ৰাজনীতি - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

সামাজিক পৰিবৰ্তনত ব্যক্তিগত নৈতিকতাৰ প্ৰশ্নঃ
"আপ" আৰু আপুনি
-অজয় লাল দত্ত
(১)
ইতিহাসৰ পাতত এই কথা সদায়েই জিলিকি আছে যে বিশ্বত হোৱা বিভিন্ন পৰিবৰ্তনৰ জোৱাৰ আৰু তাৰ শক্তিৰে থিয় দিয়া বিপ্লৱ আদিৰ শেষ ফলাফল সদায়েই নেতৃত্বৰ স্থিতপ্ৰজ্ঞতাইহে নিৰ্ধাৰণ কৰে।  আৰু কোনো বিশেষ পৰিবৰ্তন অতি কম সময়ত মাত্ৰ বিপ্লৱৰ জৰিয়তেহে সম্ভৱ হয়। মানুহৰ মন এনে পৰিবৰ্তনৰ প্ৰতি সদায়েই আগ্ৰহী আৰু সেয়ে বিপ্লৱ পৰিবৰ্তনকামী মানুহৰ মনত সদায়েই এটা ৰোমাণ্টিক ফেণ্টাচীৰ ৰূপত মনৰ কোনত জীপাল হৈ থাকে। আৰু তাৰ বিপৰীতে, মনৰ আন এটা কোনত বিজ্ঞানী নিউটনে বাখ্যা কৰা জড়তাৰ সূত্ৰৰ দৰেই পৰিবৰ্তনক বাধা দিয়াৰো বাসনা বা জড়তা এটা জীয়াই থাকে। প্ৰচলিত নীতি নিয়ম অভ্যাসৰ সলনি হবলৈ ধৰিলে তাৰ বিৰুদ্ধে এটা মানসিক ঘৰ্ষণে যেন তাক বাধা দিবলৈ চেষ্টা কৰে। সলনি পৃথিৱীৰ সতে নতুনকৈ অভ্যাস গঢ়াৰ যন্ত্ৰণাৰ পৰা আঁতৰি থাকিবলৈ মন যোৱাটোও এক মানৱীয় তাড়ণাৰেই নামান্তৰ মাথোন।

