- ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

Share This


ৰেচিপিঃ১
এক অনন্য সোৱাদঃ শুকুৱা ৰৌ মাছৰ সতে বাঁহ গাজ

ঘৰৰ পুখুৰীৰ ৰৌ-মাছ তুলি চকল চকলকৈ দলাত থৈ শুকুৱাই ৰাখিব৷ মাত্ৰ একেবাৰে খৰখৰীয়া শুকান কৰি শুকুৱাই নেপেলাব৷ তাৰে তিনি টুকুৰামান মাছ ৰান্ধিবৰ বাবে যতনাই লওঁক৷ 

এতিয়া অনুমান অনুসৰি দি পিয়াজ এটা কাটি ৰঙচুৱা হোৱালৈ ভাজক৷ লগতে নহৰু দুফোটা সৰু সৰুকৈ চুঁচি দিয়ক (বা থেতেলিওৱা হলেও হব)৷ এইবাৰ মাছৰ টুকুৰা কেইটা হাতেৰে মোহাৰি পিটিকাৰ দৰে কৰি পিয়াজৰ সতে অলপ দেৰি ভাজক৷

মিঠা তেলত দি সংৰক্ষণ কৰি ৰখা ভোট জলকীয়া আধা চামুচমান (নিজৰ স্বাদ মতে) ঢালি দিয়ক৷ এতিয়া সংৰক্ষণ কৰি ৰখা বাঁহগাজৰ টুকুৰা তিনি চামুচ মাছৰ ওপৰত দি হেঁতাৰে লৰাই সানি দিয়ক৷ অলপ নিমখ আৰু অকন হালধি দি জুই কম ৰাখি বাঁহগাজ খিনি সিজালৈকে অনুমানত সাত-মিনিট মান ভাজক৷ দেখিব শুকান মাছৰ কোনোৱে বেয়া পোৱা গোন্ধৰ সলনি ব্যঞ্জনৰ সুগন্ধিয়ে আপোনাৰ জিভাৰ পানী পেলাইছে!

এতিয়া কেৰাহীৰ পৰা গৰমে গৰমে তুলি কাঁহৰ বাতিত পৰিবেশন কৰক৷
আৰু ভাত বা ঘৰুৱা সাঁজপানীৰ সতে ইয়াৰ অনন্য সোৱাদৰ জুতি লওক৷

প্ৰয়োজনীয় সামগ্ৰী তালিকাঃ
১. শুকুৱা ৰৌ মাছ
২. ভোট জলকীয়া
৩. বাঁহগাজ
৪. এটা পিয়াজ, দুফোট নহৰু, অকন মিঠাতেল, নিমখ, হালধি আৰু কেৰাহীৰ তলত জুই!
 

No comments:

Post a Comment

Sponsor

AD BANNER

Pages