই জীৱন৷
(২)
কলীয়াৰ বাপেকৰ বয়স আছিল৷ ছমাহমানৰ পাছতে বিষ্ণুপুৰৰ ফালৰ পৰা এগৰাকী চপাই আনিলে ৷ তেতিয়া আমাৰ মাহীমাৰ কাহিনী তেজীমলা পঢ়াৰ বয়স৷ সেয়ে কলীয়াহঁতৰ ন-ভেটীলৈ নতুন ঘৰ চম্ভালিবলৈ অনা নতুন মাকজনীলৈ আমাৰ বৰ আগ্ৰহ৷ আমি খুড়ীদেউ বুলিয়ে মাতিছিলো ৷ সৰু আছিলো যদিও প্ৰতিটো খোজতে যেন মই মনে মনে সেই খুড়ীদেউজনীক তেজীমলাৰ মাকৰ লগত ৰিজাই থাকিছিলো ৷
মাজে মাজে কলীয়াক সুধো, ভায়েক, ভনীয়েক বা তাক নতুন মাকে দবিয়াই নেকি? ভাতপানী ঠিকমতে দিয়েনে? মাজে মাজে যাও সেইবোৰ নিজ চকুৰে চাবলৈকে৷ পিছে মোৰ সকলো প্ৰচেষ্টাৰ পাছতো খুড়ীজনীৰ মাজত তেজীমলাৰ মাকক বিচাৰি নাপালো ৷ হুঁচৰি গাবলৈ লগ ধৰিব গ’লেও কলীয়াক দিয়া গামোচাখনৰ ফুলটোৰ চাইজটোৰ সৈতে মোৰ নিজৰ মায়ে দিয়া গামোচাখনৰ ফুলৰ দৈৰ্ঘ্যটো মনে মনে মিলাই চাওঁ৷ সেইবোৰ কথা বেলেগক কোৱা কথা নহয় ৷ মোৰ মনৰ জগতত কৰবাত তেজীমলাৰ মাকে কুটকুটাই থাকে৷ কাহিনীৰ অলীক পৃথিৱীখনলৈ নিজে নিজে এইবোৰ ভাবি থাকো ৷
কালক্ৰমত কলীয়াৰ নতুন মাকৰ কোলালৈও এটা কনমানি ভাইটি আহিল৷ পিছে তাৰ ওপৰৰ ওঁঠটো ফটা, তেতিয়া আমি সেইটো আকৌ কেনেধৰণৰ বিসংগতি বুলি ঘুৰি ঘুৰি চাওঁ আঁৰ চকুৰে ৷ সতিনীৰ ল’ৰা বুলি বেয়া ব্যৱহাৰ নকৰা, পাপ নকৰা খুড়ীজনীকনো কিয় এনে এটি খুঁত থকা শিশু দিলা বুলি তেতিয়া মনে মনে ভগৱানৰ ওচৰত অভিমানো কৰিছিলো ৷ পিছে কনমানিটোৰ মেলেক মেলেক হাঁহিৰ মাজত এইবোৰ সৰু কথা হৈ পৰিছিল৷ কলীয়াৰ ভনীয়েকো ডাঙৰ হৈছিল৷ তাই গামোচা এখেনেৰে তাক পিঠিত বোকোচা লৈছিল৷ তেলিজানৰ পাৰৰ বামপথাৰত ধান দোৱাৰ সময়ত, স্কাৰ্ফ এখন জেওৰা খুটি দুটাত বান্ধি ছাঁ-দি তাক ৰখিও থাকিছিল৷
এই সকলোবোৰ কথা মোৰ মনত ভাঁহি থকা "তেজীমলাৰ মাক"নামৰ অশান্ত চৰিত্ৰটোৱে কৰা ৰেখাপাতৰ ফলতে মই পৰ্যবেক্ষণ কৰি থাকিছিলো ৷ অ’ এটা কথা, বহু বছৰৰ পাছত কনমানিটোক এবাৰ দেখিলো , "অপাৰেচন স্মাইলত" চিকিৎসকে তাক ঠিক কৰি দিলে, মই চিনিব পৰা নাছিলো, কলীয়াই "আমাৰ সৰুটো আক্" বুলি কওঁতেহে চিনি পালো ৷ মনটো ভাল লাগি গ’ল... তেজীমলাৰ মাককো মনৰ পৰা লাহে লাহে বিদায় দিবলৈ ধৰিলো ৷
