গ্ৰন্থ ঋতুত ন-কিতাপৰ সুৱাস
--------------------------------
অজয় লাল দত্ত
------------------
নতুনকৈ ছপা হৈ অহা কিতাপৰ ফুৰফুৰীয়া সুগন্ধি বহু পাঠকৰে প্ৰিয়। হৃদয়জুৰোৱা সেই সুৱাসৰ সন্ধানতে শীতৰ সন্ধিয়াও উমাল হয় গ্ৰন্থমেলাৰ বাকৰি। লেখক-পাঠক-সাংবাদিক-সমালোচক-প্ৰকাশক-পৰিবেশৰ সমন্বয়ৰ থলী আৰু বৌদ্ধিক চিন্তা-চৰ্চাক প্ৰতিবছৰেই জাগৰিত কৰি পৰাকৈ গঢ় লোৱা গ্ৰন্থমেলাৰ বিশেষ ‘বতৰ’ৰ সৃষ্টি সমাজৰ বাবেই এক শুভ বাৰ্তা স্বৰূপ। আচলতে ইয়াক বতৰ বোলাতকৈ গ্ৰন্থ ঋতু বুলি অভিহিত কৰাটোহে যুক্তিযুক্ত হব। শীতৰ আগমনৰ লগে লগেই অসমৰ চহৰে নগৰে ন-পুৰণি কিতাপক কোলাত তুলি দিবলৈ আৰু তাৰেই উম লবলৈ কৰা এই বৰ্ধিত প্ৰয়াস অতি প্ৰশংসাযোগ্য। গুৱাহাটীকেন্দ্ৰিক বছৰেকৰ গ্ৰন্থমেলাৰ উচাহক গাঁৱে-ভূঞে-নগৰে চহৰে বিয়পাই দিয়াৰ বিগত দশককেইটাৰ সফল যাত্ৰাত অন্বেষা, সতীৰ্থ গ্ৰন্থযাত্ৰাৰ দৰে সৰু-বৰ উদ্যমী গ্ৰন্থ প্ৰকাশকৰ ক্ষুদ্ৰ প্ৰচেষ্টাৰ লগতে প্ৰকাশক-পৰিবেশক সংস্থাৰ উদ্যোগ, নেচনেল বুক ট্ৰাষ্টকে ধৰি চৰকাৰী সংস্থাৰ প্ৰচেষ্টা আৰু ‘খোজ’, ‘শব্দ’ আদিকে ধৰি ভিন্ন প্ৰান্তৰ সামাজিক সংস্থাবোৰৰ প্ৰভূত অৰিহণা আছে। কিতাপ আছে মানেই, চিন্তা আছে, চিন্তা আছে মানেই আছে ন-দিগন্তৰ অন্বেষণ, আৰু ইয়েই জাতি অথবা ভাষাৰ ভৱিষ্যত সুন্দৰতৰ আৰু সৱলতৰ কৰাৰ প্ৰক্ৰিয়াটো গোচৰে-অগোচৰে চলি থকাকেই প্ৰতীয়মান নকৰেনে?