আন এটা মানৱীয় সহজাত তাড়ণা হ'ল সহজ পথৰ সন্ধান। আৰু জীৱনত সহজ পথৰ সন্ধান কৰাৰ কামটোৱেই আটাইতকৈ কঠিনতম আৰু সময়, অধ্যৱসায়ৰ প্ৰয়োজন হোৱা কাম। এই সহজ পথৰ সন্ধানৰ তাড়ণাই মানৱ সভ্যতাৰ উত্তৰণৰ প্ৰেৰণাস্বৰূপ। অলেখ গৱেষণাৰ অন্ততঃ মানুহে সহজে কাম সিদ্ধি কৰিবলৈ বিভিন্ন মেচিন নিৰ্মাণ কৰি উলিয়াইছে। যিকোনো কাম সিদ্ধি কৰাৰ চমু বাট উলিয়াবলৈ নিৰন্তৰ সাধনা চলাই যোৱাটোৱেই মানৱ সভ্যতাক এখোপ এখোপকৈ আগুৱাই নিছে। দুৰ্নীতিও চাগৈ এনে বাসনাৰেই এক বিধ্বংসী সামাজিক আৱিস্কাৰ!
এটি শিশুৱে নিজৰ জীৱন যাত্ৰা আৰম্ভ কৰাৰ লগে লগেই পৰিয়াল, পৰিৱেশ, গ্ৰন্থ, সমাজ, সংঘাত, সংবাদ-মাধ্যম আদিৰ যোগেদি কথা শিকিবলৈ ধৰে। প্ৰতিখোজতে প্ৰাপ্ত হোৱা জ্ঞান-বুদ্ধিৰে নিজৰ জীৱনৰ পথ, লক্ষ্য আদি নিৰ্ধাৰণ কৰিবলৈ লয়। সময়ৰ সতে, সংঘাতৰ সতে, অভিজ্ঞতাৰ সতে সেইবোৰৰ সা-সলনি বা পৰিবৰ্তন হৈ গৈ থকাটোও এটা স্বাভাৱিক প্ৰক্ৰিয়া। জীৱন ধাৰণৰ বাবে সম্বল আহৰণ কৰাৰ বিষয়টোৱে এটা পেশাক বাচি লবলৈ বাধ্য কৰে। কিছুৱে নিজৰ নিচাকে পেশা ৰূপে বাচি লোৱাৰ ভাগ্য লাভ কৰে, আন কিছুৱে পেশাগত কামৰ মাজতো নিচা বা মনে কৰি ভাল পোৱা কামবোৰ কৰিবলৈ উক-মুকাই থাকে বা চেষ্টা কৰে। সেইদৰে স্থিৰ কৰা লক্ষ্যবোৰো বৈষয়িক, মানসিক তথা সামাজিক দিশৰ পৰা ভিন্ন ভিন্ন হৈ পৰে। লক্ষ্যবোৰ সাময়িক, দীৰ্ঘ দিনৰ আৰু জীৱনজোৰা লক্ষ্য ৰূপে পৰিগণিত হয়। আৰু আমি এই লক্ষ্যবোৰৰ পম খেদো। এয়াই জীৱনৰ কেইটিমান নুই কৰিব নোৱাৰা সত্য কথা।
(২)
এতিয়া আহো আমাৰ দেশলৈ অহা যোগাত্মক পৰিবৰ্তনৰ সেই লহৰৰ বিষয়লৈ।  বিগত দুবছৰত ভাৰতত চলি থকা দুৰ্নীতিবিৰোধী জন-আন্দোলন সমূহৰ ফলত আজি নৈতিক প্ৰমূল্যৰ বাণীৰে নিকা ৰাজনীতিৰ ভেটি গঢ়ি তোলাৰ লক্ষ্যৰে "আম আদমী পাৰ্টি" নামৰ ৰাজনৈতিক দলটোৰ উত্থান ঘটিছে। এই কথাই সাময়িক ভাৱে দেশৰ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।  ইয়াৰ পৃষ্ঠভূমিলৈ চালে দেখা যায় যে,  জন-লোকপাল নামেৰে দেশৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব পৰা এখন শক্তিশালী বিল পাছ কৰাৰ লক্ষ্যৰে স্বেচ্ছাসেৱী সংগঠন তথা সামাজিক কামৰ লগত জড়িত বহুকেইটা সংগঠনৰ নেতৃত্বৰ সন্মিলিত প্ৰচেষ্টাত এই দুৰ্নীতি বিৰোধী আন্দোলনে লাভ কৰিছিল দুৰ্বাৰ গতি। আন্না হাজাৰেৰ দৰে অনশনক অস্ত্ৰ ৰূপে লৈ মহাৰাষ্ট্ৰত কেইবাখনো বিল তথা বিধি ব্যৱস্থাৰ সা-সলনি ঘটাবলৈ সক্ষম হোৱা নেতাক ৰাষ্ট্ৰীয় মঞ্চত এই আন্দোলনে তুলি ধৰিলে। দেশৰ সচেতন ৰাইজৰ লগতে বহু যুগৰ পাছত দেশৰ সামূহিক স্বাৰ্থৰ খাতিৰত নৱ-যুগৰ শিক্ষাৰে শিক্ষিত নৱ-প্ৰজন্মইও এই সামাজিক আন্দোলনত যোগ দিবলৈ আগবাঢ়ি আহিল। স্বাধীনতা আন্দোলনৰ পাছত এনেদৰে সকলো বয়সৰ, সকলো প্ৰজন্মৰ লোকে আগ্ৰহ দেখুওৱা এই আন্দোলনটোৱে এটা ব্যাপক জোৱাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল। আৰু ইয়েই যেন প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাত নীতি-অনীতি-দুৰ্নীতিৰ সৈতে সুবিধাজনক সহ-অৱস্থান লৈ অহা প্ৰতিষ্ঠিত ৰাজনৈতিক দল সমূহৰ সমুখত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে।
ভাৰতীয় সংসদে নীতিগত ভাৱে সেই শক্তিশালী লোকপালৰ দাবীৰ প্ৰতি সমৰ্থন জনোৱাৰ প্ৰস্তাৱ লোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ আশ্বাসমূলক চিঠি প্ৰাপ্তিৰ অন্ততঃ আন্না হাজাৰেই অনশন ভংগ কৰিলে। তাৰ পাছতো ৰাজনৈতিক দল সমূহে বিভিন্ন চাতুৰীৰে সেই দাবীক একাষৰীয়াকৈ ৰাখি নিজৰ সুবিধা হোৱাকৈ এক চৰকাৰী লোকপাল বিল সংসদত তুলি ধৰাৰ ব্যৱস্থা কৰিলে। এই সকলো প্ৰচেষ্টাৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনৰ চাণক্য ৰূপে জিলিকি উঠা, ভাৰতীয় ৰেভিনিউ চাৰ্ভিচেজৰ চাকৰি ত্যাগ কৰি "পৰিবৰ্তন" নামৰ সামাজিক সংস্থা যোগে জনসাধাৰণৰ সেৱা কৰা, তথ্য জনাৰ অধিকাৰ আইনক ফলপ্ৰসূ ৰূপদানত অৰিহণা যোগোৱা তথা মেগ'চচাই পুৰষ্কাৰেৰে সন্মানিত হোৱা সমাজকৰ্মী অৰবিন্দ কেজৰীৱাল এইবাৰ অনশনত বহিল। কিন্তু ৰাজনৈতিক দল সমূহে এই অনশনলৈ সঁহাৰি দিয়াৰ সলনি তাচ্চিল্য ভৰা প্ৰত্যাহ্বানহে দলিয়াই দিলে।

