ড্ৰাফট লেখা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

ড্ৰাফট লেখা

Share This
দেশৰ ছবি
----------
আমি ভাল কামেৰে মানে মৌলিক কৰ্তব্যবোৰ নিষ্ঠাৰে পালন কৰি জন্মভূমিৰ ছবি সলাব লাগিব। কিন্তু কিছুমানে ভাল দামী কেমেৰা কিনি, ফকাচ সলাই লেন্স সলায়েই সুন্দৰ ফটো জাৰি কৰিয়েই দেশৰ ছবি সলাব বুলি ভাবি লৈছে!

মৌলিক কৰ্তব্য মানে তাৰ অৰ্থ বুজাব খুজিছো, আমি পেশাগত ভাৱে যি কাম বাচি লৈছো, তাক নিষ্ঠাৰে কৰাটো। যেনে তৈল ক্ষেত্ৰৰ অভিযন্তা ৰূপে মোৰ মৌলিক কৰ্তব্য পালন কৰাটো মোৰ প্ৰথম দায়িত্ব। এই দায়িত্ব পালন কৰিছোনে নাই সেইটো বেলেগে বিচাৰ কৰিব নোৱাৰে, যদি কৰা নাই আমি নিজে লাজ পাব লাগিব। সৰুতে শিকোৱা এটা কথাই মন-মগজুত ক্ৰিয়া কৰি থাকে, চেতন অৱচেতন ভাৱেই, সেয়া হৈছে, আনৰ পৰা লুকুৱাবি, পিছে নিজৰ পৰা কি লুকুৱাবি? নিজক জানো ফাঁকি দিব পাৰিম। এই কথাটো নিজকে সুধিব পাৰিলেই, নিজৰ কৰ্মস্থলীত নিষ্ঠা অটুট নাথাকিবনে?


ৰাস্তাত ঝাড়ু মৰাটো মোৰ কাম নহয়। মোৰ কাৰ্যালয়টো চাফা কৰি ৰাখিবলৈ নিযুক্ত কৰা ব্যক্তিজনে সেই কামটো যাতে নিয়াৰিকৈ কৰে, সেইটো নিশ্চিত কৰি ৰখাটোহে অফিচাৰ হিচাবে দায়িত্ব। লগতে এইটোও দায়িত্ব যে সেই কৰ্মীজনে দেশৰ শ্ৰম আইনে সুনিশ্চিত কৰাকৈ উপযুক্ত দা-দৰমহা পাইছেনে নাই, কিবা অসুবিধা হৈছে নেকি, তাৰো খবৰ ৰখা। ভালকৈ চাফ-চিকুনতা কৰি ৰাখিলে তেওঁক পুৰস্কৃত কৰাটোও। অফিচৰ মুৰব্বীয়ে জাৰু মাৰি নাটক কৰাৰ প্ৰয়োজন নাই! অফিচত নাকৰ তলতে টকা খোৱা লেতেৰা দোকান চলি থাকিলেও তাক নিকা কৰাৰ বাবে পদক্ষেপ নলয়, হাতত ঝাড়ু লৈ চেলফি তোলে!

একেদৰেই দেশৰ আইন প্ৰণয়ন কৰাৰ আৰু তাক বলবত কৰাৰ মৌলিক দায়িত্ব থকা সকলে দেশ চাফা কৰাৰ বাবে নিজৰ মৌলিক দায়িত্ব পালন কৰিব লাগে। ঝাড়ু মাৰি নাটক কৰিলে কাম নহয়। তেওঁলোকৰ দায়িত্ব কেনেকৈ চাফাই কৰ্মই দেশৰ ব্যাপক জনসমাজক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব পাৰে, পাব্লিক হাইজিনৰ যথাৰ্থতা অনুভৱ কৰি তাক নীতি আৰু তাক বাস্তৱায়িত কৰাত মনোযোগ দিয়াটোহে। আমেৰিকাৰ দৰে চাফা নগৰ পাবলৈ হলে আমেৰিকাত চাফাই কৰ্মীয়ে পোৱাৰ দৰে সন্মানজনক, উন্নত দা-দৰমহাও আগবঢ়াব লাগিব। নিজৰ পা-পৰিয়ালক উন্নত জীৱন দিয়াৰ বাট সমাজখনক নিকাকৈ ৰাখিয়ে কৰিব পাৰিলে, সমাজত সঁচা সন্মান পালেহে চাফাই কৰ্মী সকলে কিয়নো নিজৰ মৌলিক কামটো নিকাকৈ নকৰিব!

একে সময়তে স্বচ্ছ ভাৰতৰ সপোনো, অতি লেতেৰা বুলি ভবাবোৰো চাফা কৰি সমাজখন নিকা কৰি ৰখা সকলক 'উন্নত মৰ্যদা' দিওৱাৰ সলনি জাত পাতৰ ভিত্তিত নিগ্ৰহৰ সন্মুখীন হৈ থাকিবলৈ দিয়াতো জানো উচিত হৈছে।

আহকচোন আমি আমাৰ মৌলিক কৰ্তব্যত ধ্যান দিও। তেহে সমাজখন সলনি হব, ফটো আৰু ফটো জাৰিৰ ফটুৱামিৰে নিশ্চয় নহয়!
Comment Using!!

Sponsor

AD BANNER

Pages