অনুভৱঃ ঘৰ ক’ত, ধেমাজিত? - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

অনুভৱঃ ঘৰ ক’ত, ধেমাজিত?

অনুভৱঃ ঘৰ ক’ত, ধেমাজিত?

Share This
(১) জন্মঠাই মোৰ অতিকে আপোন

যদিও মোৰ পৰিয়ালৰ ঘাই শিপাডাল ঢকুৱাখানাৰ, তথাপি জন্ম সূত্ৰে ধেমাজি মোৰ জন্মস্থান, অতিকে আপোন৷ তাৰ পানী, খাদ্য, উশাহ বতাহে মোক লালন পালন কৰি কেঁচুৱাৰ পৰা নিজৰ ভৰিত থিয় দিব পৰা কৰিলে৷ সেয়ে তোমাৰ ঘৰ ক’ত বুলি ক’লে, তাৰ উত্তৰ আজিলৈকে এটাই ধেমাজিৰ!

যদিও ৩০বছৰ ধৰি দেউতা কৰ্মসূত্ৰে গুৱাহাটীত, ২৩বছৰ ধৰি আমাৰো গুৱাহাটীৰ পাহাৰত এটা নিগাজি বাসস্থান আছে, তথাপিও কিন্তু কেতিয়াও ঘৰ ক’ত বুলি ক’লে কব নোৱাৰিলো গুৱাহাটী বুলি৷ এতিয়া কৰ্মসূত্ৰে ভাৰতৰ ভিন্ন প্ৰদেশলৈ যাওঁতে "গাঁও"ক’ত বুলি সুধিলে গুৱাহাটীক জানে নেকি, তাৰ পৰা ৪৬৩কিল’মিটাৰ যাব লগা ঠাই ধেমাজি বুলি কওঁ ৷ অসমত চাকৰি অহা অ’এনজিচিৰ বেছিভাগেই ডিব্ৰুগড় বা শিৱসাগৰ ঠাইডোখৰ চিনি পাই বাবে, কওঁ ধেমাজি ডিব্ৰুগড়ৰ ওচৰতে, মাত্ৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত, এৰিয়েল দূৰত্ব ৬০কিল’মিটাৰ, ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা ৷

এইখিনি কথা লিখিবলৈ লোৱাৰ কাৰণ হ’ল এইমাত্ৰ ইনবক্সত এজন বন্ধুৱে, আমাক ধেমাজিৰ বুলি হাঁহে, বানপানীৰ ঠাই বুলি হাঁহে বুলি দুখ প্ৰকাশ কৰাতহে লিখিবলৈ মন গ’ল ৷

(২) পথবোৰ দুয়োমুখী নহয়নে?

যোৰহাটৰ বাসিন্দা বন্ধু এজনে এদিন ডিব্ৰুগড়ত পঢ়ি থাকোতে, ঠাট্টাৰ সুৰত ক’লে- তোমালোকৰ ঠাইখন ইমান পিছপৰা, যাবলৈকে ৰাস্তা এটা নাই৷ মই বিনয়েৰে ক’লো, কথাটো দ্বি-পাক্ষিক, তোমালোকৰ যোৰহাটখন ইমান পিছপৰা যে ধেমাজিৰ পৰা তালৈ যাবলৈকে ৰাস্তা নাই, ব্ৰহ্মপুত্ৰত দলঙো নাই৷ সিজনে নিশ্চুপ মাৰিলে!

ধেমাজিলৈ গুৱাহাটী মহানগৰীৰ পৰা ৪৬৩কিল’মিটাৰ ভল্ভও চলে কথাটো এতিয়াও বহুতেই নাজানে৷ বহুতৰ মতে এতিয়াও ই কলীয়াপানী স্বৰূপেই৷ কাৰণ ধেমাজি নহয়, তেখেত সকলৰ ভৌগোলিক তথা সাধাৰণ জ্ঞানৰ অভাৱ মাত্ৰ৷ দেশৰ আন ঠাইত জংঘল বুলি ভবা অসমত ৪৬৩ কিলমিটাৰ অৰুনাচল সীমান্তলৈকে বিলাসী নাইট চুপাৰ চলে বুলি বৰ্ণনা কৰিব লগীয়া হোৱা কথাটোৱে আচলতে অসমৰো পথ যোগাযোগ ব্যৱস্থাৰ সুচল অৱস্থাকে দেশবাসীক জনোৱাৰ এক সুযোগ বুলিহে ভাবো ৷

