কবিতা-৮ সাক্ষাৎকাৰ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা-৮ সাক্ষাৎকাৰ

কবিতা-৮ সাক্ষাৎকাৰ

Share This
সাক্ষাৎকাৰ

আপুনি ভালপায়ঃ তাইক,
আপুনি ঘৃণা কৰেঃ তাইৰ চকুপানী,
উপভোগ কৰেঃ তাইৰ অভিমান,

ধেৎ,
প্ৰেমিকৰ সাক্ষাৎকাৰ লোৱাটোৱেই অৰ্থহীন;
তাই মাথো তাই
তাইৰ বাদে যেন পৃথিৱীত একোৱেই নাই....

ৰিকি মাৰ্টিনে এনেয়ে গোৱা নাই
‘তাইয়ে মোৰ প্ৰেয়সী, তাইয়ে মোৰ বন্ধু,
তাইয়ে মোৰ সকলো’৷
সকলো প্ৰেমিক একেই
ভালপায়, গান গায়, সপোন দেখে;

বুকুত কঢ়িয়াই ফুৰে দুখন সাগৰ
এখন সুখৰ, এখন বিষাদৰ৷

তেওঁৰ সময়বোৰ উৰণীয়া
ভাৱনা হেনো অলিয়া-বলিয়া;

শেষত সুধিলো,
এটা উত্তৰ দিবনে সঠিক সঠিক,
আপোনাৰ প্ৰিয় খাদ্য?
ক’লে, আপুনি জানেই,
তথাপি,
তাইৰ ওঁঠৰ লিপষ্টিক......৷


No comments:

Post a Comment

Sponsor

AD BANNER

Pages