দেশত নীতি-নিৰ্ধাৰণৰ দ্বায়িত্ব সদনৰহে, সাধাৰণ নাগৰিকে বা নাগৰিক সমাজে দিয়া পৰামৰ্শ গ্ৰহণ কৰাৰ বাবে চৰকাৰ বা সেই দলসমূহ দ্বায়বদ্ধ নহয়, সেই কথাহে স্পষ্ট কৰি দিলে।  অনশনৰ দৰে কাৰ্যসূচীৰ সলনি ৰাজনৈতিক ক্ষমতা দখলেৰে নিজৰ দাবী পূৰণ কৰিব লবলৈ জনোৱা প্ৰত্যাহ্বান এই আন্দোলনত ভাগলোৱা সকলৰ সমুখলৈ দলিয়াই দিলে। তেতিয়াই অৰবিন্দ কেজৰীৱালৰ নেতৃত্বত একাংশ আন্দোলনকাৰীয়ে সেই প্ৰত্যাহ্বান স্বীকাৰ কৰিলে আৰু এক সাধাৰণ মানুহৰ ৰাজনৈতিক শক্তি ৰূপে "আম আদমী পাৰ্টি" গঢ়ি তোলাৰ ঘোষণাৰে অনশন ভংগ কৰিলে।  তেতিয়া আন্না হাজাৰেৰ নেতৃত্বত সামাজিক পৰিবৰ্তনৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত জঁপিয়াই পৰাৰ প্ৰয়োজনীয়তা বোধ নকৰা সকলে অৰাজনৈতিক সামাজিক  সংগঠনৰ ৰূপতেই নিজৰ স্থিতি অটল ৰাখিলে।

ইয়াৰ পাছত দিল্লীৰ বিধান সভাৰ নিৰ্বাচনক লক্ষ্য কৰি নৱ-গঠিত আম আদমী পাৰ্টিয়ে তৃণমূল পৰ্যায়ত সংগঠনত নামি পৰিল। গলিয়ে গলিয়ে মোহোল্লাই মোহোল্লাই স্থানীয় সমস্যা সমূহক লিপিবদ্ধ কৰাৰ লগতে স্থানীয় নাগৰিক সকলকো সংঘবদ্ধ কৰাৰ কামত লাগিল। হাজাৰ হাজাৰ স্বেচ্ছাসেৱকে এই কামত নিজকে নিযুক্ত কৰিলে। দেশত চলি থকা দুৰ্নীতি, অনীতি আৰু কু-শাসনৰ বিৰুদ্ধে দেশ আৰু প্ৰৱাসত থকা ভাৰতীয় সকলে মুক্ত হস্তে দান-বৰঙণি আগবঢ়াবলৈ ধৰিলে। বহুতো লোকে নিজৰ চাকৰি, ব্যৱসায় ত্যাগ কৰি আহিও এই যোগাত্মক পৰিবৰ্তনৰ হকে এই ৰাজনৈতিক শক্তিক সৱল কৰিবলৈ আত্ম-নিয়োগ কৰিলে।  এই কঠোৰ প্ৰচেষ্টা আৰু পৰিবৰ্তনৰ বাণীত দিল্লীৰ ৰাইজে দিয়া সহাঁৰি নিৰ্বাচনী ফলাফলত জিলিকি উঠিল।  আঠাইশ খন আসনেৰে আম আদমী পাৰ্টিয়ে দ্বিতীয় স্থানৰ দল ৰূপে নিজকে প্ৰতিপন্ন কৰিলে।