ইঞ্জিনীয়াৰিং পঢ়িবলৈ যাওঁতেও প্ৰথমটো ক্লাছতে কেমেষ্ট্ৰীৰ মেডামে পৰিচয় লওঁতে, ঘৰ ধেমাজিত বুলি কওঁতে, ঘৰ এতিয়াও ডুবি আছে নেকি বুলি সুধিছিল৷ লগৰবোৰে অনৰ্থক হাঁহিৰ সমল পাই আমাক ব্যংগ কৰি উচ্চস্বৰে হাঁহিছিল৷ তেতিয়াও মই বিনয়েৰে কৈছিলো- যে বাইদেউ ধেমাজিৰ পৰা ১০কিল’মিটাৰ আহি জীয়াঢল বুলি এখন নদী পায়, তাতহে সাধাৰণতে বানে ৰাস্তা চিঙে, পানী হয়৷ সিফালে গাইনদী, চিলাপথাৰৰ চিলে নদী আদিত নদীৰ বুকু তৰাং হোৱাৰ বাবে অৰুনাচলত বৰষুণ বেছি হ’লে পানী বাগৰি যায়, ৰাস্তাইদি বা বানপানীৰ ৰূপ লয়৷ কেতিয়াবা আমি সৰু থকাৰে পৰা তিনি-চাৰিবাৰ মান ব্ৰহ্মপুত্ৰৰ মাথাউৰি চিগা( ডিব্ৰুগড়ৰ পৰা বাগানৰ মালিকে মানুহ পঠাই কাটি দিয়ে বুলিয়ে উত্তৰ পৰীয়া ৰাইজে অভিযোগ কৰে) ৰ ফলত আমাৰ দ’ পথাৰৰ ফালে পানী হোৱা দেখিছো ৷ তথাপিও আমাৰ ধেমাজি নগৰখন আজিলৈকে পানীত কেতিয়াও ডুৱ যোৱা নাই ৷ আপুনিও কেতিয়াবা আহিব মেডাম....লখিমপুৰৰ পৰা ধেমাজিলৈ পাহাৰৰ সৈতে নদীৰ অনুপম প্ৰাকৃতিক দৃশ্য চাবলৈ ৷

তথাপি খঙ এটা ভিতৰি উঠি আছিল, ব্যংগ হাঁহিৰ৷ তাৰ পাছত থাৰ্ড চেমিষ্টাৰত যেতিয়া ক্লাছত টপাৰ হ’লো, তেতিয়া আকৌ ৰাইজৰ কামোৰ, কেনেকৈ হ’লি বা? মই উত্তৰ দিলো...বোলো তহঁত মোতকৈ ভাল ঠাইৰ, অথচ পঢ়াত যে অধচ মইতো জানাই নাছিলো!.....

(৩)
"তুমি ক’ৰ পৰা আহিছা সেয়া গুৰুত্বপূৰ্ণ নহয়
ক’লৈ গৈ আছা সেয়াহে সবাটোতকৈ ডাঙৰ কথা!"

এই মহৎ লোকৰ বাণীষাৰ মই মাজে মাজে আওৰাই থাকো ৷ যি সকলে ধেমাজি, বানপানী, পিছপৰা আদি বুলি হাঁহে, তেওঁলোকৰ অপমান সূলভ কথাৰ পৰা নিজৰ মনত নিস্কৃতি দি এক মহৎতৰ লক্ষত নিজকে উপনীত কৰাৰ বাবে নিজকে প্ৰেৰণা যোগাবলৈ ই অতি লাগতিয়াল কথা! মই বন্ধুজনকো ইনবক্সত সেই উত্তৰেই দিলো ৷

