অকবিতাঃজীৱন, মৃত্যু...যন্ত্ৰণা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

অকবিতাঃজীৱন, মৃত্যু...যন্ত্ৰণা

অকবিতাঃজীৱন, মৃত্যু...যন্ত্ৰণা

Share This
অকবিতাঃ

জীৱন, মৃত্যু...যন্ত্ৰণা

গাড়ীখনে সেয়া সশব্দে ব্ৰেক মাৰিছে
চুঁছৰি আহিছে যমৰ দূত...
আস্ মাত্ৰ দুই ইঞ্চি ৷
ঠিক দুই ইঞ্চিৰ ইপাৰত বাচি গৈছে জীৱন৷

জীয়াই থকাৰ যাত্ৰা সামৰি
সমাধিত জিৰণী লোৱাৰেই কথা;
তথাপি
জীৱনৰ সতে কিয়
ছাঁৰ দৰে লাগে থাকে মৰণ...

এইযে ঠিক
দুই ইঞ্চিৰ যাদুকৰী জোখ,
দুই ইঞ্চিৰ বাণি আৰু কিছু দীঘেৰে
ৰচা হয় জীৱনৰ কলাক্ষেত্ৰ

কাৰোবাৰ বাবে ই
সৌভাগ্যই লগ নেৰা কপাল,
কাৰোবাৰ বাবে মাথো
দুৰ্ভাগ্যৰ তাণ্ডৱে ফেনেকা
দুখৰ চোতাল....


No comments:

Post a Comment

Sponsor

AD BANNER

Pages