এই অভূতপূৰ্ব সফলতাত দেশৰ প্ৰতিস্থিত ৰাজনৈতিক মহলৰ চকু থৰ হৈ যোৱাৰ অৱস্থা হ'ল। সংখ্যাগৰিষ্ঠ নহলেও আটাইতকৈ বেছি আসন পোৱা বিজেপি দলে ৩২খন আসন পোৱাৰ পাছতো চৰকাৰ গঠন নকৰে আৰু নীতি-বিৰুদ্ধ হৰ্চ ট্ৰেডিং বা ৰাজনৈতিক বুজাপৰাৰে চৰকাৰ গঠনৰ চেষ্টা নচলায় বুলি নিজে দায় সৰাৰ চেষ্টা কৰিলে।  কিন্তু এই দলৰ  ইতিহাসত এনে হৰ্ছ ট্ৰেডিং বা কিনা-বেচাৰে চৰকাৰ গঠন, সংখ্যালঘু চৰকাৰ চলোৱাৰ উদাহৰণ জলজল পট পটকৈ জিলিকি আছে। অথচ এইবাৰ "নীতি আৰু প্ৰমূল্য" হে এই দলৰো মূল কথা হৈ পৰিল, যাক সমালোচকে হাজাৰটা এন্দুৰ ভক্ষণ কৰি মেকুৰীয়ে হজ যাত্ৰা কৰাৰ লগত তুলনা কৰি কটাক্ষ কৰিছে। বিজেপি দলে, অনাগত লোকসভা নিৰ্বাচনৰ সৈতে পুনৰ দিল্লী বিধান সভাৰ নিৰ্বাচন হ'লে মোদীৰ লহৰত স্পষ্ট বহুমত লাভ কৰিব বুলি আশা কৰি অতি হিচাবী ৰাজনৈতিক চাল হিচাবে চৰকাৰ গঠন কৰাৰ দ্বায়িত্ব আম আদমী পাৰ্টিলৈ ঠেলি নিজে যোগাত্মক বিৰোধীৰ ভূমিকা পালন কৰি গনতন্ত্ৰক সৱল কৰাৰ চেষ্টা কৰিব বুলি ব্যক্ত কৰিছে।

আকৌ কংগ্ৰেছে শাসনৰ পৰা গাদীচ্যুত হৈ তেওঁলোকৰ উপসভাপতি ৰাহুল গান্ধীয়ে বিদেশত বাখ্যা কৰা "অসমত অগপ দলক এবাৰ খাবলৈ দি জনমৰ বাবে সেই দলটোৰ প্ৰতি ঘৃণা" সৃষ্টি কৰাৰ সফল উদাহৰণটো ব্যৱহাৰ কৰিবৰ মানসেৰে আঠ জনীয়া বিধায়কৰ দলে আম আদমী পাৰ্টিলৈ বিনা-চৰ্তে সমৰ্থন দিয়াৰ কাগজ উপ-ৰাজ্যপালক জমা দি থৈ আহিল। তাৰ পাছতে দুয়োটা প্ৰতিষ্ঠিত ৰাজনৈতিক দলে একে সুৰত আম আদমী পাৰ্টিয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰাটো অসম্ভৱ, সেয়ে এই দলটোৱে এই পৰিস্থিতিত চৰকাৰ গঠন কৰাৰ পৰা পলায়নবাদী মনোভাৱ গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যম-ইলেক্ট্ৰনিক মেডিয়াত সমালোচনা কৰিবলৈ ধৰিলে। লগতে জনতাৰ ৰায় মানি, আম আদমী পাৰ্টিয়ে দিল্লীৰ ভাল কৰি দেখুৱাওক বুলিও নতুন প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হ'ল।

