গোচৰৰ ৰাজনীতি আৰু অখিল গগৈ
---------------------------------------------
শাসকীয় দলৰ সদিচ্ছাৰ ওপৰত দেশ অথবা ৰাজ্যৰ ৰাজনৈতিক তথা সামাজিক পৰিবেশৰ ওপৰত যথেষ্ট প্ৰভাৱ থাকে। নিয়ন্ত্ৰণ বুলি পোনচাটেই কব নোৱাৰি। পুলিচ, আমোলা হৈছে শাসনৰ আহিলা। যাৰ দ্বাৰা শাসন চলোৱা হয় আৰু তেওঁলোকে ৰাজনৈতিক নেতৃত্বৰ সিদ্ধান্তক বাস্তৱ ৰূপ দিয়ে।
এই কেইষাৰ কথা ৰাজনৈতিক ক্ষেত্ৰৰ গোচৰ সমূহৰ ক্ষেত্ৰটো প্ৰযোজ্য হয়। শাসনত থকা সকলে বিচৰামতেই চৰকাৰী মহাধিবক্তা অথবা অধিবক্তাই চৰকাৰৰ স্থিতি আদালতত যুক্তি অথবা শপতনামাৰ যোগেদি ব্যক্ত কৰে। তাৰ ওপৰতো তেনে গোচৰ সমূহৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত প্ৰভাৱ পৰে। আৰু তাতেই হয় ৰাজনীতি।
অসমৰ ইতিহাসলৈ ভুমিকিয়াই চালে দেখিব, টাডাকে ধৰি ভিন্ন গোচৰত বহু বছৰ ধৰি ন্যায় ব্যৱস্থাৰ দুৱাৰে দুৱাৰে ঘূৰিও কেচ শেষ নোহোৱা গোচৰ সমূহো ৰাজনৈতিক সদিচ্ছাৰ প্ৰকাশ তথা টাডাৰ দৰে আইনক ক'লা আইন ৰূপে বাতিল কৰাৰ সিদ্ধান্তই এনে ভূক্তভোগীক দীৰ্ঘদিনৰ আইনী যাতনাৰ পৰা মুক্ত কৰিলে। আকৌ আমি যদি আলোচনাপন্থী উগ্ৰপন্থী সংগঠন সমূহৰ সদস্য তথা মুৰব্বী সকলৰ কথালৈ চকু দিও, তাতো দেখিম যে, আলোচনাৰ স্বাৰ্থত বা পৰিবেশ গঢ়াৰ বাবে তেনে গোচৰ সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে শিথিল স্থিতি গ্ৰহণ কৰিছে আৰু তাৰ বাবেই আদালতৰ পৰা সেই গোচৰ সমূহত জামিন পোৱাটো সম্ভৱপৰ হৈছে। তাৰোপৰি ৰাজনৈতিক গোচৰ সমূহৰ ক্ষেত্ৰত সামুহিক ক্ষমাদানৰ পদ্ধতিও অৱলম্বন কৰি বহুতো নাৰকীয় ঘটনা সংঘটিত কৰা লোককো মুক্ত কৰি দিয়াৰ উদাহৰণ আছে। সাম্প্ৰদায়িক সংঘৰ্ষ, হত্যালীলা, ধাৰাবাহিক বিস্ফোৰণ আদি সংগ্ৰাম তথা বিপ্লৱৰ অংশহে আছিল জাতীয় অপযুক্তিৰেও ন্যায়িক যুঁজত ৰাজনৈতিক সমাধানৰ অৰ্থেই হৰিবোল বুলি সাধাৰণ দৃষ্টিৰে দেখা পোৱা অপৰাধীকো অভিযুক্ত কৰা আৰু আনকি শাসনৰ গাদীলৈ বাট চিকুনাই দিয়াৰ অশুভ পৰম্পৰা অসমৰ মানুহেই প্ৰত্যক্ষ কৰিছে। অসম আন্দোলনৰ পৰা এই আজি পৰ্যন্ত হাত তেজেৰে ৰাঙলী কৰা মানুহৰ উত্থান এই অপ-ব্যৱস্থাৰ বাবেই ৰাইজে মানি লব লগা হৈছে।
সেই দিশৰ পৰা চাবলৈ গ'লে অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰ সমূহ ইমানেই ভয়ংকৰ নে, সেই প্ৰশ্নটো উদয় হবই। কি কাৰণত এটাৰ পাছত এটা পুৰণি গোচৰৰ অচিলাত তেওঁক এখন জিলাৰ কাৰাগাৰৰ পৰা আন এখনলৈ হস্তান্তৰ কৰি ফুৰা হৈছে, তাক লৈও ৰাইজ আজি উদ্বিগ্ন হৈছে।
....আৰু আছে...

No comments:
Post a Comment