(৪)
গৌৰৱ তুলনাৰ পৰা উপজে

ধেমাজিৰ পৰা কোনোৱে সফলতা লভিলেই সংবাদ মাধ্যমৰ চকুৰ পানী সৰে৷ ইমান পিছ পৰা, বানপানীয়ে কঙাল কৰা, কলীয়াপানী সদৃশ... আদি শব্দৰ জোৱাৰ উঠে ৷ কিন্তু এটা কথা কওঁ, ধেমাজিত মানুহ বহুত মস্তিত আছে৷ যাৰ যাৰ চাকৰি আছে, যাৰ নাই ঠিকা আছে, উন্নয়নৰ ধন আছে, দুৰ্নীতি কৰা বিয়াগোম বিষয়া আছে... দল সংগঠন দেধাৰ আছে, চান্দা আছে বৰঙণি আছে.... এক কথাত আজিৰ ধেমাজিত কি নাই? বিলাসী গাড়ী নাই, বাংলো নাই, নে কোটি টকীয়া মানুহ নাই৷

পিছে ধেমাজিৰ মূল নগৰৰ পৰা ১০কিল’মিটাৰ ব্যাসাদ্ধৰ বাহিৰত বহু ঠাইতে লাইট নাই, গুৱাহাটীৰ উপকণ্ঠতো নাই! আজি কালি ৰাস্তা গাঁৱত গুৱহাটীতকৈ ভালহে৷ পৰ্যটনৰ বাবে বিদেশীক ধেমাজিলৈহে আনিব পাৰে৷ পকা দলং চাবনে, কালভাৰ্ট চাব, নবঢ়াব লগা ঠাইতো সৃষ্টিশীল মনৰ ঠিকাদাৰ অভিযন্তাই সেইবোৰ বনাই ৰাখিছে৷ মাজে মাজে ৰাস্তা চিগে, তাকো ২০০৬চনৰ পৰা বৰ্ডাৰ ৰোডছে পাই ৬-৭ঘণ্টাৰ ভিতৰতে ব্ৰেইলী ব্ৰীজ বনাই ৰাস্তা খুলি দিয়ে, আগৰ দিন নাই ৷ গুৱাহাটীৰ পৰা ৪৬৩ কিল’মিটাৰৰ ভিতৰত ১৩ কিল’মিটাৰ মানহে ৰাস্তাত আজিৰ তাৰিখত গাঁত বোলা বস্তু আছে৷ এনেয়ে ৰাস্তা ধেমাজিৰ ৰাইজৰ ভাষাত ফিনফিনীয়াই!!!

ধেমাজি জিলাৰ দুই এখন ঠাইলৈ যদিও নদী ব্যৱস্থাপনাৰ অভাৱত মাজে মাজে বানপানী আহে, তথাপি, সেই পানী চাফা৷ গুৱাহাটীৰ দৰে ৰঙা, বা আৱৰ্জনা কঢ়িওৱা নৰ্দমাৰ নহয়৷ আৰু বন্ধুজনে লিখাৰ দৰেই কৈছো, বানপানী ক’ত নহয়, গুৱাহাটীতকৈ আমাৰ তাৰ বোৰ নিকাহে! গগৈ চাৰৰ ভাষাত ই মুম্বাই আৰু আমেৰিকাতো হয়৷ মইতো কওঁ আমেৰিকাত টৰ্নেডো হয়, আমাৰ তাত, জীয়াঢলৰ উপচা পানীহে! এনেয় কয়নে গৌৰৱ তুলনাৰ পৰা উপজে! বন্ধু জনে হাঁহি লিখিলে- হয়তো মিচা ক’লে কি ডাল হবহে!

(৫)
শেষ অনুভৱঃ তেন্তে গৌৰৱ কাৰ?

আমি চাকৰিত জইন কৰিবলৈ বুলি আহিবলৈ লৈছো৷ প্ৰথমবাৰ উৰাজাহাজত উঠিম৷ সকলোৰে মানে ছয়োটাৰে মা-দেউতা আহিছে বৰঝাৰলৈ ৷ তেতিয়াই এজন অভিভাৱকে দেউতাৰ লগত পৰিচয় হ’ল- তেখেতৰো একেই কথা আপোনালোক বৰ পিছপৰা ঠাইৰ মানুহ! মই লগে লগে গৌৰৱান্বিত হ’লো, বোলো আমি পিছপৰা ঠাইৰ পৰা দৌৰিছো, এলপি স্কুলৰমাষ্টৰণীৰ পুতেক হৈও প্ৰতিযোগিতা কৰিছো, আপুনিতো এক প্ৰজন্মৰ আগৰে পৰা ইঞ্জিনীয়াৰ, সৌ তাৰ দেউতাকেই বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ আছিল৷ এতিয়াটো একে সমান পঢ়িছো, একেলগে চাকৰি পাইছো, ..... তেন্তে বেছিকৈ উধালে কোনে?

