কবিতা-৫ তোমাক ভালপাওঁ বাবেই - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা-৫ তোমাক ভালপাওঁ বাবেই

কবিতা-৫ তোমাক ভালপাওঁ বাবেই

Share This
তোমাক ভালপাওঁ বাবেই
তোমাক ভালপাওঁ বাবেই
ভালপাওঁ আদিগন্ত সেউজীয়া,
আবেলিৰ বেলি, ৰঙচুৱা কুহূমবুলীয়া……

তোমাক ভালপাওঁ বাবেইতো
জীয়াই আছে অনুভৱৰ সত্বা;
শিৰাই শিৰাই প্ৰৱাহমান অনুভূতি লৈ
চিৰদুল্যমান ঠুনুকা হৃদয়……

তোমাক ভালপাওঁ বাবেইতো
উদযাপন কৰো প্ৰতিদিন প্ৰতিপল
যেন মৰমৰ বৰ্ণিল সমদল

তোমাক ভালপাওঁ বাবেইতো
ৰাতিৰ আকাশ আজি তৰাফুলৰ দেশ
য’ত বুটা বাচে হেপাঁহে
যাৰ স্বপ্নময়তাত মগন হৈ আওৰাও
সুখময় জীৱনৰ আদিপাঠ৷

সানি চাইচানে তুমি
পলসুৱা পৃথিৱীৰ ৰং, এই ভালপোৱা
যাৰ অবিহনে কিনো দিন, কি ৰাতি?.....


No comments:

Post a Comment

Sponsor

AD BANNER

Pages