দাদা
-----
এদিন ভৰদুপৰীয়া প্ৰখৰ ৰ'দ, স্থান ৰসাল অসমৰ নগাঁও বাইপাছ। পৰিয়াল লৈ ৰাজধানী চহৰৰ পৰা আহি আছো। ভাল ৰাস্তা, গাড়ীৰ গতিও কোৱাল। ইখনৰ পাছত সিখন গাড়ী পাৰ হৈ গৈছে ধূলি উৰুৱাই। ইফালে মই কাষত বিলাসী দীঘল গাড়ীখন ৰাখি কনমানিক পথৰ দাঁতিত কাগজ পাৰি শৌচ কৰোৱাত ব্যস্ত। গাড়ীৰ ওপৰত ঢাকনি খোলা পানীৰ বটল, বতাহত কঁপি আছে! মই সুধিছো- হ'লনে মাইনা?
হঠাত দেখিলো প্ৰচণ্ড বেগত আহি থকা এখন গাড়ী আমাৰ গাড়ীৰ আগফালে এশ মিটাৰমান দূৰৈত সশব্দে ব্ৰেক মাৰি গৈছে। গাড়ীৰ পৰা এজন ডেকা মানুহ দৌৰি দৌৰি আমাৰ ফালে আহিছে। মই কিংকৰ্তব্যবিমোৰ, এফালে মাইনাক ধুৱাবলৈ সাজু, ইফালে আকৌ কোন ওলালহি! ওচৰ চাপি অহাত দেখিলো আমাৰ হোষ্টেলৰ চিনিয়ৰ ৱাকিফদা।
মনটো উঠলি উঠিল। ২০০২ৰ পাছত পূৰা ১৪বছৰৰ পাছত হোষ্টেলৰ বাহিৰত, হাইস্পীড বাইপাছৰ কোৱাল গতিতো চিনি পাই গাড়ী ৰখাই মাত দিবলৈ কাষ চাপি অহা দাদাজনক সাৱতি ধৰিলো। (ইফালে মাইনাৰ পৰিস্থিতি সলনি হোৱা দেখি নুধুৱাকৈয়ে পেণ্ট পিন্ধি দিও নেকি অৱস্থা!)
গাড়ীত থকা মা আৰু শ্ৰীমতীক দাদাৰ সৈতে চিনাকি কৰি দিলো। দাদা এতিয়া ইউৰোপত, ৱাকিফদাই সোধৰাই দিলে, অ' বেলজিয়ামত।
মই শ্ৰীমতীক উদ্দেশ্যি ক'লো-"ইঞ্জিনীয়াৰিঙ কলেজৰ ইলেকচনৰ দিনা পিন্ধি যাবলৈ তেতিয়া মোৰ ভাল চোলা নাছিল বাবে সিদিনা নিজৰ নতুন চোলা পিন্ধাই পঠাইছিল বুলি কৈ থাকো যে, দাদাজন এইজনেই!"
দূৰত্ব-সময় আদিয়ে কেতিয়াও মচিব নোৱাৰা হৃদয়ত সাঁচি ৰখা সেই আন্তৰিক মৰমৰ অমূল্য 'স্মৃতি'ডোখৰ যেন পুনৰ সজীৱ হৈ উঠিল। তেওঁলৈ মনৰ কোণত সাঁচি ৰখা কৃতজ্ঞতাৰ ফুলপাহ এইদৰেই বাটৰ দাঁতিতে তুলি দিবলৈ পাই মনটো ভৰি পৰিল। দাদাৰ উমাল হাতখন জোৰকৈ খামুচি ধৰিলো, দুচকুৱেও সঁহাৰি দিলে...দুকোণত দুটোপাল যেন আনন্দৰ চকুপানী!
No comments:
Post a Comment