কবিতা-৭ আমন্ত্ৰণ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা-৭ আমন্ত্ৰণ

কবিতা-৭ আমন্ত্ৰণ

Share This
আমন্ত্ৰণ

আহিবা এদিন
উদযাপন কৰিম
এটা শাৰদ সন্ধ্যা
হেপাঁহ আৰু ভালপোৱাৰ সতে
শেৱালি তলত......

কবিতাৰ গুঞ্জনত মুখৰিত হব চৌপাশ
অভিবাদনৰ বাবে আহিব
জোনাকী পৰুৱাৰ বৰ্ণিল শোভাযাত্ৰা৷

শব্দৰ কলকলনিত বব
অনুভৱৰ নিজৰা, শেলুৱৈ ধৰা
হৃদয়ৰ ফাঁকে ফাঁকে৷
জীপাল কলিয়াব ফুলবোৰ,
পুৱতিৰ সতে যি বিলাব
আমাৰ ভালপোৱাৰ সুৱাস.....

No comments:

Post a Comment

Sponsor

AD BANNER

Pages