ডিজিটেল মাধ্যমৰ আগ্ৰাসনত ছপা কিতাপ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি, এই চিন্তায়ো সমাজক পোখা মেলিছে। পিছে অসমৰ ন-পুৰণি প্ৰজন্মই বৰ্তমান জনপ্ৰিয় ডিজিটেল মাধ্যমতো অসমীয়া লিপি, ভাষাৰেই মনৰ ভাৱ প্ৰকাশ কৰাৰ উপৰিও, সমাজ চৰ্চা কৰিছে, সাহিত্য চৰ্চাও কৰিছে, ধুমো উঠিছে। আনকি ফেচবুকৰ দৰে সামাজিক গণ-মাধ্যমতো ভাষা-সাহিত্যৰ চৰ্চা কৰা সকল সংগঠিত হৈছে, সাহিত্য সংগঠন গঢ়িছে, অধিবেশন পাতিছে, প্ৰকাশন প্ৰতিষ্ঠানো গঢ় লৈছে, অনলাইনৰ পৰা সেই চৰ্চাই কিতাপৰ ৰূপো পাইছে। অসমীয়া অনলাইন আলোচনীৰ ক্ৰমবৰ্ধিত হাৰে, অনাগত দিনটো ডিজিটেল মাধ্যমতো ভাষা-সাহিত্য আৰু সমাজ চৰ্চাৰ ধাৰা অক্ষুন্ন থকাৰ নিশ্চিতি প্ৰদান কৰিছে। ইও জানো কম ইতিবাচক কথা। অসমীয়া কিতাপৰ ন-কিতাপৰ খবৰো সামাজিক গণ-মাধ্যমেই কঢ়িয়াই ফুৰি গ্ৰন্থ ঋতুৰ আগমণিৰ বাৰ্তা বিলাইছে। এয়া কেৱল সুখকৰ কথাই নহয়, ই যুগৰ সৈতে খোজ মিলোৱা সময়োচিত পৰিবৰ্তনো।
বিগত বৰ্ষত ফেচবুক, অনলাইন আলোচনী, ব্লগৰ লেখা-মেলাৰ পৰা সংকলিত হোৱা বহুকেইখন গ্ৰন্থই জনপ্ৰিয়তাৰ শিখৰো চুবলৈ সক্ষম হৈছিল। প্ৰতিভূ দত্তৰ ‘ভূ-ভাৰস্ত’, মৃদুল কুমাৰ সন্দিকৈৰ ‘হাফ-বয়ফ্ৰেণ্ড’ অসমীয়া কিতাপৰ অনলাইন বাণিজ্যিক প্ৰচাৰৰ সফল উদাহৰণ! এইবাৰো ফেচবুকৰ বুকুৰ পৰা বুটলি দিগন্ত ভট্টাচাৰ্য, জ্যোতি ৰূপম দত্ত আৰু দেৱাংগ পল্লৱ শইকীয়াৰ ভিন্নসুৰী সংকলন ‘অনুভৱৰ আলাপ’, উতপল জোনাক হাজৰিকাৰ ‘১০০ অণু গল্প’ আৰু অভিজিত কলিতাৰ উপন্যাসোপম ভ্ৰমণ কাহিনী সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰি ছপা-ৰূপলৈ আনি প্ৰতিষ্ঠা দিয়াৰ সু-প্ৰয়াস গ্ৰহণ কৰিছে। আন আন প্ৰকাশনেও নতুন লেখক সকলক প্ৰেৰণা যোগাইছে। আঁক-বাঁকে প্ৰকাশ কৰা অনুপমা বৰগোহাঁইৰ ‘শ্যাম কানু দূৰৈ হৈ নাযাবা’, প্ৰতিম প্ৰতাপ বৰুৱাৰ ‘ধৰ্মীয় অসহিষ্ণুতা আৰু উন্মাদনাৰ বিৰুদ্ধে’ আদিৰ দৰেই দীপাংকৰ মল্ল বৰুৱাৰ ‘আজৰি পৰৰ গদ্য’ও মাত্ৰ দুই চাৰি বছৰ পূৰ্বে অনলাইনত অসমীয়া লিখিবলৈ আৰম্ভ কৰি সাহিত্যৰ পথাৰত ভৰি দিয়া সকলৰ প্ৰকাশিত গ্ৰন্থৰ উতকৃষ্ট উদাহৰণ। অনলাইন মাধ্যমৰ সুবাদতে ন-কৈ সৃষ্টি হোৱা বহু লেখক-লেখিকাই অসমৰ বাহিৰৰ পৰাও অসমীয়া ভাষাত নিজা অভিজ্ঞতাৰে ভিন্ন দিশৰ জ্ঞানৰ ভঁৰাল ভৱিষ্যতেও সমৃদ্ধ কৰিব বুলিও এনে উদাহৰণেই প্ৰত্যয় জন্মাইছে।