(৩)
ইঞ্জিনীয়াৰিঙৰ পৰীক্ষা দিয়াৰ পাছত বাকী লগৰবোৰে চাকৰি বাকৰি বিচাৰিছে প্ৰাইভেট কোম্পানী আদিত ৷ মই আকৌ তেতিয়া ধেমাজিত সেই শৈশৱৰ লগৰীয়া কেইটাৰ লগত ক্ৰিকেট মেচ খেলাত লাগিলোগৈ ৷ আঘোণৰ পথাৰৰ পাছত নৰা চিগি আধা চাফা হোৱা পথাৰত অসমান ক্ৰীজ৷ তাতে আমাৰ চুকৰ সৰু বৰ ১১টা, ১০টকাকৈ তুলি ১১০টকাৰ মেচ ! আম্পায়াৰৰ হাতত জমা দি নামি পৰো টেনিচ বল ক্ৰিকেটত৷ খেলৰ মাজে তেতিয়া হঠাত মোৰ মনত পৰিল, আজি ১৭ ছেপ্তেম্বৰ, আমাৰ লগৰে ক্লাছমেট এজনীৰ বিয়া, আমেৰিকাত থকা দৰালৈ ৷ আমাৰ শেষ চেমিষ্টাৰৰ আগে আগে মাৰুতি জেন এখনত তাইক হোষ্টেলৰ পৰা লৈ যায়হি... আমি আবেলি পৰঠা খাবলৈ কেণ্টিনলৈ যাওঁতে দেখো ৷ একে ক্লাছৰে তাই ইঞ্জিনীয়াৰিং কৰি লগে লগে বিয়া হৈ যাব ওলাইছে আমেৰিকা, আৰু বেটা মই কলীয়াহঁতৰ লগত ১১০টকীয়া মেচত ব্যস্ত, তেলিজানৰ পাৰত... নিজৰে মটিভেচন দেখি নিজৰে ফচকৈ হাঁহি ওলাই যোৱা অৱস্থা ৷ মই ভাবিলো আমেৰিকালৈ বাৰু পিছে পৰেও যোৱা যাব, এতিয়া "শিয়ালী পালেগৈ ৰতনপুৰ" বুলি জোকোৱা ৰতনপুৰৰ চেঙেলীয়া কেইটাৰ লগতে যুঁজটো দি দিও৷ শূ্ণ্য মাৰিব লাগিলে হাঁহিব.. সেই বুলি বিশৃংখল চিন্তাই কোৱাই যোৱা মনটো চম্ভালিবলৈ লওঁতে খুটি উৰিলেই নহয় মাজৰটো...
শূণ্যতে আউট হৈ নৰানিৰ পেভিলিয়নত বহি পৰিলোহি৷ কলীয়াই কাষতে বহি ক’লে-ঐ গুৱাহাটীত পঢ়ি আহিলি৷ আমাকো কিবা এটা উপায় ক! বি এ টো পাছ কৰিব নোৱাৰিলোৱেই নহয়৷ ভাত মুঠি মোকোলাবলৈ চিন্তা কৰিবৰ হ’ল৷
মইনো কি উত্তৰ দিম কলীয়াক, ক’লো, কাঠৰ মিস্ত্ৰীকে শিকি নলৱ কিয়? হাতৰ বিদ্যা, কোনেও কাঢ়ি নিব নোৱাৰে৷ সি অলপ ভাবি ক’লে- কাঠ মিস্ত্ৰি নকৰো আৰু বুইছ, কাঠমিস্ত্ৰীৰ ঘৰতে বহিবলৈ পীৰা এখন নাথাকে বুলি কথা এষাৰ নাই জানো ৷ বেলেগ কিবা এটা কৰিবলৈ উপায় এটা ক!
