কবিতা-২ ফলশ্ৰুতি বাগিচাৰ কথাৰে - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা-২ ফলশ্ৰুতি বাগিচাৰ কথাৰে

কবিতা-২ ফলশ্ৰুতি বাগিচাৰ কথাৰে

Share This

ফলশ্ৰুতি বাগিচাৰ কথাৰে…

সৰু সৰু বাগিচাত বাঢ়ে
সেউজীয়া সপোনৰ বিশালতা

কলিয়াব ধৰা গছে পাতে
সখিয়তী মেল
কেতিয়া আহিব, চুবহি ধুবহি
প্ৰিয় সখা মোৰ
বৰষুণ বৰষুণ….

আকাশে তিপিয়ালে চকু
বিৰিখৰ কঁপিলে বুকু,
মেঘালী চুলি মেলি
আগলি কলাপাত ভাঙি
নামিল নামিল শ্যামলীমা
সেউজৰ প্ৰিয়তম প্ৰিয়তমা…

এটি কলি দুটি পাত
আজি তাৰ জীৱনৰ গান
ছন্দত সৰে টোপ টোপ কঁপালৰ ঘাম
পুঁজিপতিৰ কলঘৰত তাৰো
উঠা নমা দাম৷

জীৱনমুখী এই তলবল যাত্ৰা
নাম দিলো তাৰ ‘ফলশ্ৰুতি’৷

(ক্ষুদ্ৰ চাহ বাগান ফলশ্ৰুতিৰে সপোন সজোৱা প্ৰাক্তন কটনিয়ান অপূৰ্ব বৰাৰ হাতত)


No comments:

Post a Comment

Sponsor

AD BANNER

Pages