কবিতাঃ যুঁজ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

কবিতাঃ যুঁজ

Share This
যুঁজ
(১)
পানীৰ হাত ধৰিয়ে সভ্যতা,
ক্ৰমাত পণ্য হ’ল পানী
পণ্য হ’ল সভ্যতা...
(২)
কিছু মানুহহে ভাল
যি প্ৰতিটো কথাতে হাতত নোতোলে
পইচাৰ তুলাচনী,
আবেগ নেবেচা বিবেক নেবেচা
এই কিছুৱেই হেনো হৈ ৰয় ‘মানুহ’!
(৩)
পণ্যৰ পৃথিৱীত দালালৰেই দম
লাভৰ অংশ পালে সমাজেও নলয় গম,
যদিও সংখ্যাত কম
‘মানুহ’ৰ বুকুতহে বাচি থাকে প্ৰতিৰোধৰ স্বপ্ন বল
কদমতলত গঢ়াৰ মন মানৱতাৰ নতুন ৰণ
সভ্যতা ৰখাৰ পণ....
Comment Using!!

Sponsor

AD BANNER

Pages