উজনি অসমৰ দুখনকৈ মূল চহৰ ডিব্ৰুগড় আৰু শিৱসাগৰ গ্ৰন্থ উতসৱত উপস্থিত থাকি বহু বছৰৰ পাছত অসমীয়া কিতাপৰ সুগন্ধিত বুৰ গৈ এগৰাকী পাঠক আৰু গ্ৰাহক হিচাবে কিছু কথা অনুভৱ কৰিছো। পাঠক হিচাবে গ্ৰন্থমেলালৈ যোৱাৰ অৰ্থই হ’ল যিমান বেছিকৈ পাৰি ন-পুৰণি কিতাপৰ পাট লুটিওৱা, কি ওলাইছে, কি ধাৰাৰ কিতাপ মানুহে আদৰি লৈছে সেয়াও লক্ষ্য কৰা, পাৰ্যমানে সংগ্ৰহযোগ্য কিতাপ গোটাই লোৱা। কিছুমান কিতাপৰ বেটুপাতে আকৰ্ষণ কৰিলেও বিষয়-বস্তুৱে নকৰে, বহু কেইগৰাকী প্ৰতিষ্ঠিত লেখকৰ নামেই সৃষ্টিক হাতত তুলি লবলৈ বাধ্য কৰে, বহু কিতাপৰ কলেৱৰ দেখিয়েই পঢ়াৰ সময় নহব আদি ভাৱনা আহে, আন কিছুৰ দাম অতি বেছি, আদিয়ে মনোকষ্ট দিয়ে। পাঠক হিচাবে বাঢ়ি অহা লোভ, গ্ৰাহক হিচাবে সম্বৰণ কৰিব লগা হয়। এই তাড়ণাই বেছিভাগ গ্ৰন্থপ্ৰেমীকে দোলা দিয়ে আৰু এই মহঙা দিনতো তাৰ মাজতে কিছু কিতাপ কিনি পাঠকে লেখকৰ সৃষ্টিক প্ৰেৰণা দিয়ে, প্ৰকাশককো উদ্যম আৰু আমাৰ ভাষা-সাহিত্যৰ পথাৰখনকো অনাগত বৰ্ষৰ বাবে কৰি তোলে জীপাল। এই প্ৰক্ৰিয়াটোক কিন্তু কিছু পৰিমানে সমতাপূৰ্ণ কৰাটো গ্ৰন্থ-উদ্যোগৰ সকলো অংশীদাৰৰে বিশেষ দায়িত্ব বুলি অনুভৱ কৰো। সচেতন গ্ৰন্থপ্ৰেমী হিচাবে এই ঋতুত সংগ্ৰহ কৰা কিতাপৰ তালিকাখনেও হয়তো ইয়াৰ কিছু বাৰ্তা বহন কৰিব পাৰিব।
সকলো কিতাপ সংৰক্ষণ যোগ্য নহয়, কিছু কিতাপ এবাৰ পঠনৰ সাময়িক মনোৰঞ্জনৰ বাবেহে। তেনে কিতাপ ওচৰৰ লাইব্ৰেৰীৰ পৰা বা আন সূত্ৰৰ পৰা সংগ্ৰহ কৰি পঢ়িবলৈহে পাঠকে ভাল পায়। শাৰদীয় সংখ্যাৰ সত্তৰৰ পৰা এশ টকীয়া সাহিত্য সম্ভাৰ সমূহৰ মেটমৰা সাহিত্য সম্ভাৰ সংগ্ৰৰ পাছত দুশ টকাৰ বেছি দামৰ উপন্যাস বা গল্প সংকলন ক্ৰয় কৰাটোত গ্ৰাহকে মনে উছাহ নোযোগায়। গ্ৰাহক মনে সংৰক্ষণ যোগ্য আৰু ব্যস্ত জীৱনৰ সুৰুঙাত জোৱোৰা মাৰিবলৈ অতি উচ্চ মানদণ্ডৰ কিতাপহে ক্ৰয় কৰিবলৈ বাধ্য কৰে। তেন্তে এই মানদণ্ডৰ নিশ্চিতি দিব কোনে? হয়তো পূৰ্বে পঢ়া বন্ধু-সমাজে, আলোচনী-তথা-চ’ছিয়েল মেডিয়াত হোৱা সাহিত্য সমালোচনাই বা ভাল কিতাপ বুলি