কবিতা-৩ কেঁচা প্ৰেমৰ পদ্য - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা-৩ কেঁচা প্ৰেমৰ পদ্য

কবিতা-৩ কেঁচা প্ৰেমৰ পদ্য

Share This

কেঁচা প্ৰেমৰ পদ্য

মই অংক শিকিবলৈ যোৱাৰ বাটত
তাই হিন্দী শিকিবলৈ অহাৰ কথা,

তাই হাঁহি হাঁহি ক’লে
জীৱন মানেইতো হিচাব নিকাচ
অংক শিকাটো খুবেই জৰুৰী;

মই মিচিকিয়াই ক’লো-
জীৱন মানেইতো মৰম চেনেহ,
‘কুচ কুচ হোতা হ্যে’ বুলি কবলৈকে
হিন্দী শিকাটো খুবেই জৰুৰী…

হিচাপত পকিল তাই
প্ৰেমত পকিলো মই;

উপসংহাৰঃ
প্ৰেমৰ চাকত মোৰ নাকনি নাবনি
আৰু তাই হাঁহি হাঁহি
হিন্দী চাৰৰ সুগৃহিনী….

No comments:

Post a Comment

Sponsor

AD BANNER

Pages