বিক্ষিপ্ত চিন্তা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

বিক্ষিপ্ত চিন্তা

Share This
ভালপোৱা আৰু বিবেচনা
-------------------------
কথাতে কয় বোলে সুন্দৰতা চোৱাজনৰ দৃষ্টিতহে থাকে। প্ৰেয়স বা প্ৰেয়সীৰ ব্যক্তিত্বৰ ওপৰত চাওতাজনে সৌন্দৰ্য আৰোপন কৰি লয়। সেয়ে বেলেগৰ দৃষ্টিত অসুন্দৰী গৰাকীও হৈ পৰিব পাৰে, প্ৰেমিকৰ দৃষ্টিত বিবেচিত হয় নিজৰ পৃথিৱীখনৰ বিশ্ব সুন্দৰী ৰূপে। একেজনী নাৰীক ভালপাবলৈ হেঁপাহ কৰা মানুহৰো সংখ্যাও পিছে কম নহয়, স্কুল কলেজতটো অনুৰাগীৰ একোহঁত দলেই হৈ যায়গৈ!

একেদৰেই আমি কথা যুক্তি আদিতো আৰোপিত কৰি লও চেনেহ! মনত পেলাওকচোন দুৰ্ভিক্ষৰ পৰা মুক্তি, নিৱনুৱাৰ পৰা মুক্তি, দৰিদ্ৰতাৰ পৰা মুক্তি আদিৰ শ্লোগান দিওতে কানহাইয়া বোলাজনে পাইছিল 'দেশদ্ৰোহী'ৰ খিতাপ! একেইখিনি কথা স্বয়ং মোদী ডাঙৰীয়াই কোৱাৰ বাবে আজি পাইছে দল-মত-নিৰ্বিশেষে সকলোৰে পৰা প্ৰশংসাৰ উপৰি প্ৰশংসা! 'যুদ্ধৰ উচতনি' দিয়া সকলক মোদী চাহাবে দিলে উপযুক্ত প্ৰত্যুত্তৰ আদিকে ধৰি শলাগৰ শৰাই জোৱাৰ। দক্ষিণ এছিয়াত শান্তিৰ বাণী, দৰিদ্ৰতা নিৰ্মূল আদিৰ প্ৰয়োজনীয়তাৰ কথা কোৱাৰ বাবে আজিৰ ভাষণটোৰ বাবে কিছু কিছুমতেটো নৱেল চবেল কিবা এটা পোৱাৰেই যোগ্য! মনত ৰাখিব কথা কিন্তু একেখিনিয়েই....!


একেদৰেই সঞ্জীৱ ভাট বোলা এগৰাকী মোদীবিৰোধীৰ পোষ্টত পালো যে মনমোহন সিঙে যেতিয়া পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নকৰিছিল, সেয়া আছিল তেওঁৰ সকলোৱে দুৰ্বাৰ সমালোচনা কৰা দুৰ্বলতা। আজি একেই স্থিতি গ্ৰহণ কৰা মোদী চাহাবৰ স্থিতি প্ৰশংসক সকলৰ বাবে 'Strategic Restraint'.

কৰ্মস্থলীত এষাৰ কথা আছে বোলে, You show me the face, I will show you the rule. মানুহৰ মুখখন দেখাৰ লগে লগেই একেষাৰী বাক্যৰ অৰ্থ বা বাখ্যা, তাৰ প্ৰতি প্ৰতিক্ৰিয়া, মতামত আদিও সলনি হয়! নীতি-নিয়ম আইন প্ৰয়োগৰ ক্ষেত্ৰতো বহুক্ষেত্ৰত চলে এনে বাচনি প্ৰক্ৰিয়াই!

এষাৰ কথা আছিল নহয়, পাপক ঘিনাবা, পাপীক নহয়! তাৰ অৰ্থ কিন্তু ওপৰৰ শাৰীটোৰ ওলোটা। আমি কথা বা কাম বিচাৰ কৰিব লাগে, গুণ বা দোষৰ বিচাৰ কৰিব লাগে। কোনে কৰিছে, কৈছে তাৰ ওপৰত দৃষ্টি দিয়াতো আচলতে পক্ষপাতদুষ্টতাহে!

কিনো কৰিব, সৌন্দৰ্য অথবা কুৰূপতা আৰোপ কৰা গধুৰ দায়িত্ব চাওতাৰ দৃষ্টিৰ ওপৰতে নিৰ্ভৰ কৰে যেতিয়া, কেতিয়াবা কথাবোৰ প্ৰেমিকৰ অন্ধ ভালপোৱাৰ দৰে নহৈ, অভিভাৱকৰ দৃষ্টিৰ দোষ-গুণ খোঁচৰা, ভৱিষ্যতৰ কথা চিন্তা কৰা ধৰণৰো হোৱা উচিত নহয় জানো! বিবেচনাৰ মজিয়াখন বৰ পিছল নহয়নে, সেয়ে আমি সকলোৱেই চাগৈ সাৱধানে খোজ দিয়া উচিত।
Comment Using!!

Sponsor

AD BANNER

Pages