সত্ৰৰ মাটি বেদখল মুক্তকৰণৰ প্ৰসংগ
(ক)
(ক)
আজি টিভিত গুৱাহাটীস্থ দক্ষিণপাট সত্ৰৰ পশিচ বিঘা মাটি বেদখল মুক্ত কৰাৰ বাতৰি দেখিলো। প্ৰথম দৃষ্টিত কথাটো শলাগনীয়।
কিন্তু ঘৰ-দুৱাৰ ভাঙি দিয়া পৰিয়াল কেইটিৰ ভাষ্য শুনি তলৰ কথাকেইটা টুকি ৰাখিলো তথা মন কৰিলো।
১. তেওঁলোকে হেনো যোৱা ৩৫বছৰ ধৰি তাত ঘৰ বান্ধি বসবাস কৰি আছিল। মানে ১৯৮০ চন মানৰ পৰা!
২. এগৰাকীয়ে ক'লে তেওঁ মাজুলীৰ আৰু তিনি বছৰ বয়সৰ পৰাই দক্ষিণপাট সত্ৰতে থকা!
৩. এগৰাকীয়ে ক'লে তেওঁলোকক হেনো পূৰ্বৰ গোঁসাইয়ে বসবাস কৰিবলৈ অনুমতি দিছিল। অনুগত শিষ্য হিচাবে চাগৈ কাগজ-পাতি কৰি লোৱা নাছিল। চৰণত শৰণ লোৱাদি আশ্ৰিত হৈ সত্ৰৰ মাটিত ঘৰ-দুৱাৰ বনাই বসবাস কৰি আছিল।
৪. এজনো তথাকথিত 'বাংলাদেশী'ৰ ঘৰ ভাঙি উচ্ছেদ কৰা বুলি জানিব নোৱাৰিলো। যিকেইগৰাকীৰ ঘৰ ভাঙিলে প্ৰায়বোৰেই টিভিত দেখাৰ পৰা বুজা গৈছে খিলঞ্জীয়া, থলুৱা অথবা সত্ৰৰে শিষ্য টাইপৰ পৰিয়ালহে।
সেয়ে মনত কেইটিমান প্ৰশ্নৰ উদয় হৈছে-
১. বাংলাদেশীৰ বেদখলত সত্ৰৰ অস্তিত্ব সংকটত কথাষাৰ আজিৰ দৃশ্য সমূহৰ পৰা অলপ 'হাইপ' কৰা প্ৰচাৰহে আছিল বুলি অনুভৱ হৈছে।
১. বাংলাদেশীৰ বেদখলত সত্ৰৰ অস্তিত্ব সংকটত কথাষাৰ আজিৰ দৃশ্য সমূহৰ পৰা অলপ 'হাইপ' কৰা প্ৰচাৰহে আছিল বুলি অনুভৱ হৈছে।
২. সত্ৰ সমূহ ৰাজহুৱা অনুষ্ঠান নহয়নে? পৰিচালনা সমিতি বা নিজা পৰিচালনাৰ নীতি-নিয়ম থকা সংস্থা বুলিয়েই ধৰিছো বাৰু। সেয়ে থলুৱা 'বেদখলকাৰী'ক উচ্ছেদৰ বিষয়টোত সহানুভূতি প্ৰদৰ্শন কৰা নহ'ল নেকি?
৩. সাধাৰণ জ্ঞান মতে, মাটি বাৰী মানুহৰ উতপাদনৰ আহিলা স্বৰূপহে। যিয়ে বহু বছৰ ধৰি ভোগ-দখল কৰি থাকে তেওঁলোকৰো সম্পত্তিৰ ওপৰত অধিকাৰ কিছু ৰজেই। ধৰা হওক, সত্ৰৰ তেতিয়া গোঁসাই তথা পৰিচালনা সমতিয়ে নিজৰে জ্ঞাতে বা নিজৰ ভূ-সম্পত্তি চম্ভালাৰ স্বাৰ্থত এই সকল থলুৱা লোকক তাত বসবাস কৰিবলৈ দিছিল। আগতে মুখৰ কথাই শিলৰ ৰেখা আছিল, তাতে গুৰুৰ!