উৰি ফুৰা খবৰে। সেয়ে পূৰ্বৰ গ্ৰন্থমেলা সমূহৰ দৰেই সাহিত্য অকাডেমীকে ধৰি ভিন্ন পুৰস্কাৰ প্ৰাপ্ত আৰু অসমীয়ালৈ অনুদিত খ্যাতিমন্ত সকলৰ সৃষ্টিৰ সংগ্ৰহৰ আগ্ৰহে আগস্থান লাভ কৰে। সাহিত্য চৰ্চা কৰিব বিচৰা সকলে লিখাৰ ধৰণ, বৰ্ণনা শৈলী আৰু নিৰ্মাণ আদি শিকিবৰ বাবেও এনে গ্ৰন্থ সমূহেই সংগ্ৰহ কৰা উচিত। ১৯৭৫ চনতে সাহিত্য অকাডেমী বঁটা পোৱা ওড়িয়া লেখক ‘মনোজ দাসৰ কথা আৰু কাহিনী’ সংগ্ৰহ কৰি আৰু পঢ়ি অনিৰ্বচনীয় আনন্দ লাভ কৰিছো। স্বাধীনতাকামী বীৰছা মুণ্ডাৰ জীৱনৰ ভিত্তিক মহাশ্বেতা দেৱীৰ উপন্যাস ‘অৰণ্যৰ অধিকাৰ’ (সাহিত্য অকাডেমীৰ বঁটাৰে পুৰস্কৃত)খনতো আদিবাসী সমাজৰ স্বাধীনতাৰ তাড়ণা আৰু এগৰাকী বিদ্ৰোহী প্ৰাণৰ সংঘাতময় জীৱনৰ সাৰ্থক প্ৰতিফলন দেখিবলৈ পাইছো। এই বৰ্ষত দৈনিক অসমৰ সাহিত্য পুৰস্কাৰেৰে সন্মানিত হোৱা গল্পকাৰ প্ৰশান্ত কুমাৰ দাসৰ ‘গল্পবোৰ’ সংকলনখনো সংগ্ৰহ কৰিছো। মনিকুন্তলা ভট্টাচাৰ্যৰ বহু কিতাপ প্ৰায়বোৰ ষ্টলতে জিলিকি থকাৰ মাজতে উপন্যাস ‘বাঁহী’ আৰু গল্প সংকলন ‘বৰফৰ বেলি’ পঢ়ি বৰ্ণনাশৈলীত মুগ্ধ হৈছো।
বিজ্ঞানৰ ছাত্ৰ হিচাবে অসমীয়া ভাষাত ছায়ফিক গল্পৰ পথ-নিৰ্মাতা ডঃ দীনেশ চন্দ্ৰ গোস্বামী অনুবাদিত ভাৰতীয় বিভিন্ন ভাৰতীয় ভাষাত প্ৰকাশিত উনৈশটা কল্পবিজ্ঞান গল্পৰ সংলকন ‘কাইলৈ এনে ঘটিছিল’ক আদৰি লবলৈ পাই শিহৰিত হৈছিলো। এশ গৰাকী বিশ্ব-বিশ্ৰুত বিজ্ঞানীৰ মনৰ কথাবোৰ অসমীয়ালৈ অনুবাদ কৰি ‘বিজ্ঞানী হোৱাৰ সপক্ষে এশটা যুক্তি’ নামেৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত প্ৰেৰণামূলক হাতপুথি স্বৰূপ হব পৰা কিতাপখন আমাৰ ভৱিষ্য প্ৰজন্মলৈ আগবঢ়াই দিয়াৰ বাবে বিখ্যাত প্লাজমা পদাৰ্থ বিজ্ঞানী ডঃ জয়ন্তী চুতীয়ালৈ ৰাজহুৱা ধন্যবাদ জ্ঞাপন কৰিছো। ষ্টেনফৰ্ড, কেমব্ৰীজৰ দৰে শৈক্ষিক-গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ নাম আৰু লেখা পঢ়ি হাজাৰজন অসমীয়া কিশোৰ কিশোৰীয়েও তেনে গৱেষণাৰ কেৰিয়াৰেৰে বিশ্ব-বিশ্ৰুত হোৱাৰ সপোন দেখিব পাৰিব বুলিও আশা দেখিছো। জীৱনত কেৰিয়াৰ নিৰ্বাচনৰ স্পৰ্শকাতৰতা বুজি, সেই সন্দৰ্ভত দিহা লব বিচাৰিলে উপদেশ দিব পৰাকৈ জ্ঞান সংগ্ৰহৰ বাবে ডঃ বুলজিত বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ আৰু প্ৰীতিমা কৌশিক বৰুৱাৰ ‘কেৰিয়াৰ গাইড’ দুয়োখন কিতাপেই সংগ্ৰহ কৰি আনিছো। হোমেন বৰগোহাঞিৰ নামটো দেউ দি গ্ৰন্থমেলাৰ পৰা ওলাই অহাৰ নজিৰ নাছিল, এইবৰ্ষতো অসমীয়াত গদ্য সাহিত্যৰ চৰ্চা কৰাৰ বাবে পথৰ সন্ধান পাবলৈ পূৰ্বসুৰী ভোটাতৰা সকলৰ সৃষ্টিৰ নমুনাৰে বৰগোহাঞি দ্বাৰা সংকলিত আৰু সম্পাদিত ‘গদ্যৰ সাধনা’, লগতে অসমীয়া বৰেণ্য ব্যক্তিৰ জীৱনৰ অনুভৱৰ সংকলন ‘জীৱনৰ পৰা মই কি শিকিলোঁ’ আৰু বৰগোহাঞি দেৱৰ স্বাস্থ্য বিষয়ক অনুভৱী লেখাৰে ‘স্বাস্থ্যৰ সাধনা’ও সংগ্ৰহ কৰিলো।
স্বাস্থ্য বিষয়ক কিতাপৰ কথা উল্লেখ কৰোতে কবই লাগিব যে, এই গ্ৰন্থ ঋতুত নতুনকৈ আৱিৰ্ভাৱ হোৱা স্বয়ম্ভু আয়ুৰ্বেদিক পৰামৰ্শবিদৰ দৰে লোকৰ কিতাপো জাক-জমককৈ উপলদ্ধ হৈছে। ডঃ গুণাৰাম খনিকৰদেৱৰ জীৱন-সাধনা ও গৱেষণালব্ধ জ্ঞানৰ বনৌষধিৰ গ্ৰন্থ সমূহো নতুন ৰূপত সজাই পৰাই পৰিবেশিত হোৱা দেখি সুখী হৈছো। সেয়ে ৰাইজে স্বাস্থ্য বিষয়কৰ কিতাপ সংগ্ৰহ কৰোতে সচেতন দৃষ্টি ৰাখিবলৈ অনুৰোধ জনালো। প্ৰতিষ্ঠিত ও সুপৰিচিত বহু চিকিতসকেও আধুনিক চিকিতসাৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে অসমীয়া ভাষাতে কাকতে পত্ৰই নিয়মীয়াকৈ চৰ্চা কৰি ৰাজহুৱা দায়িত্ব পালন কৰিছে ও লেখাবোৰ গ্ৰন্থাকাৰেও প্ৰকাশ পাইছে। ক্ৰমবৰ্ধমান ৰোগ বহুমূত্ৰক লৈও বহুকেইখন গ্ৰন্থ বজাৰলৈ আহিছে। উদাহৰণস্বৰূপে এণ্ডক্ৰাইনলজি বিভাগত ডিএম ডিগ্ৰী লাভ কৰা দেশৰ চতুৰ্থগৰাকী নাৰী আৰু উত্তৰ-পূৱৰ প্ৰথমগৰাকী চিকিতসক ডাঃ সৰোজিনী দত্ত চৌধুৰীয়ে লিখি উলিওৱা ‘ডায়েবিটিজঃ নিয়ন্ত্ৰণ আৰু প্ৰতিবিধান’ শীৰ্ষক গ্ৰন্থখনো সংগ্ৰহ কৰিছো। একেদৰেই কাটাৰ দেশত ইণ্টাৰনেল মেডিচিনৰ বিশেষজ্ঞৰূপে কৰ্মৰত চিকিতসক ডাঃ ভূপেন শইকীয়াৰ ‘স্বাস্থ্য-কথা’ গ্ৰন্থখনেও এই যুগৰ আধুনিক চিকিতসাবিজ্ঞান সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিব পৰাকৈ ঘৰে ঘৰে হাতপুথি ৰূপে স্বীকৃত হব পৰাকৈ সমৃদ্ধ বুলি অনুভৱ কৰিছো। অসমীয়া ভাষাৰ জগতলৈ বিশেষজ্ঞ অসমীয়া চিকিতসকৰ এনে বৰঙণিকহে ৰাইজে আদৰি লোৱা উচিত, অৰ্ধ-শিক্ষিত, স্বয়ম্ভু সকলৰ গ্ৰন্থ নিশ্চয়কৈ নহয়!