দিল্লীৰ ৰাজনৈতিক অচলাৱস্থা আৰু ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ সম্ভাৱনাৰ বাবে আম আদমী পাৰ্টিকে জগৰীয়া কৰাৰ দৰে সমালোচনাও কৰিবলৈ ধৰিলে।  পৰিবৰ্তিত পৰিস্থিতিত তেতিয়া আম আদমী পাৰ্টিয়ে দিল্লীবাসীৰ মূল ১৮টা সমস্যাৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ যাওতে "দ্বায়িত্বৰ লোৱাৰ পৰা পলাবলৈ চেষ্টা কৰা বুলি সমালোচনা কৰা" দল দুটাক এই বিষয়বোৰত স্থিতি স্পষ্ট কৰাৰ বাবে দলীয় মূৰব্বীলৈ চিঠি প্ৰদান কৰে।  তেতিয়া গাদীচ্যুত হৈ ৰাজহুৱা স্বাৰ্থৰ পৰিপন্থী কোনো কাম কৰিব নোৱাৰা অৱস্থা হোৱা কংগ্ৰেছ দলে, বাধ্যত পৰি চিঠিৰ উত্তৰ দিয়ে। কিন্তু যোগাত্নক ভূমিকা, গণতন্ত্ৰৰ ৰক্ষাৰ পাঠ আওৰোৱা বিজেপি দলে তাৰ উত্তৰ দিয়াৰো প্ৰয়োজনবোধ নকৰিলে। লোকসভাত বিধেয়ক পাছ কৰিবলৈ সৰ্বদলীয় বৈঠক, ঘৰত ৰাতি ভাত খোৱাৰ বৈঠক, মধ্যভোগীৰ বৈঠক আদিৰে প্ৰায়বোৰ কথাতে সহমত প্ৰকাশ কৰা পাৰ্টি দুটাই এই চিঠি লিখি তেখেত সকলৰ মনৰ কথা জানিবলৈ খোজা প্ৰক্ৰিয়াটোকো কটু সমালোচনাহে কৰিলে। যেন বিৰোধী দলৰ স্থিতি জানিবলৈ খোজাটো তেওঁলোকৰ দ্বাৰা সৃষ্ট/ৰক্ষিত গণতান্ত্ৰিক পৰম্পৰাৰ অংশই নহয়!
এনেবোৰ অলেখ ৰাজনৈতিক নাটক-পৰিঘটনা ৰাইজে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিলে । আৰু প্ৰতিস্থিত ৰাজনৈতিক দল সমূহে আম আদমী পাৰ্টিক ক্ষণে ক্ষণে কৰি অহা প্ৰত্যক্ষ সমালোচনা আৰু দলিয়াই থকা নিত্য নতুন প্ৰত্যাহ্বানৰ যোগেদি এই পাৰ্টি সমূহৰ সামূহিক স্বাৰ্থত যে আম আদমী পাৰ্টি এক পৰিপন্থী আৰু বিপদজনক শক্তি হৈ দেখা দিছে তাকেই প্ৰকাৰান্তে মানি লোৱাৰ উমান পোৱা গৈছে। এই পৰিবৰ্তিত পৰিস্থিতিত দিল্লীক এখন চৰকাৰ দি নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰাই শ্ৰেয় হবনে বুলি আম আদমী পাৰ্টিয়ে এক জনমত সংগ্ৰহ তথা জনসমীক্ষাৰ ব্যৱস্থা কৰে। জনসভা, মোবাইল ফোন, এচএমছ তথা ৱেবচাইট যোগে মতামত সংগ্ৰহ কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ যি অভূতপূৰ্ব এক প্ৰক্ৰিয়া ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত পৰীক্ষামূলক ভাৱে ব্যৱহাৰ কৰিলে, সিয়ো প্ৰতিস্থিত ৰাজনৈতিক শক্তি সমূহৰ "পাঁচ বছৰলৈ ক্ষমতা পালো যেতিয়া জনসাধাৰণলৈ উভতি চোৱাৰ সকাম কি" মানসিকতাক নতুন সীমাত থিয় কৰালে। এই দল সমূহে এই জনমত সংগ্ৰহেৰে সিদ্ধান্ত গ্ৰহণক চুইডেনৰ দৰে ডাইৰেক্ট ডেমক্ৰেচীৰ ৰূপদান কৰা আৰু ভাৰতৰ দৰে বিশাল দেশত এনে ব্যৱস্থা ব্যৱহাৰযোগ্য নহয় বুলি আৰু এনে "নাটক" কৰি আম আদমী পাৰ্টিয়ে ৰাজনৈতিক ক্ষেত্ৰত এক নৈৰাজ্যবাদৰহে সূচনা কৰিব বুলি প্ৰচাৰ কৰা দেখা গ'ল। ইও প্ৰচলিত বিধি-ব্যৱস্থাক পৰিবৰ্তনৰ দিশে নিয়া কাৰ্যৰ বিৰুদ্ধে এই দল সমূহৰ মানসিক জড়তাৰেই এক অসন্তুষ্টি বুলি গণ্য কৰিব পাৰি নেকি, আপোনাসৱেই বিচাৰ কৰক।