এতিয়া পৰিয়াল কেইটিত চৰকাৰী প্ৰশাসন মাতি গৃহহীন কৰাত ২৫ বিঘা মাটিৰ আজিৰ তাৰিখৰ বৰ্ধিত ৰিয়েল ইষ্টেট ভেল্যুৱেই মূল কাৰক হৈ উঠা নাইতো? সত্ৰ ৰাজহুৱা সম্পদেই নে পৰিচালনা কৰা পৰিয়াল কেইটিমানৰ ব্যক্তিগত সম্পদ এই কথাৰো বিচাৰ হোৱা উচিত। পূৰ্বতে নিজৰ সুবিধামতে সম্পত্তি চম্ভালিবলৈ নিজা স্বাৰ্থত তিনি দশকতকৈ অধিক বসতি কৰোৱা সকলৰ ঘৰ ভঙাৰ অধিকাৰ আজিৰ 'পৰিচালনা সমিতিৰ' সঁচাই আছেনে?
চাহ বাগিচাতে কেইবা প্ৰজন্ম বসবাস কৰাৰ পাছত থকা গৃহটিৰ ভূমিৰ অধিকাৰ বাগানত শ্ৰম কৰা সকলে পোৱা উচিত নে অনুচিত সেয়াও এক বিতৰ্কিত বিষয়। একেদৰেই সত্ৰও বহু মানুহৰ শ্ৰম আৰু অৰিহণাৰ ফলতহে চলি থকা একোটা সংস্থা/কোম্পানী/ব্যক্তিগত উদ্যম! সেয়ে তাত পূৰ্বৰ মালিক/গুৰুৰ মৌখিক প্ৰতিশ্ৰুতিত আশ্ৰিত সকলৰ ৩৫বছৰ বসবাসৰ পাছত থকা ঘৰটোৰ ভূমিৰ অধিকাৰ 'কাগজত নাই' বাবেই থাকিব লাগে নালাগে সেই কথাও বিচাৰযোগ্য। অলিখিত নিয়মৰ মাজেদি চলা তথা গুৰুৰ মুখৰ বাণীয়েই বেদবাক্য হোৱা সংস্থাত সময়ৰ সতে নতুন গুৰুৱে স্থান ললে পূৰ্বৰ গুৰুৰ অনুমতিবোৰ 'অবৈধ' হৈ যাব নেকি? সেই কথাও চিন্তা কৰিব লগা। ততাতৈয়াকৈ কেৱল গুৱাহাটীস্থ 'সত্ৰৰ ৰিয়েল ইষ্টেট ক্লীয়েৰেঞ্চে কিন্তু বহু কেইটা দিশত নতুনকৈ চিন্তা কৰি চোৱাৰো প্ৰয়োজনীয়তা সৃষ্টি কৰিছে'!
ঘৰ ভঙা মানুহ কেইঘৰৰ অৱস্থা দেখিয়েই এই কথাবোৰে মনত খলকনি তুলি আছে। সেয়ে ৰাইজৰ সমুখলৈ তুলি ধৰিলো। আপোনালোকৰ মতামত কি?
(খ)
শ্ৰদ্ধাৰ 'অমুক' দেৱগোস্বামীৰ পৰিয়ালে যেতিয়া পিতৃৰ বিয়োগৰ পাছতে ভূ-সম্পতি বেছি দাম পোৱাৰ বাবেই তথাকথিত 'মিঞা' পৰিয়ালক লোকচক্ষুৰ আঁৰতে বিক্ৰী কৰি বেছি ধন আহৰণ কৰে। (বাতৰিটো প্ৰকাশ নহয়!)
অলপ দিন পাছত, ভূ-হস্তান্তৰৰ পাছত দখল লবলৈ যোৱা নতুন ক্ৰেতাক দেখাৰ লগে লগেই 'বাংলাদেশীয়ে সত্ৰৰ মাটি বেদখল কৰিলে' বুলি পেপাৰে পত্ৰই হায়ৈ বিয়ৈ কিয় লাগে!
ৰাইজে এনে উৰহী গছবোৰৰো ওৰ বিচৰা উচিত!
No comments:
Post a Comment