কবিতা-১ জয়া-দিহিঙত গান্ধী - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা-১ জয়া-দিহিঙত গান্ধী

কবিতা-১ জয়া-দিহিঙত গান্ধী

Share This

জয়া-দিহিঙত গান্ধী

নাহৰ হাবিত সিদিনা
গান্ধীক লগ পালো
তেওঁ ক’লে
মোক এটা পূৰঠ ডাল দিয়া
লাখুটি কৰিম৷

মই ক’লো
বিদেশী কোম্পানীয়ে পুতিলে খুটি
বুকুৰ তেল নিব বুলি লুটি
মাতৃৰ বুকুত হ’ল
শত শত ছিদ্ৰ;
ছাৰাখাৰ আজি
বৰ্ষাৰণ্যৰ সপোন
আৰু নাহৰ ‘হাবি’৷

গান্ধীৰ চকুলৈ চালো
চকুত চকুলো
নাহৰজানৰ শুকান
নিজৰা দুটি……

No comments:

Post a Comment

Sponsor

AD BANNER

Pages