আমাৰ ঘৰটো বঙালী পাৰাটোৰ সীমাতে লাগি থকা৷ সেয়ে বঙালী পৰিয়ালবোৰৰ সতে আমাৰ আহযাহ ভাল ৷ সেয়ে বোলো কলীয়াক ক’লো, চা বঙালী মানুহবোৰলৈ চা, সৰু এটা ৰুমতে থাকি, বেপাৰ বাণিজ্য কৰি খাইছেনে নাই৷ বঙালী ষ্টাইলতে নহ’লে বেপাৰতে ধৰ৷ সি বোলে-দোকান? মূলধন ? মই বোলো চা- মই যিটো দেখিছো বঙালী পাৰাত থাকিবলৈ অহা জলপাইগুৰি, নক্সালবাৰী আদিৰ ল’ৰবোৰে প্ৰথমেটো আনৰ দোকানতহে কাম কৰে৷ তেতিয়া গোটেই খেলটো মানে বেপাৰটো বুজি পায়৷ তাৰ পাছত গ্ৰাম্য বজাৰবোৰলৈ যায়, মানে সাপ্তাহিক বজাৰ৷ তয়ো তাৰ পৰাই আৰম্ভ কৰ!
কলীয়াই আইডিয়াটো ভাল পালে ৷ প্ৰথমে সি সাপ্তাহিক বজাৰে বজাৰে মছলা বিক্ৰী কৰা বেপাৰী এজনৰ লগতে চিনাকি হৈ ল’লে ৷ তাৰ পাছত ডাইৰেক্ট ট্ৰাকত মালৰ ওপৰত উঠি বেলেগ বেলেগ গাঁৱত বেলেগ বেলেগ বাৰে বহা বজাৰবোৰলৈ যাবলৈ ধৰিলে ৷ এইদৰে কলীয়াই "সাপ্তাহিক বজাৰ"ত বেপাৰৰ আদিপাঠ শিকি আহিল ৷ এবাৰ মোক ক’লে- বুইছ আনৰ লগত এইদৰে ঘূৰি থাকিল লাভ নাই৷ নিজাকৈ কিবা এটা কৰো৷ বোলো কৰ৷ সি এইবাৰ মছলা আদি নিজেই কিনি লৈ সাপ্তাহিক বজাৰবোৰত বিকিবলৈ ধৰিলে৷ তাৰ পাছত এবাৰ ক’লে অলপ লাভ হৈছে এতিয়া, পিছে বৰ কষ্ট৷ ধেমাজিৰ ফালে প্ৰায়েই পেৰ-পেৰিয়া বৰষুণ৷ চেৰাপুঞ্জীতকৈ অলপ বেছিহে চাগে৷ বৰষুণৰ বতৰত ট্ৰাকৰ ওপৰত উঠি অহাটো এটা যন্ত্ৰণা ৷ বোলো ৰ কলীয়া, এইবাৰ তোৰ যন্ত্ৰণাৰ উপশম কৰা যাওক...
(৪)
সি সুধিলেহে, বেলেগ কিবা কৰো নেকি? মই বোলো দোকান খোল... ঘুগুনিৰ ৷ মোৰ পঢ়া দিনৰে পৰা এই ঘুগুনিলৈ বৰ লোভ ৷ তাতে তাত বেছি মূলধনো নালাগে৷ এখন টেবুল, এটা পাম দিয়া ষ্টোভ, ইত্যাদিহে ৷ তেতিয়ালৈ ময়ো চাকৰি বিহীন দিনকেইটাত চাৰিআলিত দোকান দিবলৈ আৰম্ভ কৰিছিলো ৷ ওচৰতে গধূলি গধূলি এজন বাঙালী মানুহৰ এখন ঘুগুনিৰ টেবুল বহে৷ সন্ধিয়া হ’লেই খাওঁ, দুটকা প্লেট, লগত বইল কণী আৰু পকৰি, লগত গৰমা-গৰম আলুৰ চপ, মাজে মাজে ছাগলী মাংসৰ টুকুৰা নামমাত্ৰ দিয়া মাংস চপ! (লিখি থাকোতেই পানী আহি গৈছে দেই... সোৱাদবোৰ মনত পৰি!)
