বতৰৰ লিমাৰিকঃ
১.
মেট্ৰিক দিয়া ছোৱালী
দেৰিকৈ হ’ল সৰু বিয়া, নোৱালিনে ধুৱালি
চোতালত সাজিছ ডাঙৰ ৰভা
বহিব যেন কংগেচৰ সভা
এইটৰ পৰাই চিঠি খেলে, ভাবিছ নেকি ধেমালি!
২.
ৰাষ্টাৰ পৰা ভাঁহি আহে হাঁহি খিকিন্দালি
সেইমখা সখীৰ নাম গোলাপ, তগৰ, শেৱালি
দুজনীয়ে পালে প্ৰেমৰ চিঠি
তাকৈ লৈয়ে চলিছে পিঠিয়া পিঠি
বিয়াঘৰৰ সুৰুঙাতো চিঠি হৈছে বিলি ৷
৩.
বিয়া ৰভাৰ পাছফাল
লগ কৰিবলৈ তাতেই ভাল
চকু টিপ মাৰি মাতি দিবা
গালখন পাতি চুমা এটা নিবা
সেই আশাৰেই ডেকাহঁতে মাৰি আছে চাল!
৪.
ৰিজাল্টৰ পাছতে আনি দিব ফৰ্ম
দেখিব নহয় কাৰটোৰ কিমান আছে দম
বাইক কিনিব প্ৰথমে যিয়ে
মোকো উঠাব প্ৰথমেই সিয়ে
তাৰ পাছত গা-ঘঁহাই লঙ ড্ৰাইভেই লম!
৫.
খবৰ ওলাল ৰিজাল্ট দিব
সেই সুৰুঙাতে মৰ্নিং শ্বলৈ নিব
এটা কোণত বহা ঠাই
এইহালক আৰু কোনে পাই
ৰিজাল্টৰ পাৰ্টি বুলি আজি দুয়ো বীয়েৰ পিবই পিব!
No comments:
Post a Comment