তেন্তে গৌৰৱ কাৰ,  আপোনাৰ এনে আমাৰ????

(৬) পৰিশিষ্টঃ

ফেচবুকতো নিজৰ গাঁও, বা ঠাইখনৰ কথা প্ৰকাশ নকৰালৈ বহুত ঠাট্টা মস্কৰা চলে৷ বোলে সি যোৰহাটৰ নে মাজুলীৰ৷ যোৰহাটৰ বুলি লিখিছে বাবেইতো সুধিলো- বোলো গড়আলি নে তৰাজানৰ? মাজুলী বুলি ক’লেনো কি হয়, নিচিনিম নে কিবা! আকৌ এজনে অভিযোগ দিলে, তেজপুৰৰ বুলি লিখিছে, ইফালে তেওঁ গহপুৰৰ সিফালে কনকলতাৰ গাঁৱৰ! সেইবুলি গৌৰৱ কৰি লিখিলোনো কি হয়হে! ভণ্ডামি কিয় কৰে!

সেয়ে মই আজিও পুনৰ কও, অসমৰ বাহিৰত কামৰ বাবে থাকিব পাৰো, লাগিলে ঘৰ-বাৰীও কৰিম, তথাপি কিন্তু চিৰদিন মোক সোধক, ঘৰ ক’ত-উত্তৰ ধেমাজিত! এইখিনি কথাকে বন্ধু জনলৈ লিখিলো, তেওঁ ক’লে- ভাল কথা ক’লা, কিন্তু তথাপিও কিছুমানে বৰকৈ কামোৰে৷ লগে লগে গুৱাহাটীৰ অট’ৱালা দাদা এজনে দিয়া নীতি শিক্ষাটোকেই তেওঁক দি দিলো- "কুকুৰে কামুৰিবই, সেই বুলি তুমি মানুহ হৈ কুকুৰক কামুৰি শিৰোনামাত ঠাই লবানে?" তেওঁ লগে লগে তিনিটা লাইক মাৰি পঠালে... এইবাৰ সেই দ্বায়িত্ব আপোনাৰ!

2 comments:

  1. আপোনাৰ মনৰ কথাবোৰ পঢ়ি বৰ ভাল লাগিল হে । একে উশাহতে পঢ়ি পেলালো । মোকো বহুতে এনেবোৰ কথা শুনাইছে, কিন্তু মই মোৰ ঘৰ ধেমাজিত বুলি কবলৈ অলপো লাজ নকৰো । ধেমাজিখন আগৰ দৰে পিছপৰা হৈ থকা নাই । মানুহে ভাবে ১২মাহে ধেমাজিখন পানীৰ তলত ডুব গৈ থাকে , কিন্তু সঁচা কথা কবলৈ গ'লে মই জন্মহোৱাৰে পৰা আমাৰ ঘৰৰ চুতালত এৱাঠু পানী হোৱাও দেখা নাই । বানপানী নোহোৱা নহয়, হয় সেই কথা আমি মানি লও । ধেমাজি জিলাত থকা নদী কেইখনৰ গতিবিধি ঠিক নোহোৱা বাবেহে এনে হয় । এনেধৰণৰ দুখনমান নদী গুৱাহাটীত থকা হ'লেটো ১২মাহে গুৱাহাটী পানীৰ তলত থাকিল হয় ।
    ধেমাজিলৈ কোনো দিন নোযোৱা মানুহে এনেকৈয়ে ভাবিবই, কিন্তু এবাৰ যোৱাৰ পিছতহে গম পাব, ধেমাজিবাসীৰ অন্তৰবোৰ কেনেকুৱা । জোৰ দি কব পাৰো আমাক পাহৰিব নোৱাৰিব, আমাৰদৰে মানুহ গোটেই অসমখনতে বিচাৰি নাপাব ।

    ReplyDelete
  2. বৰ ভাল লাগিল পঢ়ি ।

    ReplyDelete

Sponsor

AD BANNER

Pages