কিন্তু দিল্লীৰ জনতাই প্ৰৱল ভাৱে এই জনমত অভিযানত অংশ গ্ৰহণ কৰি, ওলোমা বিধান সভাৰ এই পৰিস্থিতিত কংগ্ৰেছে উপযাচি দিয়া সমৰ্থনৰ ফলত সৃষ্টি হোৱা সংখ্যাৰ খেলত পৰাজিত নোহোৱাৰ সম্ভাৱনাত আম আদমীক চৰকাৰ গঠনৰ বাবেই মতদান কৰিলে। তাৰেই ফলশ্ৰুতিত এক সামাজিক গণ-আন্দোলনৰ পৰা অতি কম সময়ৰ ভিতৰতে চৰকাৰ দখল কৰাৰ সুবিধা এই দলে লাভ কৰিলে

অৰবিন্দ কেজৰীৱালৰ নেতৃত্বত আৰু ছয় জন কেবিনেট মন্ত্ৰীয়ে ২৮ডিচেম্বৰত দ্বায়িত্ব গ্ৰহণ কৰিব। এই মন্ত্ৰীসভাই আটাইতকৈ কম বয়সীয়া মন্ত্ৰী সভা আৰু  অতি উচ্চ শিক্ষিতৰে গঠিত হোৱা বুলিও পৰিগণিত হৈছে। ইও ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰৰ বাবে এক যোগাত্মক পৰিবৰ্তনৰেই বাহক হৈ উজ্বলি উঠিছে।

(৩)
এতিয়া শ্লোগান আৰু সমদল সামৰি কামৰ সময় সমাগত হোৱাৰ লগে লগেই আন কিছু গুৰুত্বপূণ কথাই মূৰ দাঙি দেখা দিছে।  মানুহে বাৰে বাৰে সন্দেহৰ দৃষ্টিৰে এটাই প্ৰশ্ন উত্থাপন কৰিছে, দুৰ্নীতিবিৰোধী আন্দোলন গঢ়ি সমাজ পৰিবৰ্তনৰ লক্ষ্যৰে শাসনলৈ অহা এই সকল সঁচাই ব্যক্তিগত ক্ষেত্ৰত নৈতিকতাবাদী নে? নতুনকৈ শাসনৰ সোৱাদ পোৱা সকলৰ ব্যক্তিগত উচ্চাকাংখ্যাই নীতি-আদৰ্শৰ উৰ্ধত উঠিবগৈ নেকি? দুৰ্নীতিগ্ৰস্থ শাসন ব্যৱস্থাৰ সৈতে সহ-অৱস্থান লোৱা তথা দুৰ্নীতিক টকা ঘটাৰ সহজ উপায় বা মেচিন ৰূপে গণ্য কৰা আমোলা-তন্ত্ৰই কি স্থিতি লব । প্ৰচলিত পৰিবেশত উশাহ-নিশাহ বন্ধ হৈছিল আৰু সেইবাবেই নিকা এক ব্যৱস্থাৰ বাবে হাত উজান দিব বিচৰা আমোলা-বিষয়া সকলক চিনাক্ত কৰা, দুৰ্নীতিগ্ৰস্ত সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ আদি কথাও অতি লক্ষণীয় হৈ উঠিব। মেনেজ কৰাত পৰিপক্ক এই সকল বিষয়াৰ ৰঙা-ফিটাৰ মেৰপেচত, শাসন চলোৱাত অভিজ্ঞতা নোহোৱা নৱ-নিযুক্ত মন্ত্ৰী সকলৰ কি দশা হব সেয়াও অতি চিন্তনীয় বিষয়। আমোলাতন্ত্ৰই যে প্ৰশাসন আৰু ব্যৱস্থাৰ চালিকা-শক্তি সেই কথা এই মূহুৰ্তত পাহৰি যোৱাটো উচিত নহব।

