বতৰৰ বতৰাঃ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বতৰৰ বতৰাঃ

বতৰৰ বতৰাঃ

Share This
(হাস্য মধুৰ)

১. যোৰহাটৰ দেৱীচৰণ মহাবিদ্যালয়ৰ দেৱী সকলে আক্ৰমণ কৰিলে পথচাৰী মহিষাসুৰক ৷

এনেকুৱা মহিষাসুৰ সকলে ছোৱালী কলেজৰ আগত, হোষ্টেলৰ আগত হেনো বাইচেপ, ট্ৰাইচেপ দেখুৱাই ৷ এন্ধাৰৰ সুৰুঙা পালেই অভিধানে লগ নিদিয়া শব্দাৱলীৰ ফুলজাৰি উৰুৱাই ৷ এয়া যোৰহাটৰ কথা নহয়, জালুকবাৰীৰ গালৰ্চ হোষ্টেলৰ আশে পাশেও এনেকুৱা মহিষাসুৰ অতি সহজলভ্য হেনো ৷

টিভিৰ কেমেৰাৰ সমুখতে মহিষাসুৰ আঠুকাঢ়ি কানত ধৰি আছে, দেৱী সকলে কিক্, বক্সিং চৰৰ প্ৰতিযোগিতা পাতিছে ৷ তাৰ পাছত কৈছে কেমেৰা সমুখলৈ আহি বোলে তেওঁ তাতোকৈ অভব্য আচৰণ কৰিছিল, পেন্ট খোলা ধৰণৰ প্ৰতিযোগিতাত নমাৰ বাবেহে, প্ৰদৰ্শণধৰ্মীতাৰ চূড়ান্ত শিখৰত উঠি নচা বাবেহে অৱশেষত দেৱীসকলে এই দৰেযুজাৰু নাৰীৰ প্ৰতীক মেৰীকমৰ ৰূপ লব লগা হ’ল... পিছে মেৰী কম ক’ত???

২. আজি মেৰী কম আচলতে হস্পিতেলত.. তেখেতৰ আজি চিজাৰিয়ান অপাৰেচন হ’ল মণিপুৰত..তাতে এজন নতুন বক্সাৰ জন্ম দিলে... ৰিঙৰ কথা নাজানো..তথাপি জীৱন যুঁজত যে যুঁজিব লগা জন্মগত যুঁজাৰু হ’ব সেয়া খাটাং ৷ হঠাত মনলৈ আহিল... ধেৎ কিমান দিননো হ’ল অলিম্পিকৰ পৰা অহা ৷ নে কোষত বহন কৰিয়ে যুঁজি আহিল যুঁজাৰু মেৰী কমে...

লগে লগে wikipedia খুলিলো, চালো হয় তেখেত ভাগ লৈছিল summer Olympic LONDONত 2012ত৷
শেষ যুঁজত ৮ আগষ্টত পৰাজিত হৈ আৰ্জিছিল ব্ৰঞ্জৰ পদক... 

আঙুলিৰ মূৰত গণিবলৈ লাগিলো, খেল শেষ হোৱাৰ পৰা আজি খাটাং ন-মাহ সাত দিন....
তাৰ মানে অলিম্পিক পদক বিজয় উৎসৱৰ ফলাফল..এই কনমানি যুঁজাৰু!!!!!!!!!!!!!!!!! 
ডাঙৰ এটা অংকৰহে যেন ফলাফল উলিয়ালো...ফচকৈ ওঁঠৰ ফাঁকেৰে হাঁহিটো ওলাই আহিল...৷
জয় নাৰী শক্তি !

No comments:

Post a Comment

Sponsor

AD BANNER

Pages