কবিতা-৬ সুৰ সন্ধান - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা-৬ সুৰ সন্ধান

কবিতা-৬ সুৰ সন্ধান

Share This
সুৰ সন্ধান

আলি পদূলিত ৰৈ ৰৈ
সন্ধিয়াৰ কোমল অন্ধকাৰত তুমি;
আৰু এজাক হৈ চৈ
এপাল আধাপেটীৰ জাক লৈ
গৰখীয়া মই৷

নামো নানামোকৈ ৰৈ আছে
গাখীৰতী জোনাক......

তুমি তুলি দিছিলা এটা বাঁহী
আঁকি দিছিলা উমাল স্পৰ্শ,
তাৰ উমানতে নাচি ফুৰিছিল
পাবলি আঙুলিবোৰ,
প্ৰেমৰ এটা সুৰ বিচাৰি...

No comments:

Post a Comment

Sponsor

AD BANNER

Pages