বিশ্লেষণ কৰি চালে, বিগত সময়চোৱাত সততা আৰু নিকা ভাৱমূৰ্তি ৰক্ষা কৰাত আম আদমী পাৰ্টিৰ নেতাসকল এক অৰ্থত সফল হৈছে। নিৰন্তৰ শাসন, প্ৰশাসন, চোৰাংচোৱা, সাংবাদিক, গোপন কেমেৰা, ফোন-টেপিং ইত্যাদি শত সহস্ৰ কূট-কৌশল প্ৰয়োগ কৰিও এই দলৰ নেতৃত্ব গ্ৰহণ কৰা সকলৰ বিৰুদ্ধে বোকা ছটিওৱাৰ বিফল অপচেষ্টাৰ বাহিৰে, কোনো দুৰ্নীতি-অনীতিৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম নহ'ল। ইও এক আশাপ্ৰদ কথা আৰু ব্যক্তিগত নৈতিকতাৰ প্ৰশ্নত এক উদাহৰণ যোগ্য দিশ।

আকৌ ইতিহাসলৈ চকু ফুৰালে এই কথা স্পষ্ট ৰূপত প্ৰতিফলিত হয় যে, এই দেশে স্বাধীনতা লাভ কৰিছিল জাকে জাকে ভলণ্টিয়াৰৰ স্বেচ্ছামূলক সেৱাৰ দ্বাৰাহে।  নিজৰ পেশা এৰিও দেশৰ স্বাৰ্থত স্বেচ্ছাসেৱক হবলৈ এটা প্ৰজন্ম আগবাঢ়ি অহাৰ ফলতহে ই সম্ভৱ হৈ উঠিছিল। আজিৰ পৰিবৰ্তিত পৰিস্থিতিতো নিজৰ পেশা, লোভনীয় চাকৰি, পদ-মৰ্যদা, বৈষয়িক বাসনা আদিৰ ত্যাগ কৰা এজাক নতুন স্বেচ্ছাসেৱক এই দলৰ বাকৰিত সমবেত হৈছে।  তেওঁলোকে দিল্লীত স্থাপন কৰা নৈতিকতা আৰু নিকা ৰাজনীতিৰ ভেটিত দেশত এক নতুন ধৰণৰ স্বৰাজ স্থাপন কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। এই লক্ষ্য এই স্বেচ্ছাসেৱক সকলৰ বাবে সাময়িক, দীৰ্ঘ দিনৰ নে জীৱনজোৰা লক্ষ্য  সেয়াও অতি লক্ষণীয় কথা!