বহুতো লোকেই বহু কিতাপ বেলেগে পঢ়িবলৈ নি উভতাই নিদিয়াৰ পৰিণতিত, বা পুনৰ পঢ়াৰ তাড়ণাত সংৰক্ষণ কৰাৰ বাবে কিনি নিয়া প্ৰত্যক্ষ কৰিলো, পূৰ্বতে জনপ্ৰিয়তাৰ শিখৰ চোৱা অসমীয়া উপন্যাস অথবা পুনৰ মুদ্ৰিত কালজয়ী গ্ৰন্থ সমূহেই এই শিতানত বেছিকৈ বিক্ৰী হৈছে! ১৯৮২ৰ দেবেন্দ্ৰ নাথ আচাৰ্যৰ ‘জংগম’ৰ দৰে উপন্যাসকো অসম প্ৰকাশন পৰিষদে পুনৰ মুদ্ৰণ কৰি উলিয়াই দিয়াৰ দৰে পদক্ষেপকো এইচেগতে শলাগ লৈছো। সাহিত্যৰথীৰ ‘কামত কৃতিত্ব লভিবৰ সংকেত আৰু বাখৰ’ ও সত্যনাথ বৰাৰ ‘সাৰথি’ কিনি নেপোলিয়ন হিল, ডেল কৰ্নেগীৰ দৰেই ব্যক্তিত্ব বিকাশৰ হাতপুথিৰ ক্ষেত্ৰতো যে অসমীয়াই যুগতে বাট মোকোলাই থৈ যোৱাৰ প্ৰমাণ ৰাখিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। সেই বাটেৰেই উদ্যমতা বিষয়ক অসমীয়া ডেকা বিকাশ কলিতাই লিখি উলিওৱা ‘সফলতাৰ সাধনা’ নামৰ গ্ৰন্থই নৱ-যুগৰ প্ৰত্যাহ্বান সমূহকো সামৰি লোৱা দেখিবলৈ পাইছো।
গ্ৰন্থমেলাত পুৰণি দিনৰ সস্তা কিতাপ কিনাৰ আনন্দই সুকীয়া। ষ্টুডেণ্ট ষ্টোৰ্চৰ পৰা কেৱল চাব্বিশ টকাত সংগ্ৰহ কৰিলো প্ৰদীপ্ত বৰগোহাঞিৰ ‘সাহিত্যৰ স্বপ্ন, স্মৃতি আৰু বিষাদ’। ৰচনাৱলী ও ৰচনা সমগ্ৰ সংগ্ৰহৰ তাড়ণাও থাকেই। এইবাৰ এহেজাৰ ষাঠি পৃষ্ঠাৰ বিশাল কলেৱৰৰ ‘মহিম বৰা ৰচনা-সমগ্ৰ’খন কেৱল চাৰিশ টকাতে সংৰক্ষণ কৰিব পৰাকৈ ৰাইজলৈ উলিয়াই দিয়াৰ বাবেও ষ্টুডেণ্ট ষ্টোৰ্চ নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ। কিছুমান এশ পৃষ্ঠাৰ কিতাপৰ দাম দুশ টকাতকৈ বেছি হোৱাৰ বিপৰীতে এনে উদাহৰণে কিতাপৰ মূল্যক সুলভতাৰ সীমাতে ৰখাৰ প্ৰয়োজনীয়তাৰ গুৰুত্বপূৰ্ণ দিশটোও উন্মোচন কৰি দিছে। মানদণ্ডৰ সৈতে সুলভ মূল্য, এই বাবেই নেচনেল বুক ট্ৰাষ্টৰ বিপনীখনো কৈশোৰৰ দিনৰ পৰাই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ আহিছে। ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ ‘স্বনিৰ্বাচিত গল্প’, মামণি ৰয়চম গোস্বামীৰ অনুবাদেৰে ‘প্ৰেমচন্দৰ চুটিগল্প’, প্ৰীতি বৰুৱাৰ অনুবাদেৰে ‘উৰ্দু গল্প সংকলন’, আফ্ৰিকাৰ চুটিগল্পৰ অসমীয়া অনুবাদৰ সংকলন ‘তপত দিন দীঘল ৰাতি’, নিৰ্মলপ্ৰভা বৰদলৈয়ে কৰা সংকলন ‘অসমীয়া গল্প সংকলন’, জাপানীজ সৃজনীমূলক শিক্ষাৰ কিতাপ ‘ত’ত্তট-চ্চান’ৰ তোষপ্ৰভা কলিতাৰ অনুবাদিত ৰূপো এই গ্ৰন্থ ঋতুত আদৰি ললো। এই গ্ৰন্থমেলাত ইংৰাজী ও অন্যান্য ভাষাৰ জনপ্ৰিয় উপন্যাস তথা কালজয়ী গ্ৰন্থৰ অসমীয়া অনুবাদো বৰ্ধিত ৰূপত দেখিবলৈ পাইছো। অসমীয়া ভাষাতেই বিশ্বৰ শ্ৰেষ্ঠ সাহিত্য সমূহ পঢ়িব পৰা কৰা মহত কামটোত বহুকেইজন নবীন চামৰ অনুবাদকেও এই ক্ষেত্ৰত আগ্ৰহেৰে সময়-সমলেৰে অৰিহণা যোগাইছে, তেওঁলোকৰো শলাগ লৈছো। সেই দৃষ্টিৰে আলবেয়াৰ কেমুৰ গল্পৰ ডঃ মিলন নেওগে কৰা অনুবাদৰ গল্প সংকলন ‘নিৰ্বাসন আৰু ৰাজত্ব’ সংগ্ৰহ কৰি এই চৰ্চাক সচেতনভাৱে সন্মান জনাইছো। সৰ্ব-সাধাৰণ মানুহ আইনী যুঁজত সৰ্বশ্ৰান্ত হোৱাৰ পৰিবেশত মাতৃভাষাতে ভাৰতীয় আইন আদালতৰ সুবিধা আৰু সৰুঙাবোৰ ফঁহিয়াই দেখুৱাইছে শিৱসাগৰৰ অধিবক্তা প্ৰদ্যুত কাকতীৰ বনলতাই প্ৰকাশ কৰা গ্ৰন্থ ‘আইন আদালতৰ হাতপুথি’য়ে। গ্ৰন্থমেলাত ভিন্নলোকৰ গ্ৰন্থৰ ৰুচিও ভিন্ন। ধৰ্মমূলক গ্ৰন্থ সমূহৰো বিক্ৰী ভাল। পূৰ্বতে অন্ততঃ কিতাপত বেয়া কথা নাথাকিছিল বুলি মানুহৰ বিশ্বাস আছিল, কিন্তু এতিয়া তালৈকো পৰিবৰ্তন আহিছে। মহাত্মা গান্ধীৰ চৰিত্ৰ হনন বিষয়ক কেইবাখনো গ্ৰন্থই বজাৰ শুৱনি কৰা দেখি শাসক সলনিত চৰ্চা সলনিৰো ইংগিত দেখিবলৈ পাইছো। সমাজত বিভেদ-বিদ্বেষ জন্মাব পৰা সমলো গ্ৰন্থৰ ৰূপত বিপনীত দেখিবলৈ পোৱাটোও এই বৰ্ষৰ অন্যতম দিশ। যি কি নহওক, যি দিশ বা ক্ষেত্ৰৰেই হওক অসমৰ গ্ৰন্থ ঋতুত গ্ৰন্থৰ বিক্ৰীৰ হাৰ আৰু বিশেষকৈ অসমীয়া গ্ৰন্থৰ বিক্ৰীৰ হাৰে, অসমীয়া ভাষাক বুকুৰ আপোন বুলি ভবা মানুহ যে কমি যোৱা নাই সেই কথাকেই জানো প্ৰতীয়মান নকৰিব। গ্ৰন্থ আন্দোলনলৈ জনগণৰ অকুণ্ঠ সঁহাৰিয়েই সমাজক সৱলকামী কৰাৰ চেতনাৰ যাত্ৰাক চিৰদিন পৰিপুষ্টি যোগাব বুলিয়েই আমাৰ দৃঢ় বিশ্বাস।
No comments:
Post a Comment