কবিতাঃ ভালপোৱা, জোনাক ইত্যাদি... - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতাঃ ভালপোৱা, জোনাক ইত্যাদি...

কবিতাঃ ভালপোৱা, জোনাক ইত্যাদি...

Share This
কবিতাঃ ভালপোৱা, জোনাক ইত্যাদি...

জোনক মই ভালপাওঁ
ভালপাওঁ জোনাক, জোনাকৰ কবিতা
তুমিতো জানা!

জোনাকী বাটত যে তুমি অগাদেৱা কৰা
হৈ কলীয়া ডাৱৰ
হেৰা মেঘালী সখী,
এইয়া কিহৰ ড্ৰামা?

গোপনে যদি তোমাৰো মোলৈকে মন?
তেন্তে আহাঁ
দুহাত মেলি তোমাকে সাৱতো
বৰষা হৈ তুমিয়ে নামা.....

যদি বুকু ভৰি আছে ভালপোৱা আৰু ভালপোৱা
তেন্তে আহাঁ তাৰেই বৰষুণত তিতো
পলসুৱা হওক পথাৰ
ৰোপন হওক বীজ
জিলিকক সেউজীয়া শস্যকণা৷

যদিও জোন হৈ ৰওক দূৰ আকাশৰ তৰা
হৈ সপোনৰ প্ৰেয়সী;
ধৰাৰ বুকুত শয়নে দিঠকে
তুমিয়ে তুমি
হৈ ৰোৱা মোৰ প্ৰিয়তমা....

No comments:

Post a Comment

Sponsor

AD BANNER

Pages