দিল্লীৰ গাদীত আম আদমী পাৰ্টিয়ে শাসন চম্ভালিবলৈ লোৱাৰ আগতেই সচিবালয়ত জোকাৰণিৰ সৃষ্টি হৈছে। ক'লা ধন, ক'লা বেপাৰৰ প্ৰমাণ থকা ফাইল পত্ৰ ফালি গোপনে প্ৰমাণ নোহোৱা কৰা ধৰণৰ ষড়যন্ত্ৰও সংবাদ মাধ্যমৰ গোপন কেমেৰাৰে আজ টক চেনেলে পৰিবেশন কৰিছে। আকৌ এই দলৰ সফলতাত মুগ্ধ হৈ প্ৰতিস্থিত দল এৰি কিছু বিতৰ্কিত নেতা-কৰ্মীয়ে এই দলত যোগদানৰ বাবে ঢাপলি মেলিছে। এই সকলৰ লক্ষ্য উদ্দেশ্য ব্যক্তিগত উচ্চাকাংখ্যা পূৰণহে বুলিও সচেতন মহলে মন্তব্য কৰা পৰিলক্ষিত হৈছে। সেইদৰে ক'লা বেপাৰী, ঠিকাদাৰ, নেতা আদিয়েও আজি নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থত এই দলৰ নেতা-কৰ্মীৰ সৈতে মধুৰ সম্পৰ্ক স্থাপন কৰিবলৈ স্বাভাৱিকতেই চেষ্টা কৰিব। এই সকলো নিত্য নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো এই দলৰ বাবে অভ্যাসত পৰিণত হব আৰু আশা কৰিছো প্ৰতিখোজতে এইবোৰ পৰীক্ষাত নিজকে নিকা প্ৰতিপন্ন কৰি আগুৱাই যাব।

আমি প্ৰতিজন মানুহেই জীৱনত সহজে নিজৰ কাম হাচিল কৰাৰ বাবে এই দুৰ্নীতিগ্ৰস্থ ব্যৱস্থাৰ সৈতে সুবিধাজনক সহ-অৱ্স্থান গ্ৰহণ কৰি আহিছো।  এই ব্যৱস্থা পৰিবৰ্তনৰ আশা কৰাৰ আগতে বা সেই দিশে কাম কৰা সকলৰ সৈতে হাত উজান দিয়াৰ আগতে আমিও এই সুবিধাবাদী চৰিত্ৰ ত্যাগ কৰি ব্যক্তিগত নৈতিকতাৰ পাঠ আহৰণ কৰি লোৱা উচিত হব। তেওঁলোকৰ কামৰ সহজ সমালোচনা কৰাৰ আগতে আমিও নিজকে আমি নিজে কি কৰিছো, কি আমাৰ কৰণীয় সেয়া চিকুটি চোৱাৰ প্ৰয়োজন আছে। আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুন্দৰ ভাৰত উপহাৰ দি যোৱাৰ ব্যক্তিগত তাড়ণাৰ স্বাৰ্থতে সামাজিক পৰিবৰ্তনৰ যোগাত্মক ধাৰালৈ সহযোগ কৰাৰ দ্বায়িত্ব আমিয়েই গ্ৰহণ কৰিব লাগিব।

এতিয়া দিল্লী বিধানসভা আৰু নৱ-গঠিত চৰকাৰখন দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ বাবে যেন গৱেষণাগাৰত থকা এক পৰীক্ষামূলক ডিজাইনহে।  সচেতন দেশবাসীৰ চকু এতিয়া তাতেই নিৱদ্ধ। আশা কৰিছো অনাগত সময়ত ই সফল প্ৰমাণিত হব আৰু  এক ৰাষ্ট্ৰযোৰা সামাজিক, অৰ্থনৈতিক আৰু সঁচা অৰ্থত ৰাজনৈতিক পৰিবৰ্তন কঢ়িয়াই আনিব পৰা এক বৃহত কাৰ্যকৰী বিপ্লৱৰ ৰূপত ই গঢ় লৈ উঠিব। আৰু এই ক্ষেত্ৰত ব্যক্তিগত নৈতিকতাত আপোচবিহীনতাহে সেই সফলতাৰ একমাত্ৰ মূলমন্ত্ৰহৈ উজ্বলি উঠিব, সেয়াহে নিশ্চিত।
------------------------------------------------------------------------------------------------------------
লেখক অ'এনজিচিৰ মুম্বাইস্থিত সামুদ্ৰিক উতপাদন নিয়ন্ত্ৰণ কক্ষত কাৰ্যবাহী অভিযন্তা ৰূপে কৰ্মৰত আৰু অনলাইন দৈনিক "অসমীয়াৰ সুখ দুখ"(www.xukhdukh.com)ৰ সম্পাদক। ই-মেইলঃ tolalinc@gmail.com, দূৰভাষঃ ৯৯৬৯২২১৩৮১

No comments:

Post a Comment

Sponsor

AD BANNER

Pages