সেন্দুৰীয়া বিহুগীত - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

সেন্দুৰীয়া বিহুগীত

সেন্দুৰীয়া বিহুগীত

Share This
সেন্দুৰীয়া বিহুগীত

বহাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং
তই মাথো নেৰিবি তোৰ
গাঁৱলীয়া ঢং

চেম্পু টেম্পু নালাগে জান
জবা পাতেই চলিব
কিৰিম চিৰিম নালাগে জান
হালধিৰেই ৰং চৰিব৷

ববকাটৰ চুলিতকৈ
বৰখোপাই শুৱনি
চুৰিদাৰ সাজতকৈ
চাদৰতেই লাৱণি৷

বহাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং
তই মাথো নেৰিবি তোৰ
গাঁৱলীয়া ঢং

এচ এম এচো নালাগে জান
দীঘলীয়া চিঠি দিম
মিচকলো নালাগে জান
বুকু ফালি উকি দিম

চেঁপা হাঁহি নালাগে জান
ৰাংঢালি নোহৈ হাঁহিবি
ফৰমেলিটি নালাগে জান
চিত-পখিলী হৈ থাকিবি...

বহাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং
তই মাথো নেৰিবি তোৰ
গাঁৱলীয়া ঢং

কৰ্টৰ চহী নালাগে জান
ৰাইজতেই সেৱা লম
গহনাৰো যিহে দাম
কেঁচা সোণেই পিন্ধাই থম৷

বুফে চুফে নকৰো জান
গাঁৱৰ দৰে ভোজেই দিম
কাটা-চামুচ নালাগে জান
খালী হাতেই বজাই দিম৷

বহাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং
তই মাথো নেৰিবি তোৰ
গাঁৱলীয়া ঢং

যৌতুকীয়া পালেঙো
নালাগে তই আনিব
মৰম চেনেহ দিবলৈ
বাঁহৰ চাঙেই আঁতিব৷

দিনে-ৰাতি কামেৰে
কেথা-কম্বল গোটাই দিম
কেঁচা ঘামৰ ধনেৰে তোৰ
সোনৰ সপোন গঢ়াই দিম...

বহাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং
তই মাথো নেৰিবি তোৰ
গাঁৱলীয়া ঢং৷

1 comment:

  1. সুরে শুনতে পেলে ভাল লাগত

    ReplyDelete

Sponsor

AD BANNER

Pages