বিক্ষিপ্ত - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

বিক্ষিপ্ত

Share This
প্ৰশংসক বনাম বিশ্লেষক
----------------------------
মানুহ এজনৰ জীৱনত বা সমাজত প্ৰশংসক সকলতকৈ বিশ্লেষক অথবা সমালোচকৰহে কদৰ বেছি হোৱা উচিত। শক্তিশালী বা পদবীধাৰীজনৰ প্ৰশংসা কৰি কিবাআজিয়েই উচুল কৰি লোৱাৰ আশা গাঁঠি থোৱা বহুত মানুহ আছে। এনেলোকক প্ৰশংসক শব্দটো কলুষিত কৰাতকৈ তোষামোদকাৰী বুলিলেহে উচিত হব! বিশ্বৰ ইতিহাসে দেখিছে, তোষামোদকাৰীৰ বাবেই ৰজা অন্ধ হৈ পৰে, তোষামোদকাৰীয়ে ঘেৰি ধৰি সাধাৰণ মানুহৰ সৈতে থকা আন্তঃ সংযোগো ক্ৰমাত বিচ্ছিন্ন কৰি পেলায়। তোষামোদকাৰীৰ হাঁহি-খিকিন্দালি হট্টগোলত মত্ত ৰজা, সাধাৰণ মানুহৰ আৰ্তনাদে ৰজাৰ কৰ্ণ-পটহত প্ৰৱেশ কৰিবই নোৱাৰে। এই চিতকাৰবোৰ প্ৰসাদৰ দেৱাত খুন্দা খাই কিন্তু প্ৰতিধ্বনিত হয়! আৰু তেনেকুৱা প্ৰতিধ্বনিৰ পৰাই সৃষ্টি হয় সেই শাসকৰ ভেটি উচন যোৱাৰ নতুন অধ্যায়।

একেদৰেই সমাজৰ বিশ্লেষকে সৰলকৈ কথাবোৰ ভাঙি-পাতি সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ লিখিব লাগে, যাতে ই সমাজ সচেতনতা তথা ৰাজনৈতিক চেতনাবোধ জাগ্ৰত কৰিব পাৰে। বিশ্লেষক কেৱল সমালোচনাৰ খাতিৰত সমালোচক হলেও নহব। ভালটোক ভাল, বেয়াটোক বেয়া বুলি ডাঠি ফঁহিয়াই দেখুৱাব পৰাৰ শক্তি থাকিব লাগিব।

বিশ্লেষকৰ কথা তোষামোদকাৰী শ্ৰেণীৰ স্বাৰ্থ বিঘ্নিত কৰা ধৰণৰ হোৱাটোৱেই স্বাভাৱিক। আৰু সেয়ে মতামতৰ জোৱাৰ উঠিবই। তাত আপত্তি কৰিব লগা নাই। সকলো কথাতে সহমত হব লাগিব বুলি কথা নাই। কিন্তু বেলেগৰ দৃষ্টিকোনকো আমি সন্মান জনাব লাগিব। আৰু সমাজ ব্যৱস্থাৰ, শাসনৰ ত্ৰুটি আঙুলিয়াই দিয়াটো সৱল গণতন্ত্ৰৰ বাবে যে অতি উপযোগী কথা সেয়াও মানি লব লাগিব।
Comment Using!!

Sponsor

AD BANNER

Pages