মুঠতে আবেলি ৩টা মানৰ পৰা সন্ধিয়া ৭টালৈ এই দোকান চলে৷ তেতিয়া ধেমাজিলৈ বাতৰি কাকতো আবেলিহে পায়হি৷ পঢ়া-শুনা কৰা ল’ৰাবোৰেও অকন ওলাই আহি বাতৰি-কাকতখন নিয়াৰ চলেৰে ঘুগুনি অকন মাৰি যায়হি ৷ বহুত পঢ়ি থকা ল’ৰাকেই তাত লগ পাও৷ মই এই দোকান দিয়া মানুহজনক ব্যক্তিগত ভাৱে চিৰিয়াছ হৈ এদিন গোটেই হিচাবটো সুধিলো ৷ বোলে দৈনিক দুশমান টকা লাভৰ ঘৰত থাকে! ঘৰতে বনাই আনে ঘুগুনি, ইয়াত গৰমাই থাকে, বাকী পকৰি, চপ, কণী আদি চলিয়েই থাকে৷ বিক্ৰীও ভাল হয়৷ ঠাণ্ডাত দিনত বেছি চলে, গৰম দিনত বৰষুণৰ পৰাও আমনি..... মুঠতে তেওঁ আনৰ দোকানত কাম কৰিলে দুই হাজাৰ টকা পোৱাতকৈ ভাল কৰি ঘৰ চলাই আছে ৷ ইংলিছ মেডিয়ামতো পঢ়াইছে ৷
মই কলীয়াক পুৰা ঘুগুনিৰ পাঠটো পঢ়ালো ৷ বোলো এইটোকে কৰ৷ ঘৰৰ পৰ ওলাই আমাৰ ৰাষ্টাটোৰে য’ত ঘাইপথ আছে, তাৰ সিপাৰেই আমাৰ সৰু এখন দৈনিক বজাৰ আছে৷ ভাল লোকেল মাছ পায় বাবে মানুহ দুনুহ বেছিকৈ আহে৷ প্ৰথমে টেবুল বহা, তাৰ পাছত চালি.... এনেকৈয়ে৷ সঁচাকৈ এদিন কলীয়াই টেবুলত আৰম্ভ কৰিলে ঘুগুনিৰ দোকান৷ সেইখন বজাৰত পৰঠা, গাহৰি ভাত পোৱা হোটেল আছে ৷ ভিতৰত এখন ঘুগুনিৰো আছে বোলে চাফা নহয় খালী সেইখন! সেয়ে বজাৰৰ মুখতে টেবুলত তাৰ দোকান ভালেই চলিবলৈ ল’লে ৷
এক বটুৱা ঘৰতে বনাই পঠায় কলীয়াৰ মাহীমাক মানে খুড়ীয়ে৷ খুড়ীয়ে ভাল বনায়৷ কলীয়া আৰু ভায়েককো শিকাই দিছে হেনো৷ ৷ লাহে লাহে তাৰ বটুৱা খালী হবলৈ ধৰে৷ ভায়েকে তেতিয়া আকৌ খুড়ীয়ে বনাই দিয়া চেকেণ্ড কোটাও আনি দিয়েহি, চাইকেলত আনি! লগত বইল কণী, পকৰি ৷ ঘৰৰ চৌকাত খুড়ীৰ হাতত পাগমাৰি, ইফালে কলীয়াৰ গৰম তলত পকৰি! আৰম্ভ হয় অন্য এক জয়যাত্ৰা !
