অনুভৱ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

অনুভৱ

অনুভৱ

Share This


জীৱনৰ লক্ষ্যঃ অলপ তললৈ নামিবানে মাইনা?

(১)
ৰাছিয়াতে জন্ম হোৱা মোৰ মামাৰ ল’ৰাটো খুৱেই তীক্ষ্ণ৷ কিবা আন্তৰ্জাতিক চাইন্স অলিম্পিয়াডতো চাৰ্টিফিকেট পাইছে ৷ এতিয়া দিল্লীত৷ ডিপিএছত প্ৰথম দহটাতে থাকে৷ এইবাৰ জানো-নাইনত নে টেনত৷ তাক সুধিলো- জীৱনৰ লক্ষ্য, এষ্ট্ৰোন’মি পঢ়াতো ৷ নিজকে ক’লো, অ’কে বাবা অ’কে!
(২)
এইবাৰ ঘৰলৈ যাওঁতে ট্ৰেইনত পৰিয়াল এটাৰ সতে গ’লো, এয়াৰফৰ্চত বদলি হৈ গৈছে অসমলৈ ৷ গুৱাহাটীৰ সমীপতে মায়ংৰ ফালে থকা এয়াৰফৰ্চৰ বেচটোলৈ ৷ ছোৱালীজনী এইবাৰ টেনত, নাম সুগন্ধা গাৰ্গ ৷ সপ্ৰতিভ ছোৱালীজনীয়ে মাজে মাজে কিতাপ আদি উলিয়াই পঢ়ে ৷ চকু দিলো, বিবেকানন্দৰ জীৱন দৰ্শনৰ কিতাপ ৷ ভাল লাগি হ’ল৷

 ভায়েকজন সপ্তমমান শ্ৰেণীত পঢ়ে, সিও তাতে কেন্দ্ৰীয় বিদ্যালয়তে পঢ়িব ৷ ভায়েকক মাজে মাজে সাধুকথা বোৰৰ ওপৰত তাই প্ৰশ্ন সুধি কুইজ খেলি আহিছে ৷ পৌৰাণিক সাধু কথাৰ পৰা ধৰি বিভিন্ন ভাৰতীয় পৰম্পৰাৰ সতে জড়িত প্ৰশ্ন ৷ 

সৰু আন ছোৱালী এজনীও (তেওঁলোকৰ লগতে অহা আন পৰিয়ালৰ) আহি ওলালহি, তাই আকৌ সেইবোৰৰ উত্তৰ নাজানে ৷ এইবাৰ আৰম্ভ কৰিলে আন এক কুইজ, আমেৰিকা সম্বন্ধীয়, সেই পৌৰাণিক সাধুৰ কথা নজনা কনমানিয়ে এইবাৰ তপৰাই উত্তৰ দি গ’ল ৷ 

এবাৰ চেগ বুলি সুগন্ধাক সুধিলো, তোমাৰ লক্ষ্য, উত্তৰ একেই স্পেছ! মনতে ভাবিলো, দেউতাকেই যেতিয়া এয়াৰ ফৰ্চৰ, তেন্তে জীয়াৰীটো এখোপ আগুৱাই স্পেচেই পাবগৈ লাগিব ৷

(৩)

সিদিনাও অসমৰ মেট্ৰিকৰ, উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিনা, টিভিৰ পৰ্দাত আমাৰ বোৰ ঠাইতো দেখিলো, নতুন চামৰ বহুতেই মহাকাশচাৰী হবলৈ বিচাৰিছে৷ নহলেও অন্তত স্পেচ ইঞ্জিনীয়াৰ, নাচাতেই কাম কৰিব!
ইচৰোও লক্ষ্যত নায়েই!

