কেনভাচ
তেওঁৰ বাইকত তুমি
মাজত এখন উকা কেনভাচ;
জানো;
অলেখ হেপাঁহেৰে
অলেখ হেপাঁহেৰে
তুমি তাত ৰঙ সানিবা…
প্ৰথম লগপোৱা, প্ৰথম স্পৰ্শ,
প্ৰথম চুমা,
প্ৰথম চুমা,
প্ৰতিটো স্মৃতি, প্ৰতিটো অতীত
সেউজীয়া
কি ৰঙেৰে বুলাবা
অনাগত দিন?
সোনালী হোমাগ্নি
নে এবুকু বিষাদ এন্ধাৰ……৷
No comments:
Post a Comment