চাৰিআলিত মাত্ৰ গধূলিহে চলে, ইয়াত ৰাতিপুৱা তাজা মাছ পায় বাবে ৰাতিপুৱাও বেছিহে ভিৰ হয়৷ হাজিৰা কৰিবলৈ ওলাই অহা মানুহ খিনিও, বা কৰবালৈ যাম বুলি ওলাই আহি বাছলৈ ৰৈ থকা মানুহখিনিয়েই "কলীয়াৰ দেশীয় ৰেডিমেড ফাষ্ট-ফুড"ৰ সোৱাদ নোলোৱাকৈ নাযায়৷ ময়ো ৰাতিপুৱা ৭-৩০টাতে মাছ আনিবলৈ বুলি ওলাই গৈ কলীয়াৰ দোকানতে দৈনিক ঘুগুনি খাও৷ মাহঁতে গমেই নাপায়! ঐ বইল কণী এটা দে! কলীয়া ব্যস্ত হৈ পৰে৷
লাহে লাহে কলীয়াৰ কেছ ফ্ল’ ভাললৈ আহিল৷ সি বৰষুণ দিলে কি কৰিম বুলি কৈ, বজাৰৰ মহলদাৰৰ পৰা ওপৰত টিনপাত লগাবলৈও অনুমতি উলিয়ালে৷ পুৱা-গধুলি তাৰ দোকানত লক্ষ্মী আহিবলৈ ধৰিলে ৷ মই তাক ক’লো, এতিয়া জমা কৰা আৰম্ভ কৰি দে! বোলো চাহাৰা তাহাৰা নকৰিবি দেই৷ ডাকঘৰৰ দৈনিক সংগ্ৰহ কৰা ল’ৰা এটা ঠিক কৰি দিম তাতে দৈনিক ৰাখি যাবি ৷ লাহে লাহে বজাৰৰ পৰিবেশৰ লগত সি মিলি গ’ল৷ দোকানীৰ আত্ম-সহায়ক গোটতো পইচা ৰখা কৰিলে দৈনিক, তাৰ ধন জমাৰ লগে লগে সংসাৰো কৰিবলৈ মন যোৱা হ’ল৷
এবাৰ মোক ক’লে- বুইছ এতিয়া মোৰ পইচাটো চলিব পৰাকৈ পাওঁ৷ খৰছতো নায়েই, জমা কৰিহে যাওঁ৷ কিন্তু বাপেকৰ টকাৰে বাইক লৈ চাল মাৰি থকা ধদুৱা কেইটালৈহে ছোৱালী পটিব, পলায়ো আহিব, কিন্তু ঘুগুনি বেপাৰীলৈ ছোৱালী নাহে! মই বোলো কলীয়া, মন বেয়া নকৰ, কাম কৰি খোৱা মানুহলৈ ছোৱালী দিয়া মানুহ ওলাব দে! একদম লক্ষ্মী এজনী আনিবি দে, একদম তোৰ ওলোটা, বগী! সি ধুৰ বুলি মোক ইয়াৰ্কি মাৰে!