 সৰু-সুৰা চিভিল ইঞ্জিনীয়াৰ হৈ নদীবোৰকে বোলে নাকী লগাম, মাইনিং ইঞ্জিনীয়াৰ হৈ বোলে দেশক খনিজ সম্পদকে আহৰণ কৰি দিম, বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিকচ পঢ়ি বোলে সৌৰ শক্তিৰে পৃথিৱী উজলাম...নাই, মাটিতেই খোজ নিদিয়ে ৰাইজে! মেডিকেল পঢ়ি মানুহৰ দুখকে আঁতৰাবলৈ গৱেষণা কৰি নতুন আৱিস্কাৰেৰে নতুন পথ মোকোলাম! নাই!

মাটি, পানী, বায়ু তথা বায়ুমণ্ডলে আগুৰা আকাশখনৰ তলতে পৃথিৱীত কৰিব লগা অসংখ্য কাম আছে ৷ নিজৰ ঘৰ, পিতৃ-মাতৃ-পৰিয়াল-ভাই-ভনী প্ৰতি পালন কৰিব লগা অলেখ দ্বায়িত্ব আছে৷ সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতিও কৰিব লগা বহুত আছে৷ ইয়াৰে মাটি, পানী, বায়ু, ফল, ফুলৰ ৰস-গোন্ধ আদিৰ মাজতে পাব পৰা অফুৰন্ত আনন্দ প্ৰাপ্তিৰ সম্ভাৱনা আছে ৷ "মই গান্ধীজীৰ দৰে হম" বুলি দেশৰ সেৱা কৰা মহান নেতা সকলৰ জীৱনীৰে, আদৰ্শৰে উদ্বুদ্ধ হব পৰাকৈ কবিতা আছে, দেহ-মন শাঁত পেলাব পৰাকৈ লোক-গীত, ঢোল-তাল, পেঁপা, বাঁহীৰ সুৰ আছে, বৰণীয়া কলা-সংস্কৃতি আছে ৷ মাটি, পানীৰ সুৱাস আছে...

সেই সকলোবোৰ এৰি, চৌপাশৰ পৃথিৱীখনলৈকে নজৰ নিদিয়াকৈ যেন এজাক কনমানিক কোঠাৰ ভিতৰত পঢ়াৰ টেবুলত মাক-দেউতাকে গৌৰৱ কৰিব পৰা অলীক কেৰিয়াৰৰ সপোন গুজি দিছে ৷ এই পৃথিৱীৰ বস্তুবোৰৰ যেন কোনো অৰ্থই নাই, স্পেচলৈ নগলে, মহাকাশ বিজ্ঞানী নহ’লে যেন অৰ্থই নাই, তেনে এক ধাৰণা তুলি দিছে.....

(৪)

সিদিনা, ফেচবুকতে এগৰাকী লেখিকাই আহ্বান জনাইছিল, জীৱনত যিয়েই নকৰা লাগিলে, অন্ততঃ মা, মাটি আৰু মানুহৰ সতে সম্পৰ্কটো পাহৰি নাযাবা বুলি ৷ সেই কথাষাৰে যথেষ্ট সাৰমৰ্ম বহন কৰিছে৷

সেই সুৰতেই যেন অতি উচ্চাকাংখ্যা বহন কৰা অভিভাৱক সকল, তথা কথাই প্ৰতি স্পেচলৈ যাবলৈ ডেউকা মেলি থকা সকলক কবলৈ মন গৈছে, অলপ তললৈ নামিবানে মাইনা৷ অলপ তলতে এখন নীলা আকাশ আছে, তাৰ তলত এখন সুন্দৰ পৃথিৱী, আৰু তাতে প্ৰকৃতিৰ অনুপম দানবোৰ৷ তাতেই মানৱীয় গুণেৰে প্ৰথমে ভাল মানুহ হোৱা, মানৱ জাতিৰ দুখ দুৰ্গতি কমোৱাৰ বাবেই নিজৰ প্ৰতিভাক কামত খটুৱা৷

স্পেচলৈ পাছত "কমাৰ্চিয়েল যানটো" গৈ এপাক মাৰি আহিবা কিনো কথা ৷ তেনেকুৱা ট্ৰীপটো আৰম্ভ হবলৈ গৈয়েই আছে.....


No comments:

Post a Comment

Sponsor

AD BANNER

Pages