তাৰ পিছত মই চাকৰি কৰিবলৈ আহিলো ৷ এবাৰ যাওঁতে দেখোন কলীয়া দোকানত নাই, ভায়েকহে আছে৷ সুধিলো, ই ক’ত? বজাৰখন বনাবলৈ লৈছে নহয় ৷ দাদাই ভিতৰত চবজি বিক্ৰী কৰা ফালে নতুন দোকান এখন লৈছে৷ এতিয়া সি তাত, মই এতিয়া ইয়াত৷ মনটো ভাল লাগি গ’ল৷ দে দে ঘুগুনী এক প্লেট, তাক ক’লো ৷ সি কৈ গ’ল ঘৰটো এখন দোকান দিলো নহয়, আমাৰ পথাৰৰ ফালেও ধেৰ ঘৰ বহিল, গেলামালৰ দোকান, মা বহে, দেউতাও বহে৷ ঘৰৰ তেল নিমখ তাৰ পৰাই ওলাই থাকে... মই বুজি পালো, ইহঁত বেপাৰত বহুত টেঙৰ হ’ল, মনটো ফৰকাল লাগি গ’ল৷ সকলো কথাৰ আঁৰত যে ঘৰধৰা খুড়ী গৰাকীৰ হাত আছে মোৰ বুজিবলৈ বাকী নাথাকিল ৷ বজাৰৰ ভিতৰলৈ গৈ কলীয়াৰ নতুন দোকানত সোমালো ৷ এতিয়া পাছফালে দুখন বেঞ্চ-ডেক্স লগাই কলীয়াৰ হোটেল হোটেল লুকৰ দোকান৷ বোলো ঐ পাৰ্টি খোৱা, দে ঘুগুনি!
সি কৈ গ’ল, এতিয়া বহি খাবলৈ পোৱা বাবে, পৰঠাও আৰম্ভ কৰিছে, ঘুগুনি, কণী, পৰঠা, চাহ.... মই বোলো গাহৰি পৰঠা কৰ! সি ক’লে নহয়, গাহৰি বনালে বহুত মানুহে বেয়া পায়৷ সৱৰটো চাব লাগিব নহয়৷ মই বুজিলো কলীয়া পকি উঠিছে৷ সি লাহে লাহে ক’লে পাঁচ লাখ টকাৰ এল আই চি কৰিলে, দৈনিক ৭০টকাকৈ দিয়ে, দৈনিক দুশকৈ থয় ডাকঘৰত, লগতে বজাৰৰ গোট আছেই... লগতে পৰিয়ালৰ চিকিৎসাৰ বাবে লৈছে মেডিক্লেইম অৰিয়েণ্টেলৰ... কলীয়াৰ আকাশখন যেন দিনে দিনে ফৰকাল হৈ আহিছে! মনটো ৰঙাই আহিল৷ সি সেইদিনা ঘুগুনি, কণী, পৰঠাৰ পইচা নল’লে....
(৫)
এইবাৰ বিহুত যাওঁতে, মই নামঘৰলৈ গৈ আছো মাৰ লগত৷হঠাৎ কলীয়াক দেখিলো বাইক লৈ আহিছে, টেংকীত কনমানি এটি বহি আহিছে৷ মোৰ কোলাতো তিনিমহীয়া কনমানিটো ৷ সি দেখি ৰ’ল৷ ঐ বিয়া পাতিলি নেকি, সুধিলো ৷ সি আনন্দৰে ক’লে অ’ পাতিলোটোন! আৰু দেখা নাই, ল’ৰা ডাঙৰেই হ’ল৷ এইটোত তোক পাছ পেলাই দিলো ৷
মই হাঁহি হাঁহি তাৰ কনমানিটোলৈ চালো, একদম বগা! সি ক’লে- একদম মাকৰ নিচিনা হৈছে৷ মই তালৈ চাই হাঁহি ক’লো- অৱশেষত বগী এজনী উঠালি তাৰমানে, বাইকত!
নহয়, মই উঠাব নোৱাৰিলো ৷ আমাৰ "মা"য়েহে বিচাৰি আনি দিলে... মাছখোৱাৰ সেউজীয়া পথাৰৰ!
তাৰ মুখলৈ চালো, মন তাৰ প্ৰফুল্লিত, মুখত অলেখ আনন্দ ৷
মনটো বৰ ভাল লাগি গ’ল- পৰিপূৰ্ণ সংসাৰেৰে এতিয়া কলীয়াৰ আকাশ এতিয়া উজ্জ্বল ৷.....
সেই আপাহতে, গোৰ এটা দি মনৰ পৰা "তেজীমলাৰ মাকক" ময়ো চিৰদিনৰ বাবে বিদায় দিলো !!!!!!!!!!
No comments:
Post a Comment